কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত উদ্‌যাপন ৰাষ্ট্ৰীয় শিক্ষা দিৱস-২০২৪

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত উদ্‌যাপন ৰাষ্ট্ৰীয় শিক্ষা দিৱস-২০২৪

সঁচা অৰ্থত গুণগত শিক্ষাৰ আহ্বান ড° জয়ন্ত দাসৰ

বোকাখাত, ১১ নৱেম্বৰঃ কেৱল সৰ্বস্তৰৰ শিক্ষাতেই সীমাবদ্ধ নাথাকি সঁচা অৰ্থত গুণগত শিক্ষাৰ আহ্বান জনাই আজি বোকাখাতত উদ্‌যাপন কৰা হয় ৰাষ্ট্ৰীয় শিক্ষা দিৱস-২০২৪৷ বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ, এন. এছ. এছ. ১ আৰু ২ নং গোটৰ সহযোগত শৈক্ষিক-সামাজিক-সাংস্কৃতিক অনুষ্ঠান কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত উদ্‌যাপন কৰা হয় এই দিৱসটি৷ অসম সংগীতেৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ এই অনুষ্ঠানৰ আঁত ধৰে কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক প্ৰিয়ংকা বেলোৱাৰ আৰু সাংগঠনিক সচিব তৰালি শইকীয়াই৷

কাজিৰঙা অধ্যয়ন চক্ৰই বিগত সময়ত কেনেকৈ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উত্তৰণৰ যোগেদি সমাজিক দায়বদ্ধতা পালন কৰি আহিছে সেই সন্দৰ্ভত প্ৰিয়ংকা বেলোৱাৰে উপস্থিতসকলক অৱগত কৰে৷ আনহাতে, তৰালি শইকীয়াই স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ কৰ্মৰাজীৰ আলোকপাত কৰাৰ লগতে University Grants Commission স্থাপন তথা আই আই টি স্থাপন কৰাৰ ক্ষেত্ৰত মৌলানা আবুল কালাম আজাদৰ ভূমিকা সন্দৰ্ভত ব্যাখ্যা কৰে৷ তৰালি শইকীয়াই লগতে উল্লেখ কৰে যে মৌলানা আবুল কালাম আজাদে আগবঢ়োৱা অৱদানৰ বাবেই ২০০৮ চনৰ পৰা ১১নৱেম্বৰ দিনটো মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে ঘোষণা কৰে।

বোকাখাতৰ জে. ডি. এছ. জি. মহাবিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ লগতে বোকাখাত জাতীয় বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই আগবঢ়োৱা আদৰণি ভাষণৰ যোগেদি ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ তাৎপৰ্য, বৰ্তমানৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে৷ সাম্প্ৰতিক চলি থকা শিক্ষা ব্যৱস্থাত কি কেৰোণৰ বাবে বহুক্ষেত্ৰত গুণগত শিক্ষাৰ পৰা আজিৰ পৰ্যন্ত বঞ্চিত হৈ আছে বুলিও ধ্ৰুৱজ্যোতি সাহাই নিজৰ বক্তব্যৰ যোগেদি উল্লেখ কৰে৷ ইপিনে, অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্যৰ যোগেদি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আধুনিক ভেটি স্থাপনৰ ক্ষেত্ৰত মৌলানা আবুল কালাম আজাদৰ আগবঢ়োৱা অৰিহণাৰ ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে৷

তেখেতে লগতে বৰ্তমানৰ প্ৰজন্মক অবাবত সময় নষ্ট নকৰি সপোন দেখাৰ সমান্তৰালভাৱে সেই সপোন বাস্তবায়িত কৰিবৰ বাবে কষ্ট কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়৷ আনহাতে, মহাবিদ্যালয়ৰে সহযোগী অধ্যাপক প্ৰশান্ত শইকীয়াই অনুষ্ঠানটিত শুভেচ্ছামূলক বক্তব্যৰ যোগেদি উচিত তথা গুণগত শিক্ষাগ্ৰহণৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে সমাজৰ কামত অহা ভাল হ’বলৈ আহ্বান জনায়৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত দাসে ৰাষ্ট্ৰীয় শিক্ষা দিৱস সন্দৰ্ভত সাৱলীল বক্তব্য আগবঢ়ায়৷

তেখেতে সাৰ্বজনীন শিক্ষাৰ প্ৰসংগ তুলি ধৰি বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ বহু ক্ষেত্ৰত যে গুণগত শিক্ষাৰ অভাৱ সেয়া স্পষ্ট কৰে৷ সমল ব্যক্তি ড° দাসে লগতে কয় যে মৌলানা আবুল কালাম আজাদৰ দৰে এগৰাকী মানৱতাবাদী, ভৱিষ্যদ্ৰষ্টা মনীষীৰ জন্মদিনটো উদ্‌যাপনৰ সমান্তৰালভাৱে কাজিৰঙা অধ্যয়ন চক্ৰই শিক্ষাৰ্থীৰ মাজত বিভিন্ন সময়ত অনা সজাগতা সমগ্ৰ সমাজ ব্যৱস্থাৰ বাবেই ইতিবাচক দিশ বুলি মন্তব্য কৰে৷ ড° জয়ন্ত দাসে কয় যে স্বাধীনতা যুঁজাৰু তথা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ প্ৰচেষ্টাতে দেশত বিজ্ঞানভিত্তিক শিক্ষাৰ মান উন্নীত হৈছিল, যিয়ে একবিংশ শতিকাৰ ভাৰতীয় সমাজক উন্নতিৰ শিখৰলৈ নিয়াৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে ইতিহাসে সদায়েই সোঁৱৰণ কৰিব৷

বোকাখাত জাতীয় বিদ্যালয়ৰ শিক্ষক মৌচুমী অধ্যাপক, কাজিৰঙা অধ্যয়ন চক্ৰৰ সাংগঠনিক সচিব মনজিৎ বৰুৱা তথা ছাত্ৰ-ছাত্ৰী, শিক্ষক, সমল ব্যক্তি, আমন্ত্ৰিত অতিথিৰ উপস্থিতিত কাজিৰঙা অধ্যয়ন চক্ৰৰ আন এগৰাকী সাংগঠনিক সচিব অজানিতা হাজৰিকাই নিজৰ বক্তব্যৰ যোগেদি আজিৰ অনুষ্ঠানটি সামৰে৷

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    গ্ৰন্থমেলাৰ তৃতীয় দিনাৰ ব্যতিক্ৰম কাৰ্যসূচী সম্পন্ন

    গ্ৰন্থমেলাৰ তৃতীয় দিনাৰ ব্যতিক্ৰম কাৰ্যসূচী সম্পন্ন