জিতুল কুমাৰ গগৈ, যোৰহাটঃ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু টাই হেৰিটেজ প্ৰিজাৰভেচন নেটৱৰ্কৰ সহযোগত ১৯ ছেপ্তেম্বৰ ৰ পৰা ৩ অক্টোবৰলৈকে দহ দিনীয়া টাই ভাষাৰ এখনি কৰ্মশালা অনুষ্ঠিত হয়। সেই উপলক্ষে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ আলোচনা কক্ষত সফল সামৰণি অনুষ্ঠানৰ মূল সভাখনি আঁত ধৰে অসমীয়া বিভাগৰ অধ্যাপিকা ড০ জ্যোতিৰেখা হাজৰিকাই আৰু লগতে অসমীয়া বিভাগৰ সকলো অধ্যাপক অধ্যাপিকা উপস্থিত থাকে। সভাত উপস্থিত থাকে মহাবিদ্যলয়ৰ অধ্যক্ষ ড° উৎপল জ্যোতি মহন্ত আৰু উপাধ্যক্ষ ড° নুৰুল আলি। টাই হেৰিটেজ প্ৰিজাৰভেচন নেটৱৰ্কৰ ১০ দিনত তিনিগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ আগবঢ়াই ক্ৰমে সভাপতি ৰুণু নামচ’ম কোৱঁৰ, শান্তি চেতিয়া আৰু সুৰজিৎ বুঢ়াগোহাঁইয়ে। সভাত অসমীয়া বিভাগৰ বাৰে এখনি কৃতজ্ঞতা পত্ৰ পাঠ কৰে টাই হেৰিটেজ প্ৰিজাৰভেচন নেটৱৰ্কৰ মুখ্য সম্পাদিকা বৰ্ষাৰাণী গগৈয়ে আৰু উপস্থিত থাকে সংগঠনতোৰ সমল ব্যক্তি ড৹ মুনীন্দ্ৰ কোৱঁৰ, প্ৰনৱ কুমাৰ বৰপাত্ৰগোহাঁই, দিগন্ত বুঢ়াগোহাই আৰু দীপালি গগৈ বৰুৱা,সক্ৰিয় সদস্যা ক্ৰমে অন্তৰীপা গগৈ, সুস্মিতা গগৈ আৰু সাগৰিকা দূৱৰা। কৰ্মশালাত উপস্থিত থকা ৩৫ গৰাকী প্ৰশিক্ষাৰ্থীক মান পত্ৰ প্ৰদান কৰা হয়। টাই হেৰিটেজ প্ৰিজাৰভেচন নেটৱৰ্কৰ এইয়া তৃতীয় খন কৰ্মশালা। সহায় সহযোগ আগবঢ়োৱা সকলো কৰ্ম-কৰ্তাক ধন্যবাদ জনাই শলাগৰ আগবঢ়াই কৰ্মশালাৰ সমন্বয়ক ড৹ পাপুমণি হাজৰিকাই।
প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…