গোলাঘাট প্ৰেছ ক্লাব, মিডিয়া ফ’ৰাম আৰু মেৰাপানী সাংবাদিক সন্থাৰ উদ্যোগত ড্ৰাগছ বিৰোধী ‘বৃহৎ বাইক ৰেলী’

গোলাঘাট প্ৰেছ ক্লাব,মিডিয়া ফ’ৰাম আৰু মেৰাপানী সাংবাদিক সন্থাৰ উদ্যোগত ড্ৰাগছ বিৰোধী ‘বৃহৎ বাইক ৰেলী’
” জাতি,সমাজ ,প্ৰজন্ম হ’ব নিঃশেষ,মাৰত্মক ড্ৰাগছক যদিহে নকৰোঁ সমুলঞ্চে শেষ” শীৰ্ষক শ্ল’গান

মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গোলাঘাট প্ৰেছ ক্লাব, গোলাঘাট মিডিয়া ফ’ৰাম আৰু মেৰাপানী সাংবাদিক সংস্থাৰ যৌথ উদ্যোগত, জিলা প্ৰশাসন, আৰক্ষী বিভাগ, বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাইজৰ সহযোগত অহা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনটোত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজক সজাগ কৰাৰ মহৎ লক্ষ্যৰে ড্ৰাগছ বিৰোধী সজাগতামূলক ‘বৃহৎ বাইক ৰেলী’ উলিওৱা হ’ব। গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ ফুকন, কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা, সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস, গোলাঘাট মিডিয়া ফ’ৰামৰ সভাপতি দিগন্ত কুমাৰ বৰা, সম্পাদকদ্বয় পংকজ হাজৰিকা, মোস্তাক হুছেইন আৰু মেৰাপানী সাংবাদিক সংস্থাৰ সভাপতি আলি হুছেইন, কাৰ্যকৰী সভাপতি পৱিত্ৰ কুমাৰ দাস, সাধাৰণ সম্পাদক হিৰণ্য গগৈয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰামতে অহা ২ অক্টোবৰৰ পুৱা ১০ বজাত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰৰ পৰা অসম-নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীলৈ ” জাতি-সমাজ-প্ৰজন্ম হ’ব নিঃশেষ, মাৰত্মক ড্ৰাগছক যদিহে নকৰোঁ শেষ” শীৰ্ষক শ্ল’গানেৰে উক্ত বাইক ৰেলী উলিওৱা হ’ব। বিবৃতিটোত লগতে প্ৰকাশ কৰে যে, সম্প্ৰতি সমগ্ৰ ৰাজ্যখনতে মাৰত্মক ড্ৰাগছৰ ব্যাপক প্ৰচলনে সমাজ জীৱন কলুষিত কৰাৰ লগতে আমাৰ নৱ-প্ৰজন্মৰ মাজত দেখা দিয়া ড্ৰাগছৰ ক্ৰমবৰ্ধমান আসক্তিয়ে নতুন প্ৰজন্মৰ ভৱিষ্যত জীৱনৰ প্ৰতি অশণি সংকেট কঢ়িয়াই আনিছে। নৱ-প্ৰজন্মৰ ভৱিষ্যত জীৱন পংগু কৰা, বহু তেজাল যুৱকৰ প্ৰাণ কাঢ়ি নিয়া মৃত্যু-দূতৰূপী মাৰত্মক ড্ৰাগছৰ বিৰুদ্ধে জাতি, ধৰ্ম, ভাষা-ভাষী, দল-মত নিৰ্বিশেষে আমি মাৰ বান্ধি থিয় হোৱাৰ এতিয়া সময় আহি পৰিছে। এনে জটিল সন্ধিক্ষণত আমাৰ সমাজখনৰ সৰ্বস্তৰৰ লোকৰে এই ক্ষেত্ৰত নিশ্চিতভাৱে দায়িত্ব আৰু কৰ্তব্য আছে। সেয়েহে এনে ড্ৰাগছ বিৰোধী সজাগতামূলক ‘বৃহৎ বাইক ৰেলী” কাৰ্যসূচী হাতত লোৱা হৈছে। উক্ত কাৰ্যসূচীত দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, ৰাইজৰ সহযোগিতা তথা অংশগ্ৰহণৰ মুকলি আহ্বান জনাই ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’বলৈ বিবৃতিটোত অনুৰোধ জনাইছে।

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা