ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ চলিত পোষণ মাহৰ লগত সংগতি ৰাখি পুষ্টিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ উদ্যোগত বোকাখাতৰ সাপজুৰি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে অনুষ্ঠিত কৰা সাপ্তাহিক পোষণ বজাৰত আজি অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি দপ্তৰৰ মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অতুল বৰাদেৱে।
মন্ত্ৰীগৰাকীয়ে এই উপলক্ষে আয়োজন কৰা স্থানীয় মহিলা শিল্পীৰ দ্বাৰা বাটৰ নাট আৰু পুষ্টিকৰ খাদ্যৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে আনুষ্ঠানিকভাৱে শিশু আৰু মহিলাৰ মাজত উপহাৰ আৰু পুৰস্কাৰো বিতৰণ কৰে।
মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত আজিৰ অনুষ্ঠানৰ লগত জড়িত সংশ্লিষ্ট সকলো বিভাগক সম্ভাষন আৰু শুভেচ্ছা জনোৱাৰ লগতে চৰকাৰী বিষয়াসকলৰ এই প্ৰয়াসৰ শলাগ লয়। সমাজখনত পুষ্টিৰ বিষয়ে সজাগতা গঢ়ি তুলি ইতিবাচক প্ৰভাৱ আনিবৰ বাবে সংশ্লিষ্ট সকলো বিভাগে প্ৰতিটো অঞ্চলৰ পৰিয়ালক সামৰি ল’বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
আজিৰ এই কাৰ্যসূচীত শিশু উন্নয়ন প্ৰকল্প বিষয়া, ছুপাৰভাইজৰ, অংগনৱাড়ী কৰ্মী, সহায়িকা, সমাজ কল্যাণ বিভাগৰ অন্যান্য বিষয়া, সহকাৰী খণ্ড উন্নয়ন বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা, সহকাৰী বিডিঅ’, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, চিকিৎসা বিষয়া, বোকাখাত মহকুমা প্ৰশাসনৰ বিষয়া আৰু স্থানীয় ৰাইজে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে।