সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা
বুবুল দত্ত ৰিপৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ আজি বোকাখাতত অনুষ্ঠিত হয় সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা৷ বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰে পুৱা পতাকা উত্তোলন কৰি সভাৰ কাৰ্যসূচী আৰম্ভ কৰে।
তাৰ পাছতে ১৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে আৰু স্মৃতি তৰ্পণ কৰে ৮ গৰাকী কবি সাহিত্যিকে৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই অনুষ্ঠান উদ্বোধন কৰে। গায়ন বিশাৰদ ৰিজুমণি বৰা হাজৰিকাৰ নেতৃত্বত পূৰ্বৰঙ্গ সংগীত একাডেমিৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত বৰগীতেৰে শুভাৰম্ভ হয় সভাৰ কাৰ্যনিৰ্বাহক।
বিশিষ্ট শিল্পী কাকলি গোস্বামীৰ বেহেলা বাদনে উপস্থিত সকলোকে অভিভূত কৰে। কবি শৰৎ হাজৰিকাৰ কাব্যগ্ৰন্থ “ভাৱনাৰ বন সোণাৰু” উন্মোচন কৰে অসমৰ স্বনামধন্য কবি অজিৎ গগৈয়ে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰা আৰু সম্পাদক চৈয়দ পাৰভিজ হুছেইন। বিভিন্ন গণ্যমান্য ব্যক্তি আৰু কবি-সাহিত্যিকৰ উপস্থিতিয়ে সভাখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।