অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

পাৰঘাট, পূবেৰুণৰ পৰা ৰাগ-বিৰাগলৈ…!


ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ এক বৃহৎ ক্ষতি

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ
অসমীয়া চলচ্চিত্ৰ জগতলৈ অভিনয় প্ৰতিভাৰে অতুলনীয় অৱদান আগবঢ়াই যোৱা মোহময়ী অভিনেত্ৰী আৰু বিশিষ্ট কণ্ঠশিল্পী শ্ৰদ্ধাৰ জ্ঞানদা কাকতি বাইদেউৰ দেহাৱসানত অত্যন্ত মৰ্মাহত ৰাজ্যবাসী ৷

১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জ্ঞানদা কাকতিৰ জন্ম হয় ৷ লোহিত কাকতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ মৃত্যুৰ সময়লৈকে তেখেতে শ্বিলঙতে স্থায়ীভাবে বসবাস কৰিছিল ৷১৯৪৯ চনত ‘পাৰঘাট’ কথাছবিৰে তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল ৷’পূৱেৰুণ’ ছবিখনত অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা জ্ঞানদা কাকতি বাইদেৱে অসমীয়া ছবিৰ লগতে বঙালী কথাছবিতো অভিনয় কৰিছিল ৷সৰুৰে পৰাই তেখেতে ঘৰতে অভিনয়ৰ সুন্দৰ পৰিৱেশ পাইছিল ৷তেখেতে পাৰঘাট,পূৱেৰুণ, পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ, চাকনৈয়া, প্ৰথম ৰাগিণী, পুৱতি নিশাৰ সপোন,নৰকাসুৰ, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন, ৰাগ-বিৰাগ আদি কথাছবিত অভিনয় কৰি দৰ্শকৰ মাজত অত্যন্ত জনপ্ৰিয় হৈ উঠে৷ ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ‘পূৱেৰুণ’ ছবিখন প্ৰদৰ্শিত হয়৷ এই মহোৎসৱত অংশগ্ৰহণ কৰি তেখেতে কেইবাগৰাকী হলিউদৰ শিল্পীক ঘনিষ্ঠভাবে লগ পায়৷ তেখেতে নীলাচলেৰ মহাপ্ৰভু,গড়েৰ মাঠে,বৰমা আদি বঙালী ছবিত অভিনয় কৰে৷ জ্ঞানদা কাকতি আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল৷ তেখেতৰ কণ্ঠৰ গীত গ্ৰামোফোন ৰেকৰ্ডতো বাণীবদ্ধ কৰা হৈছিল৷

জ্ঞানদা কাকতি বাইদেৱে অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰিছিল৷ তাৰোপৰি তেখেত অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আইদেউ সন্দিকৈ সোঁৱৰণি বঁটা,শিল্পীপ্ৰাণ চন্দ্ৰ ফুকন বঁটা আদিৰে সন্মানিত হৈছিল৷ ২০২৫ চনৰ ৮ জানুৱাৰী বুধবাৰে ৯৩ বছৰ বয়সত তেখেতৰ মৃত্যু হয়৷
শিল্পীগৰাকীৰ মৃত্যুত ৰাইজৰ খবৰ ডিজিটেলৰ তৰফৰপৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰা হ’ল ৷

  • Related Posts

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ যশস্বী কণ্ঠশিল্পী ড° অণিমা চৌধুৰলৈ আগবঢ়োৱা হয় লিলি দেৱী সোঁৱৰণী সাহিত্য-সংস্কৃতি বঁটা। মংগলবাৰে গুৱাহাটীত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে…

    অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

    মৃদুস্মিতা শৰ্মা , ৰাইজৰ খবৰ ডিজিটেলঃ যোৱা ৫ জানুৱাৰীত নৱী মুম্বাই শ্বাচীস্থিত অসম ভৱনত অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হৈ যায়। “অ’মোৰ আপোনাৰ দেশে”ৰে আৰম্ভ কৰা…

    অন্যান্য বাতৰি

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

    অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

    অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

    অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

    ১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ

    ১২ দিনত ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ

    সদৌ অসম কেৰাটে চেম্পিয়নশ্বিপত কাজিৰঙা মাৰ্শ্বিয়েল আৰ্ট একাডেমীৰ সাফল্য

    সদৌ অসম কেৰাটে চেম্পিয়নশ্বিপত কাজিৰঙা মাৰ্শ্বিয়েল আৰ্ট একাডেমীৰ সাফল্য

    ছিপাঝাৰৰ আন্তঃৰাষ্ট্ৰীয় ৰেটিং দবা প্ৰতিযোগিতা

    ছিপাঝাৰৰ আন্তঃৰাষ্ট্ৰীয় ৰেটিং দবা প্ৰতিযোগিতা