বন্যাৰ্তৰ কাষত জাতীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ

বন্যাৰ্তৰ কাষত জাতীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ বিভিন্ন খাদ্য সামগ্ৰী, বস্ত্ৰ আদিৰে বানে বিধ্বস্ত কৰা বানাক্ৰান্ত ৰাইজৰ দুখৰ সমভাগি হোৱা দেখা গ’ল শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘক। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ উদাৰ মানৱতাবাদী আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ সুবৃহৎ গণতান্ত্ৰিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ। জাতীয় অনুষ্ঠানটোৱে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱৰ সৃষ্টিৰাজি জগত সভালৈ বিলাই দিয়াৰ পৰিকল্পিত কাৰ্যক্ৰমণিকাৰ উপৰিও বিভিন্ন সময়ত দুৰ্গত সকলৰ কাষত থাকি সহায় -সহযোগ আগবঢ়াই আহিছে। বানে ধোৱা অসমৰ এই ভয়াবহ দুৰ্যোগৰ সময়ত বানত বিধ্বস্ত হোৱা বন্যাৰ্তৰ কাষত থাকি সহায়ৰ হাত আগবঢ়াই মানৱ দৰদী আদৰ্শৰে জাতীয় দায়িত্ব পালন কৰা দেখা গ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘক। সঙ্ঘৰ মহামান্য পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, মূল কাণ্ডাৰী কুশল ঠাকুৰীয়াই বানপানীয়ে জুৰুলা কৰা বন্যাৰ্তসকলৰ প্ৰতি সামান্য সহায়ৰ হাত আগবঢ়াবলৈ সঙ্ঘৰ প্ৰতিখন জিলা শাখালৈ জনোৱা আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৬ জুলাই শনিবাৰে বোকাখাত উপ-জিলাৰ বংকোৱাল-নেঘেৰিটিং সংযোগী মথাউৰি চিঙি যোৱা স্পৰ্শকাতৰ এলেকাৰ প্ৰায় ২৭০ টা পৰিয়াললৈ খাদ্য সামগ্ৰী, প্ৰায় ৩০০ গৰাকী বন্যাৰ্তৰ মাজত কাপোৰ বিতৰণ কৰে। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ উদ্যোগত, কেন্দ্ৰীয় দুৰ্যোগ প্ৰশমন কোষৰ জৰিয়তে আৰু বোকাখাত জিলা শাখাৰ সহযোগত কেন্দ্ৰীয়ভাৱে বান সাহায্য প্ৰদান কাৰ্যসূচী সম্পন্ন হয়। এই কাৰ্যসূচীত সঙ্ঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰা, কেন্দ্ৰীয় সেৱাবাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰা, শিক্ষা শাখা সমিতিৰ সম্পাদক চন্দ্ৰ কান্ত ভূঞা, পৰীক্ষা পৰিষদৰ সদস্য প্ৰদীপ হাজৰিকা, দুৰ্যোগ প্ৰশমন কোষৰ আহ্বায়ক সৌভিক বৰা আৰু মূলৰ বহু বিষয়ববীয়া উপস্থিত থকাৰ লগতে গোলাঘাট জিলা শাখাৰ হৈ ক্ৰমে সভাপতি চন্দ্ৰ হাজৰিকা, সম্পাদক পৱিত্ৰ নাথ, বোকাখাত জিলা শাখাৰ সভাপতি ধনেশ্বৰ লইং তথা বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য যে এই ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়ায় উত্তৰ মহুৰা আঞ্চলিক শাখাৰ সভাপতি -সম্পাদক সহিতে বাপ-বান্ধৱ-আইমাতৃসকলে।

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা