জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট ছুইমিং ছ’চাইটিৰ জলক্রীড়া প্রকল্পত যোৰহাট ছুইমিং ছ’চাইটিৰ উদ্যোগত আজি ৩০ সংখ্যক প্ৰেৰণা সাঁতোৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। যোৰহাট ছুইমিং ছ’চাইটিৰ উপ-সভাপতি জিতেন্দ্র কুন্দলীয়াই বস্তি প্রজ্বলনৰে প্ৰতিযোগিতাখন শুভ উদ্ধোধন কৰে। ন-শিকাৰু প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্রতিযোগিতামূলক মনোভাৱ জগাই তোলাৰ উদ্দেশ্যৰে আয়োজন কৰা উক্ত সাঁতোৰ প্ৰতিযোগিতাখনত অভিলেখ সংখ্যক ১৯০ গৰাকী প্রতিযোগীয়ে সৰ্বমুঠ ৩০টা ইভেন্টত অংশগ্ৰহন কৰে। সুমন্ত কুমাৰ দাসে আঁতধৰা বঁটা বিতৰণী অনুষ্ঠানত সম্পাদক দেব কুমাৰ হাজৰীকা, মৃদুল ভুঞা, ৰাজীৱ শৰ্মা, অৰূপ দত্ত, মনোহৰ লাল গুপ্তা আৰু ছ’চাইটিৰ প্ৰশিক্ষক সকলে বিজয়ীসকলক বঁটাসমূহ প্রদান কৰে। প্রতিযোগিতাখনিৰ সফল পৰিসমাপ্তিৰ বাবে সকলো প্রতিযোগী, অভিভাৱক আৰু যোৰহাটৰ ক্ৰীড়াপ্রেমী ৰাইজক যোৰহাট ছুইমিং ছ’চাইটিৰ হৈ সভাপতি-সম্পাদকে ধন্যবাদ জনাইছে।
অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ
ৰিদিপ শৰ্মা, কলিয়াবৰঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ছোৱাত কলিয়াবৰত সন্মুখৰ পৰা নেতৃত্ব দিয়া, অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ। কলিয়াবৰ…