যোৰহাটত ইঞ্চিডেন্ট ৰেস্প’ঞ্চ চিষ্টেম (IRS)ৰ প্ৰশিক্ষণ সম্পন্ন

জিতুল কুমাৰ গগৈ,, যোৰহাটঃ যোৰহাটত মঙল আৰু বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA) আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) সহযোগত জিলা পৰ্যায়ৰ  ইঞ্চিডেন্ট ৰেস্প’ঞ্চ চিষ্টেম (IRS)ৰ প্ৰশিক্ষণ, টেবুল টপ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত অনুশীলন আৰু প্ৰশিক্ষণ প্ৰদান অনুষ্ঠানটি আজি সম্পন্ন হয়।

ভূমিকম্প আৰু অন্যান্য জৰুৰীকালীন পৰিস্থিতিৰ সময়ত সামৰ্থ বৃদ্ধি আৰু উন্নত প্ৰস্তুতিৰে তৎকালীনভাৱে সমস্যাৰ সমাধানৰ উদ্দেশ্যে এই অনুশীলন আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণৰ লগত সংগতি ৰাখি জৰুৰী সঁহাৰি দিয়া সংস্থাসমূহৰ ক্ষমতা বৃদ্ধি কৰা আৰু সকলো অংশীদাৰ আৰু সংস্থাৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰি তেওঁলোকক যিকোনো ঘটনাৰ বাবে সু-সজ্জিত কৰি তোলাৰ লক্ষ্যৰে টেবুল টপ আৰু মক এক্সাৰছাইজৰ আয়োজন কৰে।

ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব, ASDMAৰ ৰাজ্যিক প্ৰকল্প বিষয়া, জিলা প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়া প্ৰমুখ্যে অংশীদাৰ আৰু বিভিন্ন সংস্থা সমূহৰ বিষয়াসকল উপস্থিত থকা দুদিনীয়া কাৰ্যসূচীত ভূমিকম্প আৰু ভূমিকম্পৰ ফলত সৃষ্টি হোৱা জুইৰ সৈতে মোকাবিলা কৰিব পৰা বিভিন্ন দিশৰ সন্দৰ্ভত মক ড্ৰিল কৰে।

মক ড্ৰিলত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীসকলক জিলা উন্নয়ণ আয়ুক্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ যুটীয়া সচিব, অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উপস্থিতিত মানপত্ৰ প্ৰদান কৰে। উল্লেখ্য যে যোৰহাট প্ৰিজম হোটেলত প্ৰশিক্ষণ আৰু মক ড্ৰিল অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ যোৰহাটস্থ ভৱন আৰু যোৰহাট আৱৰ্ত ভৱনত স্থাপন কৰা ইমাৰ্জেন্সি কমাণ্ড চেণ্টাৰত (EOC) এই কাৰ্যসূচী আজি সফলতাৰে সম্পন্ন হয়।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    গ্ৰন্থমেলাৰ তৃতীয় দিনাৰ ব্যতিক্ৰম কাৰ্যসূচী সম্পন্ন

    গ্ৰন্থমেলাৰ তৃতীয় দিনাৰ ব্যতিক্ৰম কাৰ্যসূচী সম্পন্ন