
গোলাঘাট জিলাৰ জিলা দণ্ডাধীশৰ যোগেদি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ ধাৰাৰ অধীনত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা শান্তিপূৰ্ণ আৰু সুকলমে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি আৰু যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰা তথা পৰীক্ষা কেন্দ্ৰৰ বাহিৰত হোৱা ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিষেধাজ্ঞা অনুসৰি —
✅ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে তিনিজন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে ।
✅ পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কোনো ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব ।
✅ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্ত্ৰ, বিস্ফোৰক অথবা কোনো সন্দেহজনক সামগ্ৰী নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
✅ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যানবাহনৰ চলাচলত বাধাৰ সৃষ্টি কৰা অথবা অকৰ্তৃত্বশীল বাহনৰ অবৈধ পাৰ্কিং আদি নিষিদ্ধ কৰা হৈছে ।
✅ পৰীক্ষা কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লাউডস্পিকাৰ/ উচ্চ শব্দ প্ৰাবল্য সৃষ্টিকাৰী সামগ্ৰী, বাদ্য আদি বজাব নোৱাৰিব ।
✅ পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ পৰীক্ষাৰ্থীয়ে কোনো অকৰ্তৃত্বশীল আৰু সন্দেহজনক সামগ্ৰী, মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ ,ইলেকট্ৰনিক সঁজুলি আদি কঢ়িয়াই নিব নোৱাৰিব।
✅ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ফটকা, আতচবাজী আদি ফুটাব নোৱাৰিব।
এই নিষেধাজ্ঞা তাৎক্ষণিক প্ৰভাৱৰ সৈতে কাৰ্যকৰী হয় আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ২০২৫ শেষ নোহোৱা পৰ্য্যন্ত বাহাল থাকিব। আনহাতে কোনো ব্যক্তিয়ে এই নিষেধাজ্ঞা উলংঘন কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ২২৩ ধাৰাৰ অধীনত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।