যোৰহাটত ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা, একেৰাহে অসমৰ দ্বিতীয়টো জয়ৰ লগতে লক্ষদ্বীপৰ পইণ্ট অৰ্জন

জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়ামত চলি থকা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা দুখন খেলৰ প্ৰথম খেলখনত ঘৰুৱা দল অসমে তামিলনাডুক পৰাজিত কৰি প্ৰতিযোগিতাখনত একেৰাহে দ্বিতীয়টো জয়ৰ সোৱাদ লাভ কৰিছে। দৈনিক দুখনকৈ খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ আজিৰ গ্ৰুপ ‘এ’ প্ৰথম খেলখনত অসম আৰু তামিলনাডুৰ মাজত আনহাতে দ্বিতীয়খন মধ্য প্ৰদেশ আৰু লক্ষদ্বীপৰ মাজত অনুষ্ঠিত হয়। আজি অনুষ্ঠিত প্ৰথম খেলখনত আয়োজক অসমে এক দৰ্শনীয় খেল খেলি তামিলনাডুক ৩-২ গ’লৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। খেলখনত অসম দলৰ হৈ ক্ৰমে খেলৰ ১৭ মিনিটত টমাচ দৈমাৰীয়ে, তন্ময় বৰুৱাই ৬৩ মিনিটত আৰু উদয়নে ৬৭ মিনিটত এটাকৈ গ’ল দিয়াৰ বিপৰীতে তামিলনাডুৰ হৈ গ’ল দুটা দিয়ে অজয় কৃষ্ণই খেলৰ ২৩ মিনিটত আৰু আকলউইন যোচেফে ৯০ মিনিটত। ইফালে আজিৰ দ্বিতীয়খন খেল লক্ষদ্বীপ আৰু মধ্যপ্ৰদেশৰ মাজত অনুষ্ঠিত খেলখনত লক্ষদ্বীপে মধ্যপ্ৰদেশক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। লক্ষদ্বীপৰ হৈ গ’ল দুটা দিয়ে দলটো অধিনায়ক থৌফিক কি’য়ে খেলৰ ২০ আৰু ৩৮ মিনিটত। উল্লেখ্য যে এদিনৰ বিৰতিত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ পৰৱৰ্তী খেল ১১ ছেপ্টেম্বৰত যোৰহাট ষ্টেডিয়ামত গ্ৰুপ ‘এ’ৰ দুখন খেল অনুষ্ঠিত হ’ব আৰু তাৰে প্ৰথমখন খেল তামিলনাডু আৰু মধ্যপ্ৰদেশৰ মাজত। দ্বিতীয়খন খেল তেলেংগানা আৰু অসমৰ মাজত হোৱাৰ বিপৰীতে সেইদিনা মৰিয়ণিৰ বাপুজী ষ্টেডিয়ামত গ্ৰুপ ‘চি’ৰ দুখন খেল অনুষ্ঠিত হ’ব। তাৰে প্ৰথমখন পণ্ডিচেৰী আৰু উত্তৰাখণ্ডৰ মাজত। দ্বিতীয়খন জম্মু-কাশ্মীৰ আৰু ৰাজস্থানৰ মাজত।

Related Posts

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস