কাজিৰঙাত স্বচ্ছতা হী সেৱাৰ কেন্দ্ৰীয় সামৰণি অনুষ্ঠান

কাজিৰঙাত স্বচ্ছতা হী সেৱাৰ কেন্দ্ৰীয় সামৰণি অনুষ্ঠান
বিভিন্ন কাৰ্যসূচীৰে “স্বচ্ছ ভাৰত দিৱস” পালন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ দেশজুৰি অনুষ্ঠিত হোৱা “স্বচ্ছতা হী সেৱা” অভিযানৰ সামৰণি কাৰ্যসূচী হিচাপে কাজিৰঙাত আজি “স্বচ্ছ ভাৰত দিৱস ২০২৪” পালন কৰা হয়৷ আগন্তুক দিনত পৰ্যটন ক্ষেত্ৰ কাজিৰঙাক অধিক পৰিস্কাৰ-পৰিচন্ন কৰি ৰখাৰ উদ্দেশ্যৰে কাজিৰঙাত উপস্থিত হৈ অসমত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই স্বচ্ছতা হী সেৱাৰ অন্তিম কাৰ্যসূচী ‘ভাৰ্চুৱেলী’ উদ্ধোধন কৰে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷

ইয়াৰ পূৰ্বে কৃষিমন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ উপস্থিতিত পৰ্যটন মন্ত্ৰী বৰুৱাই কাজিৰঙাৰ কহঁৰাত এটা চেলফি পইন্ট, এটা প্লাষ্টিক বটল সংগ্ৰহ কেন্দ্ৰ, প্লাষ্টিক বটলক মাইক্ৰ’প্লাষ্টিকলৈ ৰূপান্তৰ কৰা এটা ক্ৰাছাৰ মেছিন উদ্ধোধন কৰাৰ সমান্তৰালকৈ ভাৰ্চুৱেলী “গোবৰ্ধন” শীৰ্ষক জৈৱিক গেছ আঁচনিৰ শুভাৰম্ভ কৰে৷

ইয়াৰ পিছতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পৰ্যটন বিভাগৰ সহযোগত কাজিৰঙাৰ কহঁৰাস্থিত বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বচ্ছতা ভাৰত দিৱস ২০২৪ ৰ কাৰ্যসূচীৰ অনুষ্ঠানত অংশ লয় দুই মন্ত্ৰী আৰু সাংসদে৷ বনবিভাগৰ কৰ্মচাৰী গীতাঞ্জলি কলিতাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে অসম সংগীত পৰিৱেশন কৰাৰ পিছতে স্বচ্ছ ভাৰত অভিযানৰ জিলা সমন্বয়ক বিশ্বজিৎ গগৈয়ে সভাত উপস্থিত সকলক শপত বাক্য পাঠ কৰোৱায়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড° সোণালী ঘোষে আদৰণি ভাষণ আগবঢ়োৱা সভাত মুঠ ৫ গৰাকী বৈতনিক আৰু অবৈতনিক চাফাই কৰ্মীক উৎকৃষ্ট চাফাই মিত্ৰ সন্মান প্ৰদান কৰা লগতে ১৬ খন পৰ্যটন নিবাসক “স্বচ্ছ গ্ৰীণ লিফ ৰেটিং” পদ্ধতিৰে নিৰ্বাচন কৰি বঁটা প্ৰদান কৰা হয়৷

সভাত উপস্থিত থকা অসম গৌৰৱ অৱসৰ প্ৰাপ্ত বনবিষয়া ধৰণীধৰ বড়োক সম্বৰ্ধনা জ্ঞাপন কৰে৷ সভাত পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই স্বচ্ছতাই আমাৰ এক অন্যতম উদ্দেশ্য বুলি উল্লেখ কৰি কয়, ২০১৪ চনৰ পৰা বৰ্তমানলৈকে ৪৬ লাখ শৌচালয় ৰাজ্যত নিৰ্মাণ কৰা হৈছে৷ সম্প্ৰতি অসমৰ চাহ বাগিছা সমূহত প্ৰতিটো শ্ৰমিক পৰিয়ালৰ বাবে এশ শতাংশ শৌচালয় নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত বৰুৱাই প্ৰকাশ কৰে যে, অসমৰ চাহ বাগিছাৰ চালান সমূহত ভ্ৰাম্যমাণ শৌচালয় প্ৰদান কৰা হ’ব৷ বৰুৱাই লগতে কয়, পৰ্যটন ক্ষেত্ৰ কাজিৰঙাৰ বিভিন্ন স্থানত যধে-মধে জাৱৰ পেলোৱা স্থানত একোটা চেলফি পইন্ট স্থাপন কৰাৰ লগতে কাজিৰঙাক কাৰ্বন ফ্ৰী কৰি ৰখাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব৷

পৰৱৰ্তী সময়ত “ওৱান ডিষ্ট্ৰিক্ট ওৱান ডেষ্টিনেচন” হিচাপে অসমৰ প্ৰতিখন জিলাত এখন পৰ্যটন ক্ষেত্ৰ পৰ্যায়ক্ৰমে স্থাপনৰ পৰিকল্পনা কৰা হ’ব বুলি মন্তব্য কৰি পৰ্যটন মন্ত্ৰীয়ে কয় যে, আগন্তুক দিনত প্ৰতিখন জিলাৰ পৰা পৰিস্কাৰ গাঁও নিৰ্বাচন কৰি পুৰস্কৃত কৰা হ’ব৷ ইফালে, ভাষণ প্ৰসংগতে কেইদিনমান পূৰ্বে কাজিৰঙাত এখন সভাত সাংবাদিক সন্দৰ্ভত কিছু বিৰূপ মন্তব্য প্ৰদান কৰাৰ কথাটো স্বীকাৰ কৰি ভুল নুবুজিবলৈ আহ্বান জনায়।

  • Related Posts

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    এশ এবিধ শাকেৰে ৰান্ধো বহাগৰ বিহুত পৰম্পৰাগতভাৱে খোৱা হয় ১০১ বিধ শাকৰ আঞ্জা৷ গৰুবিহুৰ দিনা গৃহিণীয়ে ১০১ বিধৰ শাক ৰান্ধি পৰিবেশন কৰে ঘৰৰ সমূহ সদস্যক৷ এই পৰম্পৰাৰ আঁৰত আছে কেতবোৰ…

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন