কাজিৰঙাত বৰ্ণশুদ্ধি কৰ্মশালাৰে ভাষা গৌৰৱ সপ্তাহ পালন

অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাহিত্য সভাৰ যৌথ উদ্যোগ
কাজিৰঙাত বৰ্ণশুদ্ধি কৰ্মশালাৰে ভাষা গৌৰৱ সপ্তাহ পালন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ ৰাজ্যজুৰি পালন কৰা ভাষা গৌৰৱ সপ্তাহৰ লগতে সংগতি ৰাখি কাজিৰঙাত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰা হয় ‘বৰ্ণশুদ্ধি কৰ্মশালা’৷ অসম চাহ জনগোষ্ঠী সাহিত্য সভা, কাজিৰঙা শাখা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাহিত্য সভাৰ যৌথ উদ্যোগত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহযোগত আজি কহঁৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত কাজিৰঙা এলেকাৰ ৫ খনকৈ বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাহিত্য সভাৰ সম্পাদক স্বপন নাথ আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভা, কাজিৰঙা শাখাৰ সম্পাদক বিতোপন মাজিয়ে আঁত ধৰা কৰ্মশালাটিৰ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ড° বিভূতি ৰঞ্জন গগৈয়ে৷

অসম সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বনবিষয়া তথা চিত্ৰশিল্পী, লেখক চিন্ময় ধৰে বক্তব্য আগবঢ়াই কৰ্মশালাটি উদ্বোধন কৰে৷ অসমীয়া ভাষাক স্পষ্ট শুদ্ধ ৰূপত তুলি ধৰাৰ ক্ষেত্ৰত বৰ্ণশুদ্ধিৰ প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা এই কৰ্মশালাৰ প্ৰথম পৰ্বত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণৰ শুদ্ধ উচ্চাৰণ বিধি আৰু বৰ্ণশুদ্ধিত ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে দৃশ্য-শ্ৰাৱ্য মাধ্যমৰ যোগেদি আলোচনা আগবঢ়াই চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ অসমীয়া বিভাগৰ অধ্যাপক এন. তামনা সিংহই৷

সিংহই সততে ভুল হোৱা কেতবোৰ শব্দৰ বৰ্ণশুদ্ধি প্ৰদৰ্শন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ স’তে মত বিনিময় কৰে৷

ইফালে, কৰ্মশালাৰ দ্বিতীয়াৰ্ধত আবৃত্তিকাৰ, লেখিকা গীতিৰেখা দত্তই অসমীয়া ভাষাৰ উৎপত্তি সন্দৰ্ভত চমু আভাষ দি ধ্বনি সন্দৰ্ভত আলোচনা আগবঢ়ায়৷

‘যোৱাকালি’ নহয়, ‘কালি’; ‘অহাকালি’ নহয়, ‘কাইলৈ’ বা ‘কালিলৈ’ আদি সততে ভুল হোৱা শব্দৰ শুদ্ধ প্ৰয়োগৰ কথা উল্লেখ কৰি দত্তই ছাত্ৰ-ছাত্ৰীসকলৰ স’তে মত বিনিময় কৰে৷

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অনিত গড়, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ সভাপতি পৰমেশ্বৰ পানিকা, অৱসৰপ্ৰাপ্ত পৰ্যটন বিষয়া তৰুণ গগৈ আদি উপস্থিত থকা কৰ্মশালাটিৰ অন্তত উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক শুদ্ধ ৰূপত অসমীয়া ভাষা কোৱাৰ কচৰত কৰিবলৈ আহ্বান জনাই বক্তব্য আগবঢ়াই কাজিৰঙা অধ্যায়ন চক্ৰৰ অধ্যক্ষ তথা সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই৷

ইফালে, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ সম্পাদক বিতোপন মাজিয়ে কয় যে, কাজিৰঙা অঞ্চলত বৰ্ণশুদ্ধি কৰ্মশালাৰ লগতে পৰৱৰ্তী সময়ত অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আঁচনি প্ৰস্তুত কৰা হৈছে৷ আজি কৰ্মশালাত কাজিৰঙা নেচনেল পাৰ্ক উচ্চ মাধ্যমিক বিদ্যালয়, চন্দ্ৰ সিং ৰংপি মেম’ৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতন, কাজিৰঙাৰ নৱম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    গ্ৰন্থমেলাৰ তৃতীয় দিনাৰ ব্যতিক্ৰম কাৰ্যসূচী সম্পন্ন

    গ্ৰন্থমেলাৰ তৃতীয় দিনাৰ ব্যতিক্ৰম কাৰ্যসূচী সম্পন্ন