কথা-গল্পঃ প্ৰতি বৃহস্পতিবাৰে মনালিছা শইকীয়াৰ নিয়মীয়া লেখা
চোলা
— মনালিছা শইকীয়া, বোকাখাত।
দুপৰৰ ভাত সাজ ৰান্ধি যতনাই থৈ বন্দনাই মূৰত গামোছা এখন লৈ পাছ চোতাল পালেগৈ। তমোময় ৰ'দ। গা দেই পুৰি নিয়া। ফটফটীয়া ৰ'দটোত খৰখৰীয়াকৈ শুকাই যোৱা কাপোৰবোৰ চপাই আনি বন্দনাই ভাঁজ নবহাকৈ আলফুলকৈ বিছনাখনতে থ'লে। শুকান কাপোৰৰ ফুৰফুৰীয়া গোন্ধটো নাকত লাগিলহি। দীঘলকৈ উশাহ এটা টানি তাই গোন্ধটোৰ ভিতৰলৈ যেন সোমাই যাব তেনে ভাবেৰে মুখখন গৰম কাপোৰখিনিত বৰ কোমলকৈ গুজি দিলে। ডাৱৰীয়া বতৰত মেঘৰ জালি কাটি ওলোৱা ৰ'দজাক সহ্য কৰিবলৈ বৰ টান যদিও ধোৱা কাপোৰবোৰ ধুনীয়াকৈ শুকায়বাবেই বন্দনাই এই ৰ'দজাক বৰ ভালপায়। ভৰ বাৰিষাৰ এইজাক ৰ'দে সেমেকা ঘৰ চোতালবোৰ অলপ সময়ৰবাবে হ'লেও ফৰফৰীয়া কৰি তোলে। ভাত খাবলৈ এতিয়াও বহুত সময় বাকী। ষ্টেণ্ড্ ফেন খনৰ চুইচটো অন কৰি দি তাই চকীখন টানি আনি আৰামত বহি ল'লে আৰু যতন কৰি ভাঁজে ভাঁজে কাপোৰবোৰ জাপিবলৈ ধৰিলে।
কাপোৰবোৰ জাপি জাপি বন্দনা সদায় অৱশ হৈ পৰে। ইমানবোৰ চোলা-কাপোৰ এদিনতে সদায় ক'ৰ পৰা জানো ওলায়! দিনটোত চাৰিটা মানুহৰ বাৰ জোৰ মান কাপোৰ সদায় ধুবলৈ থাকে। তাৰ লগতে বেডচিট, টাৱেল, ৰুমাল, গেঞ্জি এইবোৰতো আছেই। উহ্ বুলি কৈ তাই এইবাৰ চকীখন এৰি বিছনাখনতে ওপৰলৈ মুখখন কৰি পৰি দিলে। ৰ'দজাকৰ পৰা অহা সমস্ত ভাগৰখিনি যেন গাটোত ঘূৰ্ণায়মান হৈয়ে ৰ'ল। চিলিমিলি টোপনিৰ ভাব এটাই চকুৰ কাষত দোলা দিলে। বন্দনাৰ চৌপাশে ল'ৰালিৰ এজাক লগৰীয়া আহি থিয় হ'লহি। সিহঁতৰ কোঢ়ালত নিমাওমাও চোতালখন নিমিষতে সৰৱহৈ পৰিল। ৰবাব টেঙাৰ বল এটালৈ চুচেনে ইফালৰ পৰা সিফাললৈ দৌৰাদৌৰি কৰি আছে। বন্দনাই জুৰি, বেবি, ৰিজু, দীপা, ঋতু, বাবা, অনন্ত, বুবু, চুচেন বুলি এফালৰ পৰা নামবোৰ মাতি মাতি সকলোকে দুটা দল কৰিছে। টছ্ কৰিবলৈ বুলি ভঙা কলহৰ খোলাকটি এডোখৰ লৈ হুৰৰে বুলি চিঞৰ এটা মাৰি সকলো গৈ চুচেনৰ কাষ পালেগৈ। বন্দনা সাৰপাই খপজপকৈ বিছনাখনতে বহি দিলে। অকলে অকলে তাইৰ হাঁহি উঠি গ'ল। উফ্ দিবাস্বপ্ন! কিন্তু সঁচা সপোন। কথাবোৰ অতীত হ'ল। হাতৰ মুঠিত বান্ধি, বুকুৰ আঁচলত সামৰি থোৱা মধুৰ স্মৃতি।
ধন, মন আৰু দেউতাক স্কুলৰ পৰা অহালৈকে গোটেই সময়ছোৱা বন্দনা থমথমকৈ বিছনা খনতে অলসভাৱে পৰি থাকিল। সৰুকালৰ কথাবোৰে তাইৰ মনটো আকৌ আৱৰি ধৰিলে। কথাবোৰ বৰ ধুনীয়া আছিল। সিহঁতবোৰ তিনি কিলোমিটাৰ দূৰৰ স্কুলখনৰ পৰা খোজকাঢ়ি আহিও নাকে মুখে ঢাকি থোৱা ভাত কাঁহী গুজি দি কাৰোবাৰ ঘৰৰ চোতাল এখনলৈ দৌৰ দিছিল। পিথু, বন্দী, হাইগুদু, পেং লোৱা, মাৰ্বল, কড়ি, শিলগুটি আদিৰে আবেলিটো মুঠতে মুখৰ হৈ পৰিছিল। তাৰমাজতে দুবাল্টি মান পানী কঢ়িয়াই দিয়া, শাক পাত, কবি পুলিত পানী দিয়া, গৰু ছাগলী বান্ধিবলৈ সহায় কৰি দিয়া কামবোৰো আছিল। খেলি খেলি চোলা লেতেৰা হ'লে ঘৰত গালি শপনি খোৱাৰ যিহে জোৱাৰ উঠে ভাবিয়েই ভয় লাগে। চোলা বুলি কওঁতেই বন্দনাৰ চকুৰ আগেদি তড়িৎ গতিত ফুটুকা-ফুটুকি ৰং কিছুমান চলন্ত ৰেলৰ ডবাৰ দৰে পাৰ হৈ গ'ল। তাহাঁতৰ ফুটুকী পখিলাযেন ফ্ৰকবোৰত, চুচেনহঁতৰ গেঞ্জিবোৰত সমস্ত জগতৰ চেকা। বাৰীয়ে বাৰীয়ে তহলি ফুৰি সিহঁতবোৰে কত কিযে খাই ফুৰিছিল ভাবিলে মনটো আহ্লাদিত হৈ উঠে। বাৰীয়ে ঘৰে ঘূৰি ঘূৰি সন্ধিয়া চেকা লগা চোলাটোৰ চেকাখিনি কণমানি হাত দুখনেৰে ঢাকি সন্তৰ্পণে ঘৰৰ ভিতৰ সোমাইছিল। অৱশ্যে ধন মনৰ দৰে সিহঁতৰ সলাবলৈ বহুত চোলাও নাছিল। চেমিজ এটা বা পুৰণি ফটা চোলা এটা পিন্ধি ককাকৰ লগত সন্ধ্যা প্ৰাৰ্থনা গাইছিল " তুমি চিত্ত বৃত্তি মোৰ...।"
ককাক তাইৰবাবে আদৰ্শ পুৰুষ। ইতিহাসৰ মোমাই তামুলী চৰিত্ৰটো যেন ককাকেই! কি ঘৰ, কি বাৰী-পথাৰ! বাটৰ মানুহে ঘূৰি ঘূৰি চায়। সকলোতে নিয়াৰিকৈ কৰা কামৰ প্ৰতিফলন। সন্ধ্যা চাহ খাওঁতে ককাকে সদায় তাইৰ দিনটোৰ খতিয়ান লয়। দেশ, জাতি, সংস্কৃতি, পৰম্পৰা, ৰীতি-নীতি সকলো ককাকৰ নখ দৰ্পনত। পাণ্ডু কংগ্ৰেছ অধিৱেশনত গান্ধী বাপুক চাবলৈ ধনশিৰিমুখৰপৰা জাহাজেৰে গৈছিল। বাপুৰ কথা কৈ থকাৰ সময়ত প্ৰতিমুহুৰ্ত্ততে ককাৰ মুখৰ অভিব্যক্তি সলনি হৈছিল। কথাবোৰ শুনিবলৈ কেতিয়াবা এজন দুজনকৈ বহুত মানুহ গোট খাইছিল। দেশপ্ৰেম আৰু জাতীয়তাবাদী চিন্তা চৰ্চাৰে ককাই সকলোৰে মনবোৰ পুষ্ট কৰি ৰাখিছিল। সজ্জনক ভালপাবলৈ, সেৱা কৰিবলৈ শিকাইছিল। দুষ্টজনক বশ কৰাৰ অমোঘ মন্ত্ৰ দিছিল। কাহিলী পুৱাতে শুই উঠা ককাই ঘৰ আৰু পথাৰৰ সকলো কাম কাজৰ লগতে সমাজখনৰো সকলো কামৰ দায়িত্ব লৈছিল আৰু প্ৰতিটো নিশা এফাঁকি ঘোষা গাই বিছনাত পৰিছিল। ককাই আমাক কেৱল গান্ধী বাপুৰ কথাইযে কৈছিল তেনে নহয়। পঞ্চাশৰ বৰ ভূঁইকপ, বৃটিছৰাজ আদি কথাবোৰৰ লগতে জোনাকী নিশা অথবা শীতৰ সন্ধিয়াবোৰত বৰ ধুনীয়াকৈ ৰহণ লগাই সাধু কথাও কৈছিল।
তেনে কিছু সন্ধ্যা ককাই মৰাপাট গুণিয়াই থকাৰ সময়খিনিত আমি পঢ়া পাঠবোৰ বৰ মনোযোগেৰে শুনি পাঠৰ সাৰাংশ কৈছিল। আচলতে ককা আছিল সাধুৰ ভঁৰাল। ককাই গোৱা গীত, পদ, সাধুৰে উপচি আছিল শৈশৱৰ প্ৰতিটো সন্ধিয়া। ককা নিৰক্ষৰ আছিল। কিন্তু সেইজন ককাৰ আটাইকেইটি সন্তানে লিখা পঢ়াৰ সুযোগ পাইছিল। সমাজত প্ৰতিষ্ঠা লাভ কৰিছিল। বাতৰি শুনিবলৈ জিকা বেচা পইছাৰে ৰেডিঅ’ কিনি আনিছিল। ককা আছিল সেই সময়ৰ এজন ডাঙৰ খেতিয়ক। ককাই আমাক সকলো কাম নিজে কৰি খাৱলৈ শিকাইছিল। আমাক হাতে কামে অভিজ্ঞ কৰি তুলিছিল। (অৱশ্যে মই আজিও ভাৱো সকলো কথা বুজিব পৰাকৈ অভিজ্ঞ নহ'লো)। সেইজন নিৰক্ষৰ ককাই ৰেডিঅ' শুনিবলৈ আৰু বাতৰি কাকত পঢ়িবলৈ দি দি আমাক ৮৩ ৰ অসম আন্দোলনৰ প্ৰতিটো কথা জনাৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। অসুখীয়া আইতাক নতুন চৰকাৰখন গঠন হওঁতে ভোট দিবলৈ ঘৰৰপৰা কোলাত ডাঙি নিছিল। বহু পানী ব্ৰহ্মপুত্ৰৰ বুকুয়েদি বৈ গ'ল। সময় সলনি হ'ল। মোৰ বুকুত কথাবোৰ কেতেকী কথা হৈ থমকি ৰ'ল।
কথাবোৰ আৰম্ভ হৈছিল ৰ'দৰপৰা অনা শুকান কাপোৰত। হঠাত্ দেখা দিবাস্বপ্নত। য'ত শৈশৱৰ খেল আৰু চোলাৰ চেকাবোৰ সজীৱ হৈ পৰিছিল। চোলা বুলি কওঁতে বন্দনাৰ মনলৈ আন এটি ঘটনাও আহিল। ককাকৰ আদৰৰ নাতিনীজনীক ঘৰখনৰ আটাইবোৰ মানুহে মৰমৰ চকুৰে চোৱা নাছিল। নিজৰ সন্তানৰ প্ৰতিদ্বন্দী বুলি গণ্য কৰিছিল। সৰুতেই ঘাট-মাউৰা হোৱা বন্দনাক ককাক আইতাকে সকলো কামতে পাৰ্গত কৰি তুলিছিল। ককাকে দিয়া সকলো কাম, পঢ়া-শুনা আনকি ঘৰুৱা কামবোৰো বৰ নিয়াৰিকৈ কৰিব পাৰিছিলবাবে ককাকৰ লগতে গাঁওখনৰ সকলোৱে খুব মৰম কৰিছিল। যাৰবাবে মামীয়েকহঁতে বন্দনাক বৰ ভাল নাপাইছিল আৰু নিজৰ সন্তানহঁতৰ লগত তুলনা কৰি অস্বস্তিত পৰিছিল। এবাৰ এগৰাকী মামীয়েকে পূজাৰ সময়ত তাইকো বজাৰলৈ লৈ গৈছিল। ককাক আইতাকে কথাটোত বৰ সুখ পাইছিল। ভাবিছিল মামীয়েকে তাইলৈও কিবা এটা কিনিব! কিন্তু বজাৰত গৈ নিজৰবাবে বহুতখিনি কাপোৰ কিনাৰ পাছতো মামীয়েকে তাইক সাধাৰণ চোলা এটাও কিনি দিয়া নাছিল। মামীয়েকৰ হাতভৰ্ত্তি বজাৰখনত তাইলৈ চেমিজ এটাও নপৰিল। শুদা হাতে উভতি অহা কিশোৰীজনীৰ মানসিক অৱস্থাটো মামীয়েকে উপভোগ কৰা সেই মুহুৰ্ত্ততো আকৌ এবাৰ বন্দনাৰ মানসপটত সজীৱহৈ উঠিল। ককাক ক্ষুব্ধ হৈছিল। কিন্তু তেনে মানসিকতাৰ মানুহৰ সৈতে কথাৰ কটাকটি কৰাৰ সলনি পিছদিনা দেওবৰীয়া বজাৰৰপৰা ককাকে তাইলৈ চোলা এটা লৈ আহিছিল। সেয়াই তাইৰ ককাক। ধৈৰ্য আৰু ত্যাগৰ প্ৰতিভূ ককাকক তাই সদায় শ্ৰদ্ধাৰে স্মৰণ কৰে। বাহ্যিক দৃষ্টিত চোলাৰ ঘটনাতো অতি সাধাৰণ হ'লেও মানুহৰ মানসিকতা কিমান তুচ্ছ হ'ব পাৰে তাৰ পাঠ তাই তেতিয়াই আয়ত্ত কৰিছিল। ধনহঁত অহাৰ সময় হৈছিল। পুৰণি কথাবোৰে তাইক আকৌ এবাৰলৈ শক্তিশালী কৰি তুলিলে। লাহেকৈ তাই বিছনাৰপৰা নামিগৈ বাহিৰৰ দৰ্জাখন খুলি দিলেগৈ।