স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত
যোৰহাটৰ অসম শক্তি বিতৰক কোঃ লিঃ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ
জিতুল কুমাৰ গগৈ, যোৰহাটঃ স্মাৰ্ট মিটাৰে জনসাধাৰণক জুৰুলা কৰি পেলাইছে যদিও চৰকাৰৰ কোনো গা লৰা নাই। গতিকে এই স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত ২৯ আগষ্টৰ দিনা যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত যোৰহাটৰ অসম শক্তি বিতৰক কোঃ লিঃ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে। ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত যোৰহাটৰ অসম শক্তি বিতৰক কোঃ লিঃ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয় উত্তাল কৰি তোলে। যোৰহাট জিলা কংগ্ৰেছৰ উপ-সভাপতি প্ৰাণ কুৰ্মী নেতৃত্বত ৰূপায়ন হোৱা আজি কাৰ্যসূচীৰ সন্দৰ্ভত জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অভিজিত ফুকনে প্ৰেছ বিজ্ঞপ্তি যোগে এটা কথা সদৰি কৰিছে যে, অসম চৰকাৰৰ উন্নয়ণ আৰু বিকাশৰ যি শ্লোগান সেয়া এতিয়া বৰ্তমান ধোঁৱাচাঙত। এতিয়া অসম চৰকাৰৰ লক্ষ্য মাত্ৰ অসমৰ এটা বিশেষ পৰিয়ালৰ আৰ্থিক বিকাশত। তাৰ স্বাৰ্থতেই অসম চৰকাৰে বিশ্ব বেংকৰ পৰা ঋণ লৈ অপ্ৰয়োজনীয় ভাৱে কেৱল অভাৰব্ৰীজ নিৰ্মাণৰ কাম হাতত লোৱাৰ বাহিৰে অন্য কোনো উন্নয়ণমূলক আঁচনি গ্ৰহণ কৰা নাই। তাৰোপৰি কেৱল বনিয়াৰ স্বাৰ্থত কাম কৰা ভাৰত চৰকাৰখনৰ দৰেই অসম চৰকাৰখনেও এতিয়া কেৱল বনিয়াৰ স্বাৰ্থত কাম কৰি সৰ্বসাধাৰণ ৰাইজৰ কথা ভাবিবলৈ পাহৰি গৈছে। কাৰণ এই স্মাৰ্ট মিটাৰ তৈয়াৰ কৰা ব্যক্তিগত প্ৰতিষ্ঠানটোৰ গৰাকী কোন এইয়া সকলোৰে জ্ঞাত। আজি যোৰহাট জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰায় ডেৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা বিদ্যুৎ বিভাগৰ কাৰ্য্যালয় ঘেৰাও কাৰ্যসূচীত জিলা মহিলা কংগ্ৰেছ, সেৱাদল, জিলা কংগ্ৰেছৰ অন্তৰ্গত নগৰ ব্লক কংগ্ৰেছ, বাঘচোং ব্লক কংগ্ৰেছ আৰু উত্তৰ-পশ্চিম (ঢেকৰগড়া) ব্লক কংগ্ৰেছৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। ঘেৰাও কায্যসূচীত প্ৰতিবাদকাৰী সকলে “স্মাৰ্ট মিটাৰ বন্ধ কৰক”, “সৰ্বসাধাৰণ ৰাইজক আর্থিকভাৱে জুৰুলা কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক”, “শক্তি মন্ত্ৰীয়ে পদত্যাগ কৰক”, “হিমন্তই ব্যক্তিগত লাভালাভৰ বাবে ৰাইজক শোষণ নকৰিব”, “বিজেপি চৰকাৰ হায় হায়” আদিকে ধৰি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী উত্তাল কৰে।