বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগ
সাংসদৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাত অনুষ্ঠিত হ’ল আন্তঃ ৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস। বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগত আয়োজিত এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। কাজিৰঙাৰ কহঁৰাত থকা কাজিৰঙা নেশ্বনেল পাৰ্ক হাইস্কুলৰ প্ৰাংগনত আয়োজন কৰা প্ৰতিযোগিতাত ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ আহ্বায়ক স্বপন নাথে আঁত ধৰা সাক্ষৰতা দিৱস অনুষ্ঠানতে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিনৰ উপলক্ষে শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰা হয়৷ কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱন খতিয়ৰাই বন্তি প্ৰজ্বলন কৰে। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা।
সাংসদ তাছাই ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ তথা আজিৰ দিৱসৰ তাৎপৰ্য আদি সম্পৰ্কে বক্তৃতা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰে। অনুষ্ঠানত অবসৰপ্ৰাপ্ত পৰ্যটন বিষয়া তৰুণ গগৈ, ধীৰেণ ফুকন, কাজিৰঙা চিত্ৰ কলা বিদ্যালয়ৰ সভাপতি পৰাণ ঘোষ, সম্পাদক ডায়েৰী প্ৰসাদ উপাধ্যায়, অধ্যক্ষ চিন্ময় ধৰ, পৰিবেশ কৰ্মী বুবুল শৰ্মা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক ৰঞ্জিত ৰজক, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ আহ্বায়ক ধ্ৰুৱজ্যোতি সাহা, বিতোপন মাজি , চন্দন নাথ, ইমৰাণ আলি, হোমেন গগৈ, কিষাণ চেত্ৰী, শৈলেন ডেকা, ৰাজা হুচেইন আদিৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন কৰা হয়।
ইফালে, আজিৰ অনুষ্ঠানত কাজিৰঙাৰ উদীয়মান প্ৰকৃতিপ্ৰেমী তথা কিছুদিন পূৰ্বে মণিপুৰ ইন্টাৰনেচনেল ইউনিভাৰ্চিটীৰ তৰফৰ পৰা প্ৰফেচাৰ উপাধি লাভ কৰা মনোজ গগৈক বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চই কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ দ্বাৰা সম্বৰ্ধনা জনায়। গগৈক এখন চেলেং আৰু সম্বৰ্দ্ধনা পত্ৰৰে সন্মান জ্ঞাপন কৰা হয়৷