যোৰহাটত ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা

যোৰহাটত ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা আৰম্ভ
বৃহৎ জয়েৰে অসমৰ প্ৰতিযোগিতা আৰম্ভ, তেলেংগানাৰো জয়লাভ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ বি চি ৰয় ফুটবল চেম্পিয়নশ্বিপ, চন ১৯৮৪। সেই চনটোতেই যোৰহাটত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল অৰ্থাৎ দুভৰিৰ যাদুৰ প্ৰতিযোগিতা। সুদীৰ্ঘ দুকুৰি বছৰৰ পাছত ৭ ছেপ্তেম্বৰৰ পৰা যোৰহাটত আৰম্ভ হৈছে ”১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) ফুটবল চেম্পিয়নশ্বিপ’ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখন।

সৰ্বভাৰতীয় ফুটবল সন্থাৰ উদ্যোগত অসম ফুটবল সন্থাৰ সৌজন্যত আৰু যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) ফুটবল চেম্পিয়নশ্বিপ প্রতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জল পৰিবহন মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম ফুটবল সন্থাৰ সভাপতি নব কুমাৰ দলে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে আদৰণি ভাষণ পাঠ কৰা এই অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত স্থানীয় কেইবাখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। দৈনিক দুখনকৈ খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ প্ৰথমদিনা দুখন খেল অনুষ্ঠিত হয় আৰু তাৰে প্ৰথম খেলখন লক্ষদ্বীপ আৰু তেলেংগানাৰ মাজত আৰু দ্বিতীয়খন অনুষ্ঠিত হয় আয়োজক অসম আৰু মধ্য প্ৰদেশৰ মাজত। প্ৰথম খেলখনত তেলেংগনাই লক্ষদ্বীপক ৭-৩ গ’লৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে।

খেলখনত তেলেংগনাৰ হৈ খেলৰ চৈয়দ ৰিয়ানে হেটট্ৰিকসহ ব্যক্তিগত ভাৱে ১৫, ৩৪, ৪৫ আৰু ৮২ মিনিটত মুঠ চাৰিটা গ’ল আৰু ফইজল খানে ৬১ আৰু ৬৯ মিনিটত দুটা আৰু মুস্তাফা খানে ৭৫ মিনিটত এটা গ’ল দিয়াৰ বিপৰীতে লাক্ষাদ্বীপৰ হৈ চিনাপ জুনিয়ৰে খেলৰ ৩ মিনিটত, থ’পিকে ১০ মিনিটত আৰু মহম্মদ ইয়াচিনে খেলৰ ৪৭ মিনিটত এটাকৈ গ’ল দিয়ে । ইফালে, অসম আৰু মধ্যপ্ৰদেশৰ মাজত অনুষ্ঠিত খেলখনত অসমে মধ্যপ্ৰদেশক ৬-১ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতা আৰম্ভ কৰাৰ লগতে আজি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। উল্লেখযোগ্য যে অতি আকৰ্ষণীয় ভাৱে খেল খেলে অসম দলৰ চেমনীয়া খেলুৱৈ সকলে। খেলখনত অসমৰ হৈ গ’লকেইটা দিয়ে ক্ৰমে ৰাহুল বাল্মিকীয়ে ৮ মিনিটত, তন্ময় বৰুৱাই ১৪ মিনিটত, চামুইল দৈমাৰীয়ে ৩৮ আৰু ৪৫ (প্লাচ) মিনিটত দুটা, চাহিৰ কুমাৰে ৪৫ মিনিটত আৰু টামাচ দৈমাৰীয়ে ৭০ মিনিটত গ’ল দিয়াৰ বিপৰীতে মধ্য প্ৰদেশৰ হৈ একমাত্ৰ গ’লটো দিয়ে ৰোহিত কুমাৰে খেলৰ ৯০ মিনিটত।

Related Posts

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস