কাজিৰঙাৰ বিভিন্ন দল-সংগঠনৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ আলোচনা

কাজিৰঙাৰ বিভিন্ন দল-সংগঠনৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ আলোচনা

কাজিৰঙাৰ সামগ্ৰিক উন্নয়নৰ বাবে বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চক আহ্বান সাংসদ তাছাৰ

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ যিসকল চৰকাৰী বিষয়াই কাজিৰঙাক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আছে, তেওঁলোকক অচিৰেই এই চৰিত্ৰ সলনি কৰিবৰ আহ্বান জনাই কাজিৰঙাৰ বিভিন্ন দল-সংগঠনৰ স’তে এক আলোচনাত মিলিত হয় কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা৷ তেখেতে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ আঁৰত চৰকাৰী পক্ষৰ যিমান ত্যাগ আছে, তাতকৈ বহু বেছি ত্যাগ আছে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া জনগণৰ৷ কিন্তু, বিগত কিছুদিন ধৰি বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ভূমিকা অত্যন্ত দুখলগা হৈ পৰা পৰিলক্ষিত হৈছে৷ স্থানীয় ৰাইজৰ ত্যাগক উপেক্ষা কৰি ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ বিষয়াই মইমতালি কৰাৰো অভিযোগ পোৱা গৈছে৷ সেইবোৰ যদি কোনো বিষয়া-কৰ্মচাৰীয়ে কৰিছে সেয়া নাইকিয়া নিজকে শুদ্ধ কৰিবলৈ যত্ন কৰক৷ কাজিৰঙা বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচনা সভাৰ আঁত ধৰে কাজিৰঙা বহুমুখী সমবায় সমিতিৰ হৈ পৰিৱেশকৰ্মী বুবুল শৰ্মাই৷ আলোচনা সভাত জ্যেষ্ঠ নাগৰিক ফটিক বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মীৰা গগৈ, মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত বৰা, হোটেল এণ্ড ৰিচৰ্ট এচ’ছিয়েছনৰ পংকজ গগৈ, পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মুকুল দাস, প্ৰাক্তন আটছা কৰ্মী লক্ষণ কৰ্মকাৰ, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ স্বপন নাথ, চন্দন নাথ, ইমৰাণ আলি, হোমেন গগৈ, কিষাণ ছেত্ৰী, চাহ জনগোষ্ঠী সাহিত্য সভাৰ কাজিৰঙা শাখাৰ সম্পাদক তথা সাংবাদিক বিতোপন মাজি, কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ তথা সাংবাদিক ধ্ৰুৱজ্যোতি সাহা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ মনোজ প্ৰতিম শইকীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সঞ্জীৱ দত্ত, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সুভাষ চাওৰা, কাজিৰঙা আৰু হুকুমা বিল সমিতিৰ বিপন গগৈ, নিতুল বাউৰী, বাসন্তী মান্‌কি, কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱন খতিয়ৰা, কাজিৰঙা জীপ ছাফাৰী সন্থাৰ বিতোপন গগৈ, পৰ্যটন উন্নয়ন আৰু কল্যাণ পৰিষদৰ তুলসী বৰদলৈ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যতীন কলিতা আদিকে ধৰি বিভিন্নজন লোক উপস্থিত থাকে৷ আলোচনা সভাত কাজিৰঙাৰ জীপ ছাফাৰীৰ লগতে আন আন পৰ্যটন কেন্দ্ৰিক বিষয়েই হওক অথবা আন আন বিষয়বোৰেই হওক স্থানীয় ৰাইজক সংশ্লিষ্ট বিভাগে প্ৰাধান্য দিয়াৰ বিৰত থকা সন্দৰ্ভত উত্থাপন হয়৷ তদুপৰি, কাজিৰঙাৰ বহনক্ষম পৰ্যটনৰ উত্তৰণ কৰোৱা, নিম্নগামী হোৱা ভূ-গৰ্ভৰ জলস্তৰৰ সমস্যা নাইকিয়া কৰা, বিদ্যায়তনিক বিষয়বোৰক প্ৰাধান্য দিয়া, থলুৱা ৰাইজৰ জীৱন ধাৰণৰ মান উন্নত কৰা, উঠি অহা প্ৰজন্মৰ দক্ষতা বিকাশত গুৰুত্ব দিয়া, কাজিৰঙাত বিকল্প পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা, ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ লগতে কাজিৰঙাৰ ৰাইজৰ সামগ্ৰিক উন্নয়ন সম্বন্ধে আলোচনা কৰা হয়৷ এই সন্দৰ্ভত সাংসদ তাছাই কয় যে কাজিৰঙাৰ থলুৱা জনগণক উপেক্ষা কৰা কোনো প্ৰসংগকে কেতিয়াও গ্ৰহণ কৰা নহ’ব৷ তেখেতে লগতে কয় যে কাজিৰঙাই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰিছে, অথচ কাজিৰঙাৰ মুখ্য কেন্দ্ৰস্থল কঁহৰা চাৰিআলিত প্ৰস্ৰাৱাগাৰ এটা বিচাৰি পৰ্যটকে হাহাকাৰ কৰিবলগীয়া হয়৷ থাকোতে চাৰি-পাঁচটা প্ৰস্ৰাৱাগাৰ আছে, অথচ কোনো এটাও ব্যৱহাৰৰ যোগ্য নহয়৷ এই বিষয়বোৰ চাবলৈ স্থানীয় প্ৰশাসন, বনবিভাগ, পৰ্যটন বিভাগৰ কিয় সময় নাথাকে বুলিও সাংসদ তাছাই উল্লেখ কৰে৷ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কাজিৰঙাৰ সামগ্ৰিক উন্নয়নৰ বাবে বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ কৰ্মকৰ্তাক আগভাগ ল’বলৈ আলোচনা সভাৰ জৰিয়তে আহ্বান জনায়৷

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা