৬ অক্টোবৰত অসম ৰাজ্যিক মাষ্টাৰ্ছ সাঁতোৰ প্ৰতিযোগিতা
জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম সাঁতোৰ সংস্থাৰ সৌজন্যত আৰু যোৰহাট ছুইমিং ছ’চাইটিৰ উদ্যোগত অহা ৬ অক্টোবৰত যোৰহাট ছুইমিং ছ’চাইটিৰ জলক্রীড়া প্রকল্পত দশম সংখ্যক অসম ৰাজ্যিক মাষ্টাৰ্ছ সাঁতোৰ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব। আজি অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে এক প্ৰেছ বাৰ্তাযোগে জনোৱা মতে, এই প্রতিযোগিতাই পুৰুষ আৰু মহিলাৰ উভয়ৰে এঘাৰটা বয়সৰ শাখাত ছয় কুৰিটা ইভেন্ট সামৰি লব। উল্লেখযোগ্য যে, উক্ত প্রতিযোগিতাখনৰ পৰাই অহা ১০ৰ পৰা ১২ নৱেম্বৰলৈকে ভূপালত অনুষ্ঠিত হ’বলগীয়া ২০ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ প্রতিযোগিতা ২০২৪ত প্ৰতিনিধিত্ব কৰিবলৈ অসম ৰাজ্যিক দলটোও নির্বাচন কৰা হ’ব। সেয়েহে ইচ্ছুক সকলো মাষ্টাৰ্ছ খেলুৱৈসকলে শীঘ্ৰে যাৱতীয় প্ৰ-পত্ৰ আৰু বয়সৰ তথ্যসহ যোৰহাট চুইমিং ছ’চাইটিৰ ই মেইল: jorhatswimmingsociety@gmail.com ত অহা ২ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে খেলুৱৈসকলে প্রয়োজন সাপেক্ষে এই ৯৪৩৫৪৮৯০৭৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও বাৰ্তাটোত দাসে জনাইছে।