কথা-গল্পঃ পঢ়ক প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
কঠনা ফুলৰ ৰং
— মনালিছা শইকীয়া, বোকাখাত৷
' ঐ মধুৰি খাবি '! হালি পৰা মধুৰি গছৰ ডালটোত পেট পেলাই শুই থকা বিনয়ৰ মাতত নয়নাই কাপোৰ জাপি থকাৰপৰাই মূৰ দুপিয়াইছিল। বিনয়হঁতৰ ওচৰতে নয়নাৰ ককাকৰ ঘৰ। বিনয়ৰ মাকে নয়নাক মৰমো কৰে আৰু সৰুসুৰা ইটো সিটো কাম কৰিবলৈ শিকাইও দিয়ে। তেখেতে নিজৰ খোৱাৰ ভাগৰ অকণমান হ'লেও নয়নালৈ থৈ দিয়ে। বিনয়ৰ পঢ়া টেবুলখন চাফা কৰা , কিতাপবোৰ জাপি থোৱা (কেতিয়াবা নয়নাৰ এনেকুৱা লাগে বিনয়ে যেন কৰোঁ বুলিয়ে টেবুলখনৰ কিতাপবোৰ বিশৃংখল কৰি থৈ দিয়ে!), মাকে চপাই আনি থোৱা কাপোৰবোৰ ধুনীয়াকৈ জপা (নয়নাই এই কামটো তেতিয়াই বৰ নিয়াৰিকৈ শিকি লৈছিল), এইবোৰ আছিল বিনয়হঁতৰ ঘৰত নয়নাৰ নিত্য নৈমিত্তিক কাম। চুবুৰীটোৰ সকলোবোৰ ল'ৰা ছোৱালী প্ৰায়ে আবেলি সময়খিনিত বিনয়হঁতৰ চোতালখনত হাইগুদু, বন্দী বন্দী, পিথু, ঘিলা খেলিবলৈ গোট খাইছিল আৰু সংখ্যা কম হ'লে সিহঁতে তাত চোৰ ডকাইত, পুলিচ পুলিচ অথবা লুডু খেলিছিল আৰু পেট ভৰি যোৱাকৈ মধুৰিবোৰ খাইছিল। লাহে লাহে সিহঁতবোৰ ডাঙৰ হৈ আহিছিল। খেলৰ লগবোৰ কমি গৈছিল। নয়নাৰ লগৰ কেবাজনীও নোৱাই তোলনি বিয়া হোৱাৰবাবে খেলিবলৈ নহা হৈছিল। নয়না কিন্তু বিনয়হঁতৰ ঘৰলৈ সদায় একেদৰেই আহিছিল। বিনয়ৰ মাকৰ লগত কাম কৰিছিল, কথা পাতিছিল আৰু বিনয়ে আনি দিয়া মধুৰি খাইছিল। বিনয়ৰ মাকে তাইক তাহাঁতৰ পৰিয়ালৰ মানুহৰ দৰেই মৰমত আতোলতোলকৈ ৰাখিছিল।
'ঐ বিনয়, কৰৈয়নীলৈ যাবি নেকি আহ' বুলি নয়নাই ডাঙৰকৈ চিঞৰ এটা মাৰিলে। সিদিনা সিহঁতৰ স্কুল বন্ধ আছিল। নয়নাৰ ককাকে কৰৈয়নী পথাৰত থকা আলু খান্দিবলৈ মানুহ লগাইছেবাবে তাই চাহ জলপানলৈ তালৈ যাবলৈ ওলাই আহিছে। তাইৰ মাতত বিনয় লাহেকৈ ওলাই আহিল বাৰান্দালৈ। সি যাম বুলি কোৱাত তাই অকণমান ৰৈ দিলে ঠাইতে। তাহাঁত গৈ কৰৈয়নী পায়গৈ মানে বেলি মূৰৰ ওপৰ পালেহি। মৰহি যোৱা আলুগছৰ খলবোৰত ককাকে নাঙলটোৰে খান্দি যাওঁতে গোটে গোটে জিলিকি উঠা আলুবোৰ দেখি নয়নাৰ মনটো আনন্দত নাচি উঠিল। ককাকে কৈ যোৱা বহুত পুৰণা দিনৰ কথা শুনি নয়নাহঁত অভিভূত হৈ যায়। সাধু সাধু যেন লাগে কথাবোৰ। নয়নাৰ মাকহঁতে হেনো আলু খান্দিবলৈ গৈ তাতে চৌকা জ্বলাই, কেৰাহী পাতি আলুবোৰ গাখীৰত সিজাই খাইছিল। তাহাঁত দুয়োটাই সেইদিনা আলু খান্দিলে, কাষতে থকা নদীখনত মাছ ধৰিলে, নদীৰ পাৰত বহি বালি ঘৰ সাজিলে আৰু লাহে লাহে বিনয়ৰ হাতত ধৰি নদীখন পাৰহৈ নয়নাহঁত সিপাৰ পালেগৈ। ককাকে এই পাৰৰ পৰাই চিঞৰিলে দূৰলৈ নাযাবি। সিপাৰৰ গড়াটোত খুপি খুপি উঠিয়ে নয়না হালধীয়া ফুলেৰে জকমকাই থকা সৰিয়হ ডৰালৈ দৌৰ মাৰিলে। 'দুয়োহাত মেলি দিয়া সৰিয়হ ফুলাৰ গান শুনা' বুলি নয়নাই বিনয়ক নি সৰিয়হ ডৰাৰ মাজ পোৱালেগৈ। ফুলি উঠা উলু বনবোৰ ছিঙি ছিঙি তাহাঁত দুয়োটা জনজাতি মানুহৰ চাং ঘৰবোৰৰ কাষ পালেগৈ।
'ইছ মানুহবোৰ ৰাতি চাং ঘৰত কেনেকৈ থাকে বাৰু' - তাইৰ প্ৰশ্নৰ উত্তৰত বিনয়ে তাইক সেই মানুহবোৰৰ জীৱন কেনেকৈ চলে বিজ্ঞৰ দৰে বুজাই দিলে। হঠাতে তাইৰ বিনয়ক বৰ ডাঙৰ মানুহ যেন ভাৱ হ'ল। তাইক হাতত ধৰি এই পাৰলৈ লৈ অনা সৰু ল'ৰাটো হঠাতে নোহোৱা হ'ল। অজান অবুজ মায়াৰে তাইৰ মনৰ দাপোনত বিনয় এজোপা ছাঁ দিব পৰা গছৰদৰে যেন তাইৰ কাষত ঠিয় দি আছে! নয়না উচপ খাই উঠিল।
: কি হৈছে তোৰ ?
: একো হোৱা নাই। ব’ল যাওঁগৈ!
: কছোন কি হৈছে!
: যাওঁগৈ আহ ! ককাই গালি দিব নহ’লে!
নয়নাৰ তাৎক্ষণিকভাৱে সলনি হোৱা মুখখনলৈ চাই বিনয় নিৰ্বিবাদে অহা আলিটোৱেদি উভতি খোজ ল’লে আৰু আলফুলকৈ হাতখনত ধৰি নয়নাক এইপাৰলৈ পাৰ হোৱাত সহায় কৰি দিলে। নয়না কিন্তু সংকুচিতহৈ পৰিল। উছাহবোৰ , হেপাঁহবোৰ ক’ৰবাত থমকিল। লাহ দিয়া বেলিটোৰ পোহৰত জিলিকি উঠা বাটৰ কাষৰ কঠনা ফুলবোৰৰ শুভ্ৰতাই তাইক সোঁৱৰাই গ’ল বনৰীয়া হ’লেও ফুলবোৰৰ নিজস্ব সৌন্দৰ্য আছে। আনক ছাঁ দিব পৰাৰ শক্তি আছে।
‘নয়না বা তোমাক মায়ে মাতিছে’ – মামাকৰ ছোৱালী জুমনৰ মাতত নয়না চক্ খাই উঠিল। কিমান সময় হ’ল বাৰু তাই এনেদৰে গড়াটোত বহি থকা! বেলিটো বাঁহনিৰ সিপাৰলৈ লাহ দিলে। নয়না লাহেকৈ উঠি ভৰি কেইটা পানীত জুবুৰিয়াই দিলেগৈ। গড়াটোৰ পাৰত কচু , ঢেকীয়া, বিহলঙনিবোৰ এডাল দুডাল এতিয়াও আছে। অনামী এক শীতল অনুভৱে তাইৰ ভিতৰৰ মানুহজনীক অকণমান কঁপাই তুলিলে। খুপি খুপি তাই কৰৈয়নী পথাৰৰ টিকাটোলৈ উঠি আহিল। টিকাৰ মাটিখিনি এতিয়া এনেয়ে ছন্ পৰি আছে। কৰৈ আৰু এজাৰ গছেৰে আৱৰি থকা হোলাটো একেদৰেই পৰি আছে যদিও তাত মৰাপাট গোৰোৱা অঁহীয়া অঁহীয়া গোন্ধটো নাই। বেলিৰ পোহৰ পাৰ নোহোৱা জয়াল বাঁহনিডৰা গাত ৰ’দ লগাকৈ তেনেই মুকলি হৈ পৰিল। জেতুলীপকাবোৰো নোহোৱা হ’ল। আলু খান্দিবলৈ বুলি বিনয়ক পথাৰলৈ লৈ অনা তেতিয়াৰ কেঁচা আলিটো পৰ্যটন উদ্যোগৰ বিকাশৰ নামত এতিয়া পকা হ’ল।। নয়নাৰ মনটো সেমেকি উঠিল। কঠনা ফুলৰ ৰং সানি কথাবোৰহে আজিও তাইৰ বুকুত ফুলি থাকিল।