নাঙল যাৰ, মাটি তাৰ শ্ল’গানেৰে জনগণক নেতৃত্ব দিয়া কমিউনিষ্ট নেতা বলো বৰাৰ দেহাৱসান
বুবুল দত্ত/নবীন দাস, ৰাইজৰ খবৰ ডিজিটেলঃ বিশিষ্ট বাওঁপন্থী নেতা বলো বৰাৰ মংগলবাৰে দেহাৱসান ঘটে। বিগত এটা মাহে অসুস্থ হৈ থকা বলো বৰা মংগলবাৰে দিনৰ ভাগত ঢুকাল। মৰিয়াহোলাৰ খাটিখোৱা মানুহৰ কণ্ঠ হিচাপে থিয় দিয়া আজীৱন কমিউনিষ্ট নেতা বোকাখাতৰ কুৰুৱাবাহী নিৱাসী বলো বৰাৰ আছিল এক আপোচবিহীন কণ্ঠ৷ অঞ্চলটোৰ বিভিন্নজনে একমুখে বলো বৰা যে জনগণৰ কণ্ঠ সেই প্ৰসংগটো স্বীকাৰ কৰিছিল৷ কাৰণ, কেইবা দশকৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছিল ঐতিহাসিক মৰিয়াহোলাৰ এক বৃহৎ অঞ্চল৷ কিন্তু, নদীয়ে খেদা মানুহজাকৰ কৰুণ বিননি শুনিবলৈ যেন আহৰি নাছিল চৰকাৰী যন্ত্ৰটোৰ৷ অঞ্চলটোৰ খাটিখোৱা, মেহনতী মানুহজাকে চৰকাৰৰ ওচৰত কাকূতিমিনতি কৰিলেও যেন সংশ্লিষ্ট চৰকাৰী ব্যৱস্থাটোৱে কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছিল৷ খহনীয়া প্ৰতিৰোধৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰি কেৱল ভোটবেংকৰ ৰাজনীতিৰে অঞ্চলটোৰ অজলা মানুহবোৰক ভালৰি বুলাইছিল চৰকাৰী পক্ষই৷ কিন্তু, চৰকাৰী পক্ষৰ ছলচাতুৰী সাধাৰণ জনগণৰ সন্মুখত তুলি ধৰিবলৈ বিভিন্নজনৰ লগতে কমিউনিষ্ট নেতা বলো বৰাই সন্মুখৰ পৰা নেতৃত্ব দিছিল৷ বহু সুবিধাবাদী, ছদ্মবেশী কমিউনিষ্টৰ ধ্যান ধাৰণাক নস্যাৎ কৰি বলো বৰাৰ দৰে বিভিন্নগৰাকীৰ সংগ্ৰামে স্বীকৃতি পালে৷ অৱশেষত ৰোধ হ’ল অঞ্চলটোৰ খহনীয়া৷ ঐতিহাসিক মৰিয়াহোলা বৰলুইতৰ বুকুত জাহ গ’লেও নদীয়ে খেদা মানুহজাকৰ অন্তহীন হাহাকাৰ অৱস্থাৰ যেন কিছু শাম কাটিল৷ খহনীয়া প্ৰতিৰোধ হ’ল ঠিকেই৷ কিন্তু, শোষণ চলিয়েই থাকিল৷ এই শোষণৰ বিৰুদ্ধেও সবলভাৱে নেতৃত্ব দিয়া বলো বৰাৰ নিজা বাসগৃহতে ৭১ বছৰ বয়সত মংগলবাৰে বিয়লি ৩-৩০ বজাত মৃত্যু ঘটিল। উল্লেখ্য যে বোকাখাতৰ কুৰুৱাবাহীৰ পৰঙণীয়া গাঁৱত জন্মগ্ৰহণ কৰা বলো বৰা ছাত্ৰাৱস্থাৰপৰাই মাৰ্ক্সবাদী ধ্যান ধাৰণাৰ প্ৰতি আগ্ৰহী আছিল। যোৱা শতিকাৰ ‘৭০ দশকৰ পৰাই আধুনিক কুৰুৱাবাহীৰ চিন্তক কমলেশ্বৰ ৰাজখোৱাৰ সান্নিধ্যলৈ আহি যুৱ সমাজকৰ্মী ৰূপে আত্ম পৰিচয় দাঙি ধৰিছিল বলো বৰাই৷ আনহাতে, ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে যোৱা শতিকাৰ ‘৭০ৰ দশকত আৰম্ভ কৰা সমবায় আন্দোলনৰ বোকাখাতৰ অগ্ৰণী যুৱে নেতা ৰূপে জ্যেষ্ঠ সকলৰ নেতৃত্বত স্থাপন কৰিছিল কুৰুৱাবাহী সমবায় সমিতিৰ।”নাঙল যাৰ মাটি তাৰ” শ্লগানেৰে ভূ-মালিক সকলৰ অতিৰিক্ত মাটি দুখীয়া কৃষকৰ মাজত বিতৰণ কৰাৰ এক আন্দোলনৰ নেতৃত্ব দিছিল বৰাই।কেৱল সেয়াই নহয়, লগে লগে আগবঢ়াই নিছিল সাংস্কৃতিক বিপ্লৱৰো। কুৰুৱাবাহী যুৱক সংঘ প্ৰতিষ্ঠা লগতো জড়িত প্ৰয়াত বৰাই সত্ৰৰ নামঘৰত উদযাপিত ৰাসক মঞ্চলৈ উলিয়াই আনিবলৈ চলোৱা সাংস্কৃতিক আন্দোলনৰ অংশীদাৰ আছিল। এগৰাকী বিশিষ্ট অভিনেতা বলো বৰাই কিছুদিন ভ্ৰাম্যমাণ নাট্যদলতো অভিনয় কৰিছিল। গতানুগতিক গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিৱৰ্তন বিচৰা বৰাই বিধানসভা নিৰ্বাচনতো ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হৈছিল। এইগৰাকী সংগ্ৰামী নেতা বলো বৰা শেহতীয়াকৈ অসুস্থ হ’ল৷ বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ থকা বৰা ৰোগাক্ৰান্ত হৈ থকাৰ সময়তে এক দুৰ্ঘটনাৰ সন্মুখীন হ’ল। পৰৱৰ্তী সময়ত চিকিৎসা কৰোৱাৰ অন্তত বিগত কিছুদিন ধৰি কুৰুৱাবাহীৰ নিজা বাসগৃহতে তেখেত চিকিৎসাধীন হৈ আছিল। মংগলে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কমিউনিষ্টগৰাকীয়ে৷ তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। ইপিনে, মংগলবাৰে বিয়লিৰ ভাগত নিজা বাসগৃহতে দেহাৱসান ঘটা ব্যক্তি গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে সহস্ৰাধিক গুণমুগ্ধৰ সমাবেশ ঘটে। মৌন শোভাযাত্ৰাৰে তেখেতৰ নশ্বৰ দেহ সপোনৰ কুৰুৱাবাহী যুৱক সংঘলৈ নিয়া হয়। তাতেই অঞ্চলটোৰ শতাধিক সংগঠনে শেষ শ্ৰদ্ধা তৰ্পণ কৰে। বকুল তল নামঘৰৰ, কুৰুৱাবাহী যুৱক সংঘ, ভাৰতৰ কমিউনিষ্ট পাৰ্টি, জ্যোতি প্ৰাথমিক, আৰ্যভট্ট প্ৰাথমিক, মিলিত শিল্পী সমাজ, কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, কুৰুৱাবাহী উচ্চতৰ, পৰঙণীয়া হাইস্কুল, কুৰুৱাবাহী মহিলা সংঘ, বোকাখাত ব্লক কংগ্ৰেছ, কুৰুৱাবাহী মণ্ডল কংগ্ৰেছ, অগপ, বিজেপিৰ স্থানীয় সংগঠন, কুৰুৱাবাহী মইনা পাৰিজাত, কুৰুৱাবাহী ভূমি সুৰক্ষা সমিতি, জীপাল কৃষক শ্ৰমিক সংঘ, তেজীমলা মহিলা সমিতি, কাজিৰঙা অধ্যয়ন চক্ৰ, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চ, খতিয়াখলি আঞ্চলিক শিল্পী সমাজ, নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থা, গোপালদেৱ নাট্য মন্দিৰকে ধৰি ভালেমান সংগঠনে শ্ৰদ্ধাঞ্জলি জনায়। অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সংস্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।