বিধায়কৰ পুত্ৰৰ আত্মসমৰ্পণ

বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুলৰ আত্মসমৰ্পণ

কলিয়াবৰত উৎখাত তেল চুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড গেং

কিশোৰী কুমাৰ ডেকা, কলিয়াবৰঃ
পিতৃ ক্ষমতাশীল হ’লে যিকোনো কৰিব পাৰি৷ যেন তেনে এক চিন্তা মনত লৈয়েই এইবাৰ স্বয়ং বিধায়কৰ পুত্ৰ নামি পৰিল খাৰুৱা তেল চুৰি কাৰ্যত৷ গ্ৰামাঞ্চলৰ নদাই-ভদাই নহয় বৰঞ্চ এইবাৰ খাৰুৱা তেল চুৰি কাৰ্যৰ সৈতে জড়িত হৈ অৱশেষত আত্মসমৰ্পণ পৰ্যন্ত কৰিল এগৰাকী বহু বিতৰ্কিত বিধায়কৰ পুত্ৰৰ নাম ৷ নগাঁও আৰক্ষীয়ে কলিয়াবৰৰ ভিন্ন স্থানৰ পৰা খাৰুৱা তেল চুৰি কাৰ্যৰ লগত জড়িত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত ঘটনাই নতুন মোৰ লৈছে। এই তেল চুৰি ঘটনাৰ লগত নগাঁৱৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ তথা আমছু নেতা ৰকিবুল হুদা ফৰাজীৰ নাম সাঙোৰ খাই পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে ২ আগষ্টৰ নিশা নগাঁও আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই কলিয়াবৰত তেল চুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড গেং উৎখাত কৰিবলৈ সক্ষম হয়। কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত নগাঁৱৰ আৰক্ষীয়ে এই অভিযান চলাইছিল। কলিয়াবৰৰ আমনি, চুলুং আৰু বাগৰিত অভিযান চলাই আৰক্ষীয়ে পাঁচজন লোকক তেল চোৰৰ অভিযোগত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেল চুৰি চক্ৰৰ পাঁচজন হল — তেজপুৰ কছাৰী পামৰ আলম আলি, ভোমোৰাগুৰিৰ আব্দুল জলিল, বাগৰিৰ জামাল উদ্দিন, বাগৰি হাৰমতিৰ তাহেৰ আলি আৰু চামগুৰিৰ খলিহামাৰীৰ ইব্ৰাহিম আলি। আৰক্ষীয়ে তেওঁলোকৰ পৰা দুখন বিলাসী বাহন আৰু নগদ এক লাখ টকা উদ্ধাৰ কৰে। আৰক্ষীয়ে জব্দ কৰা বাহন দুখন হ’ল এ এছ এ এ ২৬৪৮ নম্বৰৰ চুইফট বাহন আৰু এ এছ এ ই ৮৯৭৭ নম্বৰৰ কিয়া বাহন। চক্ৰটোৱে কলিয়াবৰৰ আমনি-নলতলি এলেকাৰ মাজত আৰু বাগৰি অঞ্চলত তেল চুৰি তেল পৰিবাহী বাহনৰ পৰা কৰে বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে, চক্ৰটোৱে নলতলিৰ সমীপৰ হাতীগাঁৱৰ চাহজাদা নামৰ এজন লোকৰ ভূমিত তেল চুৰিৰ বাবে এটা স্থান নিৰ্বাচন কৰে। এই সকলো খবৰ আৰক্ষীৰ ওচৰত আছিল। ইয়াতেই ঘাটি পাতি চক্ৰটোৱে টেংকাৰৰ পৰা তেল চুৰি কৰিবৰ বাবে সক্ৰিয় হৈ পৰে। এই চক্ৰটোৰ মাষ্টাৰমাইণ্ড হ’ল বাগৰিৰ জামালউদ্দিন আৰু তাহেৰ আলি। এই চক্ৰটোক পূৰ্ণ সহযোগিতা আগবঢ়াইছিল চামগুৰিৰ আমনিৰ সমীপৰ খৰিহামাৰীৰ ইব্ৰাহিম আলিয়ে। ইব্ৰাহিম পূৰ্বতেও তেল চুৰিৰ লগত জড়িত আছিল। সম্প্ৰতি কলিয়াবৰৰ উলুৱনী আৰক্ষী থানাই কেউজনৰ পৰা অধিক তথ্য আহৰণৰ বাবে ন্যায়ালয়ৰ পৰা জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে জেৰা কৰা ইব্ৰাহিম আলিয়ে এই চক্ৰটোৰ লগত বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা জড়িত আছে বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিয়ে।ইব্ৰাহিমৰ বেংক একাউণ্টৰ পৰা ৰকিবুল হুদাৰ একাউণ্টত লেনদেনৰ তথা লাভ কৰে আৰক্ষীয়ে। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে যোৱা নিশা দিছপুৰৰ বিধায়ক কলনী আৰু ৰূপহীত ৰকিবুল হুদাক বিচাৰি অভিযান চলায় যদিও তেওঁক কৰায়ত্ত কৰিব নোৱাৰিলে। ইপিনে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইব্ৰাহিম নামৰ এজন যুৱকে ৰকিবুল হুদাৰ পৰা ৮০ হাজাৰ টকা ধাৰে লৈছিল। ইয়াৰে ৫০ হাজাৰ টকা ইব্ৰাহিমে অনলাইন যোগে ঘূৰাই দিছিল। ‘এইটোৰে মেৰপাছত মোৰ পুত্ৰক জড়িত কৰিব বিচৰা হৈছে। সমগ্ৰ বিষয়টো মই অনুসন্ধান কৰিম। মই তদন্তত আৰক্ষীক সহযোগ কৰিম। মোৰ বিশ্বাস মোৰ ল’ৰাই এনে কাম নকৰিব। যদি সি দোষী হয় তেন্তে শাস্তি পাব। আইনৰ ওপৰত মোৰ বিশ্বাস আছে আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়াম।’ নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে যে এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰি আৰক্ষীয়ে অনুসন্ধান চলায় আৰু সক্ৰিয় হোৱা তেল চুৰি চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চক্ৰটোৱে আৰক্ষীক মেনেজ কৰাৰ চেষ্টা কৰিছিল যাতে তেওঁলোকে তেল চুৰিৰ লগত সক্ৰিয় হ’ব পাৰে। এই কাণ্ডৰ লগত আৰু দুই-তিনিজনমান জড়িত আছে। বিধায়ক হুদাৰ পুত্ৰ ৰকিবুল হুদা এই কাণ্ডত জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে তেওঁক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। তেওঁক ধৰিব পাৰিলেই আৰু বহু তথ্য উদ্ধাৰ হ’ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰে। ইয়াৰ পাছতেই আজি নিশা কলিয়াবৰৰ উলুৱনি থানাত বিধায়ক নুৰুল হুদাৰ পুত্ৰই আত্মসমৰ্পণ কৰে৷

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস