কৃষি বিজ্ঞান কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী মুৰুলীধৰ মোহল
পি এম কিষাণ আঁচনিৰ ধন বিতৰণৰ পোনপটীয়া সম্প্ৰচাৰৰ কাৰ্যসূচীত অংশগ্ৰহণ
প্ৰকাশ কুমাৰ বৰা, টীয়কঃ উত্তৰ প্ৰদেশৰ বাৰাউনসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰ কৃষক নিধিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰা উদ্দেশ্যে আয়োজিত অনুষ্ঠানৰ টীয়কৰ কলিয়াপানীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটত আয়োজিত পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সহযোগিতা, অসামৰিক বিমান পৰিবহন বিভাগৰ ৰাজ্যিক মন্ত্ৰী মুৰুলীধৰ মোহল। উল্লেখযোগ্য যে এই উপলক্ষত কৃষি বিজ্ঞান কেন্দ্ৰত আয়োজিত অনুষ্ঠানত জিলাখনৰ দুই শতাধিক কৃষকে এই অনুষ্ঠান উপভোগ কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰে মত বিনিময় কৰে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকী কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায়। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ উপৰিও মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ডঃ মনোৰঞ্জন নেওগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন পাঠককে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে ডাঃ প্ৰভাত বৰুৱাই, আদৰণি ভাষণ পাঠ কৰে কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ তত্বাবধায়ক ডঃ সঞ্জয় বৰঠাকুৰে। ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে বিজ্ঞান কেন্দ্ৰৰ চৌহদত এটি বকুল পুলি ৰোপন কৰে । অনুষ্ঠানটিত উপস্থিত থাকি মুৰলীধৰ মোহলে কয়, “তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকসকলৰ বিকাশ তথা হিতাৰ্থে প্ৰথম কৰ্ম সম্পাদন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি প্ৰায় ২০ হাজাৰ কোটি টকা কৃষকক প্ৰদান কৰিছে। আমাৰ দেশ কৃষিপ্ৰধান দেশ, কৃষকসকল সমৃদ্ধ হ’লেহে আমাৰ দেশ সমৃদ্ধিশালী হ’ব। সেয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষকৰ হিতৰ বাবে প্ৰথমেই চিন্তা কৰিছে।” আনহাতে অনুষ্ঠানৰ পৰা পোনে পোনে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী উপস্থিত হয় ঢেকীয়াখোৱা বৰনামঘৰত। ঢেকীয়াখোৱা বৰনামঘৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আশীৰ্বাদ লয়। ইয়াৰ পৰা হোলোঙাপাৰস্থিত লাচিত মৈদামত উপস্থিত হৈ সুউচ্চ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰে।