কি পৰিস্থিতিত বানাক্ৰান্তৰ সাহায্যৰ বাবে অহা ৫০০ কুইন্টল চাউল ৬ বছৰে জলসম্পদ বিভাগৰ গুদামত?
তদন্তৰ নামত কি চলিল?
বুবুল দত্ত, ৰাইজৰ খবৰ ডিজিটেলঃ এক-দুই কুইণ্টল নহয়, বোকাখাতত পঁচিচে ৫০০ কুইণ্টল চাউল। বান দুৰ্গতক বিলাবলৈ অনা চাউল পঁচিচে বোকাখাতৰ চৰকাৰী গুদামত।
হয়। বোকাখাতৰ চৰকাৰী গুদামত সম্প্ৰতি পঁচিচে ৫০০ কুইণ্টল চাউল। ৰাজহৰ ধনেৰে বান সাহায্যৰ বাবে আবণ্টিত এইখিনি চাউল বিগত ছটা বছৰে পঁচিচে বোকাখাতৰ জলসম্পদ বিভাগৰ গুদামত। বোকাখাত মহকুমা প্ৰশাসনৰ ৰহস্যজনক ভূমিকাৰ বাবেই সম্প্ৰতি ৫০০ কুইণ্টল বান সাহায্য গুদামত পঁচিচে।
এতিয়া বোকাখাতত বানাক্ৰান্তৰ হাহাকাৰ। অন্ন বস্ত্ৰ বাসস্থানৰ বাবে আনৰ হাতলৈ মুখলৈ চাব লগা অৱস্থা। স্বয়ং মুখ্যমন্ত্ৰী বোকাখাতলৈ আহি বোকাখাতৰ বানাক্ৰান্তক সাহায্য প্ৰদানৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহ’ব বুলি উল্লেখ কৰি গৈছে। এই সময়ত পুনৰ পোহৰলৈ আহিছে বোকাখাতত বান সাহায্যৰ ক্ষেত্ৰত গাফিলতিৰ এক ঘটনা। সেয়া আছিল ২০১৯ চনৰ কথা। তেতিয়াই বোকাখাতত বান সাহায্যৰ বাবে আহিছিল ১০০০ কুইন্টল চাউল। ইয়াৰে বানাক্ৰান্তৰ মাজত বিতৰণ কৰা হৈছিল ৫০০ কুইন্টল। ৰহস্যজনক ভাৱে মহকুমা প্ৰশাসনৰ গুদামত নহয়, সেই চাউল জমা কৰা হৈছিল জলসম্পদ বিভাগৰ গুদামত। ইতিপূৰ্বে ছটা বছৰত বহু কেইবাৰ বানপানী পাৰ গ’ল। কিন্তু, এতিয়াও কুইণ্টেলে কুইণ্টেলে চাউল পঁচিচে বোকাখাতৰ এই গুদামত৷ বোকাখাত মহকুমা প্ৰশাসনে বানাক্ৰান্তক দিবলৈ অনা চাউল ২০১৯ চনৰেপৰা পঁচি আছে জলসম্পদ বিভাগৰ এই গুদামটোতে৷ ব্ৰহ্মপুত্ৰৰ বলীয়া বানত পৰি বন্যাৰ্ত ৰাইজে যি সময়ত এমুঠি অন্নৰ বাবে হাহাকৰ কৰিব লাগিছে, সেই সময়ত বোকাখাতৰ এটা গুদামত কুইণ্টলে কুইণ্টলে চাউল পৰি আছে আলাইআথানি হৈ। সেই সময়ৰ মহকুমাধিপতি বিবেক শ্যামৰ নিৰ্দেশতেই চাউলখিনি আনি গুদামটো মজুত কৰি ৰাখিছিল। কিন্তু, বানাক্ৰান্তৰ বাবে অনা চাউলখিনি কি কাৰণত বিতৰণ নকৰি আজিও গুদামটোতেই পেলাই থ’লে সি ৰহস্যৰ আৱৰ্তত। পৰৱৰ্তী সময়ত ডা° নেহা যাদৱ মহকুমাধিপতি হিচাপে বোকাখাতলৈ আহিল যদিও সংবাদ মাধ্যমে দৃষ্টিগোচৰ কৰাৰ পিছতো তেৱোঁ একো ব্যৱস্থা গ্ৰহণ নকৰিলে। বৰ্তমান বোকাখাত মহকুমাত বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তো বোকাখাত মহকুমা প্ৰশাসনে কিয় আজিও একো ব্যৱস্থা গ্ৰহণ নকৰিলে? ইয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে? যি সময়ত বনাৰ্ত্যই এমুঠি চাউলৰ বাবে হাহাকাৰ কৰিব লগা হৈছে সেই সময়ত বোকাখাত মহকুমা প্ৰশাসনে জলসম্পদ বিভাগৰ গুদামটোত কুইণ্টলে কুইণ্টলে চাউল আজি ছবছৰে কিয় পঁচাই ৰাখিছে সি ৰহস্যজনক। বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তো বোকাখাত মহকুমা প্ৰশাসনে কিয় আজিও একো ব্যৱস্থা গ্ৰহণ নকৰিলে? ২০২২ চনত এই বিষয়টো বোকাখাতৰ সাংবাদিকে পোহৰলৈ আনিছিল। ২০২১ চনৰ ২১ জুলাইত মহকুমাধিপতিৰূপে ডা° নেহা যাদৱে দায়িত্ব লোৱাৰ পাছতেই এই চাউলৰ তথ্য লাভ কৰিছিল। সংগ্ৰহ কৰিছিল এই চাউলৰ নমুনা। ২০২১ চনৰ ২৭ জুলাইত এই নমুনা প্ৰেৰণ কৰিছিল ফৰেণচিক লেবৰেটৰীলৈ। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া গৰাকীয়ে ফৰেণচিক লেবৰেটৰীৰ পৰা কোনো সদুত্তৰ নোপোৱা বুলি পাছত জানিবলৈ দিছিল। কিন্তু এই কথাৰ বিশ্বাসযোগ্যতাৰ সন্দৰ্ভত সন্দেহ থাকি গৈছিল। বিশেষকৈ বোকাখাতৰ বিধায়ক, অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাত। ইয়াতেই আইনী মেৰপেছত জলসম্পদ বিভাগৰ গুদামত ছবছৰ ধৰি বানাক্ৰান্তৰ বাবে অহা ৫০০ কুইণ্টল চাউল কিয় পৰি থাকিল সেয়াও চিন্তনীয়। ইফালে বোকাখাতৰ বৰ্তমানৰ উপ-জিলাৰ উপ-আয়ুক্ত চিমি কৰণ এই সন্দৰ্ভত জ্ঞাত হয়নে নহয় সেয়া জানিব পৰা হোৱা নাই।