মৰিগাঁৱত সাংবাদিক ৰাতুল ডেকাৰ শোকসন্তপ্ত পৰিয়ালৰ ওচৰত অসম ৰাজ্যিক সাংবাদিক সন্থা
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ আজি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এটি দলে সদ্য প্ৰয়াত ৰাতুল ডেকাৰ মৰিগাঁৱৰ জালুগুটিস্থ গৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ ওচৰত উপস্থিত হয়। উল্লেখ্য যে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এজন নিষ্ঠাবান কাৰ্যনিৰ্বাহক সদস্য তথা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি ৰাতুল ডেকাৰ যোৱা ২৭ আগষ্টত আকস্মিক বিয়োগ ঘটে। আজি প্ৰয়াত ডেকাৰ গৃহত উপস্থিত হৈ অসম ৰাজ্যিক সাংবাদিক সন্থাই পৰিয়ালৰ গভীৰ দুখৰ সমভাগী হোৱাৰ লগতে পত্নী নমিতা ডেকাৰ হাতত শোক পত্ৰ প্ৰদান কৰে। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ হৈ আজি প্ৰয়াত ডেকাৰ গৃহত উপস্থিত হয় সভাপতি জিতু শৰ্মা ৰাজখোৱা, সম্পাদক প্ৰদীপ বৰাৰ নেতৃত্বত এটা সঁজাতী দল৷
সন্থাৰ সভাপতি জিতু শৰ্ম্মা ৰাজখোৱাই এগৰাকী নিষ্ঠাবান কৰ্মী মৃত্যুত সংবাদ ক্ষেত্ৰ খনত অপুৰনীয় ক্ষতি বুলি মন্তব্য কৰি গভীৰ শোক প্ৰকাশ কৰে। ইফালে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ অন্তৰ্গত গোলাঘাট জিলা সাংবাদিক সন্থা, আৰু বোকাখাত মহকুমা সাংবাদিক সংস্থাই উদীয়মান কৰ্মীজনৰ মৃত্যুত শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। ৰাজ্যিক সাংবাদিক সন্থাৰ দলটোৱে প্ৰয়াত সাংবাদিক গৰাকীৰ পৰিবাৰক কিছু আৰ্থিক সকাহ প্ৰদান কৰে। আনহাতে সাংবাদিক গৰাকীৰ কন কন শিশু দুটিৰ ভৱিষ্যতৰ দায়িত্ব ল’বৰ বাবে মৰিগাঁৱৰ বিধায়ক, জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূয হাজৰিকা আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।