কথাগল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
আত্মকথা
— মনালিছা শইকীয়া, বোকাখাত।
অন্ধকাৰ গলিটোৰ ভিতৰৰ পৰা নিৰুদ্বেগ খোজেৰে, ভাৱলেশবিহীনভাবে অনল লাহে লাহে ওলাই আহি মূল পথটোত উঠিলহি। তাৰ লক্ষ্যস্থান পাবলৈ এতিয়াও কিছুদূৰ বাকী আছে। গুমটি এখনত সোমাই সি দুখনমান তামোল কিনিলে। বাটত দৰকাৰ হ'ব। অট’ এখন হাত দাঙি ৰখাই সি চালকজনক বাছ ষ্টেণ্ডলৈ যাবলৈ নিৰ্দেশ দিলে। ভাৱলেশহীন যেন দেখিলেও অনলৰ অন্তৰৰ নিভৃত কোণত ইতিমধ্যে আৰম্ভ হৈছে ভাবৰ অসংখ্য সৰু-বৰ ঢৌ। বাছ ষ্টেণ্ড পায়েই সি অট’ চালকক ভাৰাটো দিলে আৰু তাৰ নিত্য প্ৰয়োজনীয় বস্তু কেইপদেৰে ভৰা বেগটো পিঠিতলৈ টিকট কাউণ্টাৰত থিয় দিলেগৈ। কিমান দিনৰ মূৰত যে আজি সি উজনিমুৱা বাছত উঠিব! টিকটতো হাতত লৈয়ে সি নিজৰ ছীটটোত অলসভাৱে বহি পৰিল। চকুৰ কোণ দুটা সেমেকি উঠিল। আস্ নিজৰ ঘৰখনলৈ যোৱাৰো ইমান সীমাহীন আনন্দ! বিগত দিনৰ অনাহুত আলস্যতাই এতিয়া আৰু তাক কোঙা কৰিব নোৱাৰে। বেগটো লাহেকৈ পিঠিৰ পৰা খুলি ওপৰৰ ৰেক্ ডালতথৈ পুনৰ সি ছিটটোত বহি পৰিল। তাৰবাবে আজিৰ দিনটো আবেগ আৰু আনন্দৰ মধুময় ক্ষণ। আজি সি ঘৰলৈ যাব। তাৰ ঘৰলৈ! মাকৰ কাষলৈ!!
বাছখন লাহে লাহে চলিবলৈ আৰম্ভ কৰিছে। অলেখ স্মৃতিকাতৰতাই তাক অস্থিৰ কৰি তুলিছে। এৰি অহা দিনবোৰৰ অলেখ দুঃসহ স্মৃতিয়ে সুখৰ উৎসবোৰ তেনেই মোহাৰি পেলালে। হৈ যোৱা ঘটনাবোৰ! যিবোৰ ঘটনাক উলাই কৰি তাৰ জীৱন ৰথ এদিনো নচলে, সেইবোৰ জানো পাহৰিব পাৰি! সেইবোৰৰ পৰা জানো আঁতৰি থাকিব পাৰি! বহুদিনৰ পাছত আজি সি নিজৰ ঘৰখনলৈ উভতি আহিছে। কথাবোৰ চেৰেকীত লেটিয়াই থোৱা জঁট লগা সূতা নেছাৰদৰে। ভাবিবলৈ, আঁত উলিয়াবলৈ বৰ কষ্ট। কাৰ প্ৰৰোচনাত পৰি সি জীৱনৰ সুশৃংখল বাটটোৰ পৰা পলায়ন কৰিছিল! কিহে তাক প্ৰেৰণা যোগাইছিল সেই অস্বচ্ছ অস্পষ্ট বাটটোত খোজ দিবলৈ! হাতত ধৰি নিনিলেও দুখনমান হাতে তাক টানি আছিল! যি কেইখন ৰুগ্ন হাতক সাৰথি কৰি সি সপোনৰ জোনাকী বাট দেখিছিল। মাকে বৰ কষ্টৰে, সযতনে গঢ় দিয়া সেন্দূৰীয়া বাটতো কণ্টকময় বুলি ভাবি সি নিজ খেয়াল খুচিমতে কাৰো হকা-বধা নামানি অবাটে বাট বুলিছিল। আচলতে নিকটতম দুই এজনৰ বাদে কথাটো সি কাকো জানিবলৈকে নিদিলে। অসহ্য বেদনাৰ গভীৰ হুমুনিয়াহ এটা নীৰৱে সৰি পৰিল। চকু দুটা জোৰকৈয়ে মুদি দিলে সি। ভাগৰ আৰু ভাবৰ প্ৰশান্তিত কেতিয়ানো তাৰ টোপনি আহিল সি গমকে নাপালে।
: দাদা উঠক। আপোনাৰ নামিবৰ হৈছে।
গাড়ীৰ হেণ্ডিমেনজনৰ মাতত অনলে যেতিয়া চকু মেলিলে তেতিয়া পূবে ধলফাট দিছে। সি ছীটৰপৰা থিয়হৈ গাৰ কাপোৰজোৰ অলপ টানি-টুনিলৈ ৰেকডালৰপৰা বেগটো নমাই আনি পিঠিত আঁৰি ল’লে। ঘাইপথৰ পৰা অলপ দূৰ সোমাই আহিয়েই তাহাঁতৰ গাঁওখন। গাঁৱলৈ সোমাই যোৱা পথৰ দাঁতিত অনল গাড়ীখনৰ পৰা নামি লাহে লাহে ঘৰলৈ বুলি খৰকৈ খোজ দিলে। যোৱা ৰাতিৰ বিক্ষিপ্ত চিন্তাবোৰে আজি আৰু তাক অস্থিৰ কৰি তোলা নাই। গভীৰ প্ৰশান্তিৰে যোৱা টোপনিটোৱে তাৰ মনটো পূবৰ হেঙুল আকাশখনৰ দৰেই ফৰকাল কৰি পেলালে। আজি তাৰ ভাবৰ সাগৰখনো নিশ্চুপ, নিস্তৰংগ। বহুত বছৰৰ পাছত তাৰ ঘৰখনলৈ বুলি এই খোজ কেইটা। শৈশৱ কৈশোৰৰ ধূলি-বালিৰে লেটিলৈ জীৱনটোক জীৱনমুখী কৰি তোলা এইখন অতি মৰমৰ বকুলতল গাঁও। গাঁওখনলৈ সোমোৱা বাটৰ মুখতে থকা দুজোপা বৃহৎ বকুল গছৰ নামেৰেই গাঁওখনৰ নাম। আওপুৰণি এই বৃহৎ গছ দুজোপা আজিলৈকে ধুমুহা বৰষুণেও উভালি পেলাব পৰা নাই। তদুপৰি সিহঁতৰ গাঁৱৰ প্ৰত্যেকঘৰ মানুহৰ পদূলিত একোজোপা বকুলগছ আছে বুলিব পাৰি। কাচিৎ দুই এঘৰ বাদ দি। ফুল ফুলাৰ দিনত গোটেই গাঁওখন সুবাসেৰে ভৰি থাকে। নাভাবোঁ বুলি ভবা কথাবোৰে তাক বাৰে বাৰে আমনি কৰিছেহি। এৰা কিযে হৈ গ’ল জীৱনটো! সংগোপনে এটা হুমুনিয়াহ সৰি পৰিল।
সৱ বৰবাদ! জীৱন নামৰ বৃত্তটোত অঁকা ধুনীয়া ছবিবোৰ ঘূণে ধৰি তেনেই বৰবাদ কৰি পেলালে। কৈশোৰ যৌৱনৰ দুৱাৰদলি গৰকি সি ওলাল স্বাধীনতা বিচাৰি। স্বাধীনতা নামৰ স্বাভিমানী শব্দটোৰ অৰ্থ বুজিছিলনে বাৰু সি! অনলে কথাবোৰ নিজকে সুধি নিজেই উত্তৰ বিচাৰিলে। ওলাই যোৱাৰেপৰা আজিকোপতি সি ভাবি থাকে সেই একেটাই কথা। কিয় সি স্বাধীনতাৰ অন্বেষণ কৰিবলগা হ’ল! সংগ্ৰাম কি! সংগ্ৰামী সত্তা কি! সেয়া জানো সি সন্মুখত দেখা নাছিল! দেউতাকৰ অকাল মৃত্যুৰ পাছৰেপৰা মাকে কৰা সংগ্ৰামখন সি বুজি নাপালে। চিনিও নাপালে মাকৰ ভিতৰত লুকাই থকা জীৱনমুখী সংগ্ৰামী সত্তাক। কেৱল মিছা আত্মদম্ভৰ পুতিগন্ধময় আসক্তিত ডুবগৈ সি সকলো হেৰুৱালে। কথাবোৰ যেতিয়া বুজি উঠিছিল, বাটবোৰ যেতিয়া চিনি পাইছিল তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল। কালৰ বুকুত বিলীয়মান হোৱা ক্ষণবোৰ উভতাই আনিবলৈ সি অক্ষম। জীয়াই থকাৰ বাট কণ্টকময়, ঘূৰি অহাৰ পথ ৰুদ্ধ। সেই বাটত বিচাৰি পোৱা স্বাধীনতা নামৰ সোণালী জৰি ডালে তাক পৰাধীনতাৰ গহ্বৰলৈ ঠেলি দিলে। সেয়া কেৱল অনলৰ চিন্তা নহয়। ক্ৰমাৎ সেই বাটত ভৰি থোৱা বহুজন সতীৰ্থৰ মোহভংগ হৈছিল। তাহাঁতৰ বুকুত জন্ম হৈছিল আন এক বিপ্লৱী সংগ্ৰাম। বঙহে বঙহৰ তেজ পি খোৱা ভয়ানক খেল খনৰপৰা আঁতৰ হৈ অহাৰ সকলো পথ বন্ধ হোৱাৰ পাছতো অনলে নীৰৱে বাট চাইছিল সেই সু ক্ষণলৈ।
তথাকথিত স্বাধীনতা নামৰ সুস্বাদু ফলটোত একামোৰ দিবলৈ যি আশা আৰু আগ্ৰহেৰে এদিন সি ওলাই গৈছিল তাতকৈ দুগুণ উৎসাহ আৰু উদ্দীপনাময় মন এটালৈ অনল আজি উভতি আহিছে নিজৰ ঘৰখনলৈ। তাৰ চৌপাশে জীৱনমুখী গীতবোৰৰ গুণগুণনি। এৰি অহা ক্ষণবোৰ দুঃস্বপ্ন বুলি ভাবিবলৈ সি কেতিয়াবাই আৰম্ভ কৰিলে। কথাবোৰ ভাবি ভাবিয়েই সি গাঁৱৰ মাজ পালেহি। যোৱাৰাতি নিশ্চয় বৰষুণ দিছিল! পুৱাৰ ৰ’দছাটি পৰি বকুলৰ পাতবোৰ মুকুতাৰ দৰে উজ্জ্বলি উঠিছে। অনলৰ ভাব হ’ল সেয়া যেন চকুপানীহে! তাৰ দৰে আন বহুজনৰ নিৰুদ্দেশ যাত্ৰাত লোৱা কোনো দুখঃজনক প্ৰস্তাৱত সেমেকি উঠা অসংখ্য চকুৰ কোণ। তাৰ মাকেও চাগে আজি ইমান বছৰে এনেদৰেই কান্দি আছে। তাৰ বুকুখন মোচৰ খাই গ’ল। আজিও বাৰু মাকৰ দুচকুৰে ববনে চকুপানী! কান্দি কান্দি কোটৰগত হোৱা চকু দুটাৰে তাক মাকে চিনি পাবনে? তৎমুহুৰ্ত্ততে মাকৰ কোলাত ঠাই ল’বলৈ অনল উদ্গ্ৰীৱ হৈ পৰিল।
“আই, মোৰ মৰমৰ আই! দুঃস্বপ্নৰ সময়বোৰ, নিৰ্লজ্জ আৱেগবোৰ, সমাপ্তিহীন বাক-বিতণ্ডাবোৰ দূৰলৈ দলিয়াই উভতি আহিছোঁ আজি তোৰ বুকুলৈ। আস্থা আৰু বিশ্বাসেৰে জিনিছো পুনৰ নিজক।” অজানিতে দুধাৰি চকুলোৱে অনলৰ দুগাল তিয়াই পেলালে। চকুদুটা মোহাৰি মোহাৰি দীঘল পদূলিটোৰে অনল সোমাই আহিল নিজৰ ঘৰলৈ।