কাজিৰঙাত সংবিধান দিৱস উদ্‌যাপন

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগ
কাজিৰঙাত সংবিধান দিৱস উদ্‌যাপন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ২৬ নৱেম্বৰ তাৰিখে উদযাপন কৰা হয় সংবিধান দিৱস৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত, চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙা আৰু কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আয়োজন কৰা অনুষ্ঠানটিৰ আঁত ধৰে কাজিৰঙা অধ্যয়ন চক্ৰৰ সাংগঠনিক সচিব জোনমণি কৰ্মকাৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে অসম সংগীত পৰিৱেশন কৰাৰ পাছত অধ্যয়ন চক্ৰৰ আন এগৰাকী সাংগঠনিক সচিব তৰালি শইকীয়াই সংবিধান দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ১৯৪৯ চনৰ ২৬ নৱেম্বৰত বিশ্বৰ আটাইতকৈ দীৰ্ঘতম আমাৰ দেশৰ সংবিধান গৃহীত হোৱা দিনৰ পৰা আজি পৰ্যন্ত কি কি পৰ্যায়ৰ মাজেৰে সংবিধানে গতি লৈছে সেই সম্বন্ধে বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ তথা সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই আদৰণি ভাষণৰ যোগেদি সম্প্ৰতি চৰকাৰী পৃষ্ঠপোষকতাতে যে সংবিধান অসুৰক্ষিত হৈ পৰিছে সেই সম্বন্ধে বক্তব্য আগবঢ়াই কয় যে চৰকাৰে যিবোৰ সা-সুবিধা সাধাৰণ জনগণক দিয়ে সেয়া লাভ কৰাটো জনগণৰ অধিকাৰ৷ চৰকাৰে যদি দয়া কৰিছোঁ বুলি ভাবে, সেয়া প্ৰকৃততে চৰকাৰী পক্ষক ৰাইজে বুজাই তুলিব লাগে যে কল্যাণকামী ৰাষ্ট্ৰ হিচাপে সেয়া চৰকাৰৰ দায়িত্ব৷ উঠি অহা প্ৰজন্মই সংবিধানৰ বিষয়বোৰ বুজি উঠি এখন সুস্থ সমাজ আগবাঢ়ি আহিব লাগে বুলিও তেখেতে মন্তব্য কৰে৷ ইপিনে, অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসনৰ পৰা কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজুমণি শইকীয়া, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ সহকাৰী অধ্যাপক মনজিৎ গগৈয়ে সাৱলীল বক্তব্য আগবঢ়ায়৷ সাংবাদিক স্বপন নাথে সংবিধান দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ কেইবাটাও প্ৰাসংগিক বিষয় তুলি ধৰে৷ অনুষ্ঠানত সহকাৰী অধ্যাপক মনজিৎ গগৈয়ে কাজিৰঙা অধ্যয়ন চক্ৰৰ প্ৰয়াসক ভূয়সী প্ৰশংসা কৰি সাংবিধানিক বিষয়বোৰ সম্বন্ধেও মন্তব্য আগবঢ়ায়৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° পৰিমিতা ভূঞাই সাংবিধানিক চৰকাৰ আৰু সংবিধান দিৱসৰ তাৎপৰ্য সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়ায়৷ তেখেতে কয় যে চৰকাৰী ব্যৱস্থাটোৱে যাতে যিহকে ইচ্ছা সেয়াই কৰিব নোৱাৰে তাৰ বাবেই নাগৰিকক সুৰক্ষা দিবলৈ সংবিধানৰ প্ৰয়োজন৷ আমাৰ দেশৰ সাংবিধানিক ব্যৱস্থাই নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে৷ আনহাতে, কোনোবা চৰকাৰে নাগৰিকৰ অধিকাৰৰ বিপৰীতে গ’লেই সৰ্বোচ্চ ন্যায়ালয়ে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, সেই সম্বন্ধেও বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙা আৰু কাজিৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিত সম্পন্ন অনুষ্ঠানৰ শেষত কাজিৰঙা অধ্যয়ন চক্ৰৰ সাংগঠনিক সচিব অজানিতা হাজৰিকাই কয় যে আমি স্বাধীনভাৱে চিন্তা কৰিব পৰাৰ মূলতেই হ’ল আমাৰ সংবিধান৷ সেয়ে সকলো স্তৰৰ লোকে সংবিধানৰ বিষয়বোৰ শিকি বুজি লৈ এখন সুস্থ সমাজ গঢ়াত অগ্ৰসৰ হোৱা উচিত৷

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা