কাজিৰঙাত কহঁৰা সমন্বয় মহিলা সমিতিৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম বাৰ্ষিকী উদযাপন

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে কাজিৰঙাত উদযাপন কৰা হ’ল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম দিৱস৷ কাজিৰঙাৰ কঁহৰা চাৰিআলিত কহঁৰা সমন্বয় মহিলা সমিতিৰ উদ্যোগত কালি সন্ধিয়া উদযাপন কৰা হয় সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম দিৱস৷

শতাধিক লোকৰ উপস্থিতিৰে উদযাপিত অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা৷ অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মাকন মাজিয়ে৷

ইয়াৰ পাছতে সুধাকণ্ঠৰ জন্মদিনত তেখেতক সোঁৱৰণ কৰি বক্তব্য আগবঢ়ায় কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু শিক্ষয়িত্ৰী অৰ্চনা ভট্টাচাৰ্যই ৷ মহিলা সমিতিৰ সদস্যৰ দ্বাৰা সুধাকণ্ঠৰ “মানুহে মানুহৰ বাবে” গীতটি সমবেত কণ্ঠত পৰিৱেশনেৰে আৰম্ভণি হোৱা অনুষ্ঠানত শিশু শিল্পী ঝুমইৰ জ্যোতি মাজি, অনাদি বৰদলৈ, কণ্ঠশিল্পী মামনি বৰা, জোনালী গগৈ, জিনা বৰঠাকুৰৰ লগতে শিক্ষক যতীন বৰদলৈ, বন বিষয়া তৰুণ গগৈ, সাংবাদিক ৰঞ্জিত ৰজক, বিতোপন মাজি, স্থানীয় বুবুল বৰা, বিকি ৰজক আদিয়ে সুধাকণ্ঠৰ গীতত কণ্ঠ নিগৰাই অনুষ্ঠানটি জীপাল কৰি তোলে৷

মহিলা সমিতিৰ সম্পাদিকা গীতিৰেখা দত্তই অনুষ্ঠানটোৰ আঁত ধৰাৰ লগতে ড° মামনি ৰয়ছম গোস্বামীয়ে সুধাকণ্ঠৰ প্ৰতি উৎসৰ্গিত কৰি ৰচনা কৰা এটি কবিতা আবৃত্তি কৰাৰ লগতে অনুষ্ঠানৰ মাজে মাজে ড° ভূপেন হাজৰিকাৰ জীৱন সম্পৰ্কে আলোকপাত কৰে আৰু লগতে তেখেতৰ জীৱন দৰ্শন সম্পৰ্কে আলোচনা আগবঢ়ায়৷ ইফালে, উদ্যোক্তাসকলে সুধাকণ্ঠৰ ৯৮ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ৯৮ গচ চাকি জ্বলাই অনুষ্ঠান প্ৰাংগন আলোকসজ্জিত কৰি তোলে৷

অনুষ্ঠানত কহঁৰা সমন্বয় মহিলা সমিতিৰ হৈ মামনি বৰা, পিংকি দত্ত মাজি, পুতলী ৰজক, উৎপলা বৰা, মমী তাঁতী, নিকুঞ্জ বৰুৱা, মৌচুমী মালাকাৰ, ৰীমা গগৈ, চুমি গগৈ আদিৰ লগতে অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ডালিমী বৰা, সাংবাদিক ধ্ৰুৱজ্যোতি সাহা, নীলপদ্ম শৰ্মা, মনোজ প্ৰতিম শইকীয়া, চন্দন নাথ আদি উপস্থিত থাকে৷

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন