বিতোপন মাজি, ৰাইজৰ খবৰ ডিজিটেলঃ নুমলীগড়ত পুনৰ গঠন কৰা হয় অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ নুমলীগড় শাখা সমিতি৷ ১৪ ছেপ্তেম্বৰ তাৰিখে নুমলীগড় বাগিছা সংঘৰ পুঁথিভৰাঁল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত জ্যেষ্ঠ চিত্ৰশিল্পী তথা সমাজকৰ্মী বিজয় তাঁতীক সভাপতি আৰু অনুৰাধা তাঁতীক সম্পাদক হিচাপে লৈ ৩১ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়৷
নুমলীগড় বাগিছা সংঘৰ সভাপতি নাথু দুচাদৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সভাৰ নুমলীগড় শাখাৰ পূৰ্বৰ সভাপতি নবীন দাসে৷ উদ্দেশ্য ব্যাখ্যাত তেখেতে নুমলীগড় শাখা সমিতি পুনৰ গঠনৰ বাবেই এই সভাৰ আয়োজন কৰা হৈছে বুলি কয়৷ উদ্দেশ্য ব্যাখ্যাৰ পূৰ্বে চিনাকি পৰ্ব আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰয়াত কোষাধ্যক্ষ গুণীন চন্দ্ৰ দাসদেৱক শ্ৰদ্ধাঞ্জলি জনাই ১ মিনিট মৌন প্ৰাৰ্থনা কৰা হয়৷ ইয়াৰ পিছত আলোচনা আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ হৰিবোলা কালিন্দীয়ে কয় যে, তৃণমূল পৰ্যায়ত কাম কৰিবৰ বাবে আমাক শাখাৰ প্ৰয়োজন৷ গতিকে সাংবিধানিক নিয়ম অনুসৰি নুমলীগড় শাখাটি পুনৰ গঠন হওক আৰু লক্ষ্য-উদ্দেশ্যৰ দিশে আগবাঢ়ি যাওক৷
ইয়াৰ পিছতে সাহিত্য সভাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক পংকজ কালিন্দীয়ে আলোচনা আগবঢ়াই কয় কি দৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাই বিভিন্ন ক্ষেত্ৰত কাম-কাজ ৰূপায়ণ কৰিছে৷ তদুপৰি, নুমলীগড় শাখা সমিতি গঠনেৰে পৰৱৰ্তী সময়ত নুমলীগড়ৰ ঐতিহ্য অটুট ৰখাকৈ কাম কৰি যাওক বুলি মন্তব্য আগবঢ়ায়৷ ইয়াৰ পিছতে সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক সোণেশ্বৰ বাঢ়ৈয়ে আলোচনা আগবঢ়াই সাহিত্য সভাৰ সংবিধান সন্দৰ্ভত কয়৷ তদুপৰি, কেনেদৰে শাখাৰ কাম-কাজ চলাই যাব লাগিব সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়৷ সভাতে গঠন হোৱা নতুন সমিতিক কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়-ববীয়াই শপত বাক্য পাঠ কৰোৱায়৷
ইফালে নতুন সমিতিক শুভেচ্ছা জনাই কাজিৰঙা শাখাৰ সম্পাদক তথা সাংবাদিক বিতোপন মাজি, বোকাখাত শাখাৰ সম্পাদক ভৰত ৰবিদাস, আটছা বোকাখাত শাখাৰ সভাপতি সুৰজিৎ পাইক, বিবেক ৰাজোৱাৰ আদিয়ে বক্তব্য ৰাখে৷ সভাত জ্যেষ্ঠ সাংবাদিক মহেশ্বৰ ৰবিদাস, বোকাখাত শাখাৰ সভাপতি ৰাজু ৰাজোৱাৰ, ঘনকান্ত কুৰ্মী, বিষ্ণু তাঁতী, দূৰ্গেশ্বৰ লোহাৰ, গোমন তাঁতী, স্থানীয় যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীকে আদিকে ধৰি অৰ্ধ শতাধিক লোক উপস্থিত থাকে৷