বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ জনক এম কে ৰঞ্জিৎ সিং কাজিৰঙাত

বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ জনক এম কে ৰঞ্জিৎ সিং কাজিৰঙাত

মৌলিক কৰ্তব্যৰ পালন কৰিলেই সুৰক্ষিত হ’ব নাগৰিকৰ মৌলিক অধিকাৰ

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ভাৰতৰ প্ৰথম বৃহৎ আইন বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ জনক এম কে ৰঞ্জিৎ সিং আজি কাজিৰঙাত উপস্থিত হয়৷ কাজিৰঙা বনবিভাগে অনুষ্ঠিত কৰা তিনিদিনীয়া বাটাৰফ্লাই মীটৰ আজি অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এম কে ৰঞ্জিৎ সিং৷ ভাৰতীয় প্ৰশাসনিক সেৱাৰ ১৯৬১ বেট্‌চৰ কেডাৰ এম কে ৰঞ্জিৎ সিঙে কয় যে ভাৰতীয় সংবিধানত যিদৰে মৌলিক অধিকাৰ প্ৰসংগ উল্লেখ আছে, সমান্তৰালভাৱে উল্লেখ আছে মৌলিক কৰ্তব্যৰ বিষয়ে৷ নাগৰিকে মৌলিক অধিকাৰ বিচাৰে, কিন্তু, মৌলিক কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত পিছপৰি ৰয়৷

তেখেতে কয় যে নাগৰিকে কৰ্তব্যখিনি পালন কৰিলে, অধিকাৰখিনি নিজে নিজেই লাভ কৰিব৷ তেখেতে প্ৰত্যেকগৰাকী নাগৰিককে বনজ সম্পদ সুৰক্ষাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়৷ এম কে ৰঞ্জিৎ সিং ভাৰতৰ আগশাৰীৰ বন্যপ্ৰাণী সংৰক্ষণ সংস্থা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ এমেৰিটাছ সদস্যও। লক্ষণীয় কথাটো হ’ল, বন্যপ্ৰাণী সংৰক্ষণ বিশেষকৈ কাজিৰঙাত পোৱা দুষ্প্ৰাপ্য দলহৰিণৰ সংৰক্ষণ, গবেষণা আদিৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে এই প্ৰাণী বিজ্ঞানীজনৰ নামেৰে সন্মান জনাই দুষ্প্ৰাপ্য দল হৰিণাৰ বৈজ্ঞানীক নাম কাৰাভাচ ৰঞ্জিৎ সিং দিয়া হৈছিল । ইপিনে, যোৱা ২৭ চেপ্তেম্বৰৰ পৰা কাজিৰঙাৰ চলি থকা বাটাৰফ্লাই মীটত বিভিন্ন স্থানৰ ত্ৰিশগৰাকী শিক্ষাৰ্থী উপস্থিত থাকে৷ আজি অন্তিমটো দিনত কাজিৰঙাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠান শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়৷ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষ, পূৱ-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী অৰুণ ভিগনেছ, কাজিৰঙাৰ শৃংখলাবদ্ধ পৰ্যটনৰ জনক মঞ্জু বৰুৱা উপস্থিত থাকে৷

  • Related Posts

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    এশ এবিধ শাকেৰে ৰান্ধো বহাগৰ বিহুত পৰম্পৰাগতভাৱে খোৱা হয় ১০১ বিধ শাকৰ আঞ্জা৷ গৰুবিহুৰ দিনা গৃহিণীয়ে ১০১ বিধৰ শাক ৰান্ধি পৰিবেশন কৰে ঘৰৰ সমূহ সদস্যক৷ এই পৰম্পৰাৰ আঁৰত আছে কেতবোৰ…

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন