নাট্য-আখৰাৰ বাবে সাজু ৰাজলক্ষ্মী থিয়েটাৰ

নাট্য-আখৰাৰ বাবে সাজু ৰাজলক্ষ্মী থিয়েটাৰ

মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বৰ্ণিল নাট্য পৰিক্ৰমাত ন-পৰিকল্পনাৰে ২০২৪-২৫ নাট্যবৰ্ষত আত্মপ্ৰকাশ কৰিবলৈ ওলোৱা ৰাজলক্ষ্মী থিয়েটাৰে চলাইছে বিশেষ প্ৰস্তুতি। অৱশ্যে যিকোনো এখন থিয়েটাৰৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ মূলতেই হ’ল দৰ্শক-ৰাইজ আৰু আহ্বায়ক কমিটিৰ সঁহাৰি আৰু সহযোগিতা। ৰাজলক্ষ্মী থিয়েটাৰৰ ক্ষেত্ৰত লক্ষণীয় কথাটো হ’ল – প্ৰথম বর্ষতেই উজনিৰ পৰা নামনিলৈ বিভিন্ন আহ্বায়ক কমিটীৰ যোগাযোগ আৰু নাট্যপ্ৰেমী ৰাইজৰ সঁহাৰি নাট্যদলটোৰ বাবে এক উৎসাহজনক তথা ইতিবাচক দিশ৷ এই ইতিবাচক সঁহাৰি লৈয়ে ২০২৪-২৫ নাট্যবৰ্ষত ৰাইজৰ মাজলৈ আগুৱাই যাব ৰাজলক্ষ্মী থিয়েটাৰ৷ দৰ্শকৰ ৰুচিবোধক গুৰুত্ব দি নাট্য দলটোৱে এই বৰ্ষৰ বাবে নিৰ্বাচন কৰিছে দুজন জনপ্ৰিয় নাট্যকাৰৰ তিনিখন ভিন্নসুৰী নাট। নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ‘মনে মনে চাওঁ তোমাক’ আৰু ‘কুৰুক্ষেত্ৰৰ সৈনিক’৷ লগতে থাকিব বিশিষ্ট নাট্যকাৰ- অভিনেতা চম্পক শৰ্মাৰ ‘ঘাঁ’। নাট কেইখনৰ নাম প্ৰকাশৰ দিনৰে পৰাই দৰ্শকৰ মাজত এক কৌতুহলৰ সৃষ্টি হৈছে। নাটকেইখনৰ বাবে প্ৰয়োজনীয় সা-সঁজুলিৰ প্ৰাৰম্ভিক কাম সমূহ ইতিমধ্যেই আখৰা শিবিৰত চলি থকা বুলিও জানিবলৈ দিয়ে ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰে। প্ৰতিখন নাটকতে মঞ্চসজ্জাৰ পৰা আৰম্ভ কৰি লাইট, চেটিংছ, শব্দ বিভাগ, কাৰিকৰী কৌশল আদিকে ধৰি প্ৰতিটো দিশত গুৰুত্ব আৰোপ কৰা হ’ব বুলিও জানিবলৈ দিয়ে প্ৰযোজকে। এই বৰ্ষত নাট্য দলটোৰ অভিনয়ৰ দিশত আছে মঞ্চৰ বলিষ্ঠ অভিনেতা চম্পক শৰ্মা, নৱজ্যোতি কাশ্যপ, চন্দন ডেকা, জয়ন্ত শৰ্মা, হেমাংগ ৰাজ, দুলাল শৰ্মা, দেৱজিৎ ৰয়, অভিনেত্ৰী কল্পনা কলিতা, নন্দিনী কাশ্যপ, গীতাঞ্জলি বৰাৰ আদিৰ লগতে এদল মঞ্চাভিজ্ঞ নাট্য সৈনিক। নাট্য দলটোৰ শব্দ আৰু পোহৰ বিভাগত আছে মিথুন আৰু মণ্টু। অহা জুলাইৰ মাহৰ প্ৰথম পষেকৰ পৰা নাট্য দলটোৱে পাঠশালাস্থিত স্থায়ী আখৰা শিবিৰত প্ৰথম নাট্যবৰ্ষৰ আখৰাৰ শুভাৰম্ভ কৰিব বুলিও জনায় প্রযোজকে। নাট্য দলটোৰ সম্পাদকৰ দায়িত্বত আছে ভৱেশ দাস।

Related Posts

চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ “জীৱন বৈভৱ” উন্মোচন

চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ “জীৱন বৈভৱ” উন্মোচন কথা, কবিতা, নৃত্য-গীতেৰে মুখৰ হ’ল কাজিৰঙাৰ ছেৰেনিটি পুখুৰী পাৰ ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাৰ সমাজ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন…

কাজিৰঙাত পৰম্পৰাগত ‘জাহলি গীত’ৰ কৰ্মশালা

অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ আদৰণীয় পদক্ষেপ ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃসময়ৰ সোঁতত ক্ৰমাৎ হেৰাই যাবলৈ উপক্ৰম হোৱা চাহ জনগোষ্ঠীয়, আদিবাসীসকলৰ কিছু লোকাচাৰ, পৰম্পৰাগত ৰীতি-নীতি, গীত-মাত চৰ্চ্চাৰ মাজেৰে নৱপ্ৰজন্মৰ…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস