নীৰৱতাৰ সিপাৰে ১ঃ
ধুনীয়া ধুনীয়া পাৰ্থেনিয়াম ধুনীয়া
— মানস প্ৰতিম দত্ত
সময় তেতিয়া দিনৰ ১:৩০ বাজিছে। গ্ৰীষ্মকালৰ ৰাতিপুৱা শ্ৰেণীসমূহ পুৱা ৭:৩০ বজাৰ পৰা ১ বজালৈ চলি আছিল। তেতিয়ালৈ বিদ্যালয় ছুটী হ’লগৈ। বতৰটো তেনেই গোমা অথচ গুপগুপীয়া গৰম এটাই আমাক প্ৰায়ে অতিষ্ঠ কৰি আছে।
ভাবিলোঁ, এই গৰমৰ খাও খাও ৰূপৰ পৰা আঁতৰি নদীৰ পাৰৰ মলয়া বা এছাটিৰ সোৱাদ ল’লে নিশ্চয় মনটো ভাল লাগিব।
কথাষাৰ ভাবিলোঁ যেতিয়া আৰু ৰৈ থকাৰ সকাম নাই। লাহেকৈ মাতমৰালৈ বুলি ৰাওনা হ’লোঁ। লগত সহকৰ্মী ৰাহুল গগৈ, প্ৰসেনজিৎ মিলি, প্ৰীতিৰঞ্জন শইকীয়া, দীপক শৰ্মা, তৰুণ দাস, বিজয়প্ৰসাদ কানু আৰু শুভৰঞ্জন দুৱৰা। চাৰিকড়ীয়াৰ দলং অতিক্ৰমি আমি আগবাঢ়িলোঁ…।
ন-কৈ গঢ়ি তোলা মাজুলী-জোনাই সংযোগী পথছোৱা পাই হঠাৎ চকু গ’ল-ধুনীয়া ফুলৰ এজোপা গছলৈ। ওচৰলৈ গৈ দেখো এয়া দেখোন ভয়াৱহ পাৰ্থেনিয়াম গছহে। আচলতে ধুনীয়া সকলো বস্তুৱেই আমাৰ উপকাৰী নহয়। দেখাত ধুনীয়া সৌন্দৰ্যৰ অধিকাৰী অথচ মানুহৰ লগতে অন্য জীৱ জন্তুৰ বাবে ভয়ানক এবিধ অপকাৰী বিষাক্ত উদ্ভিদ হৈছে পাৰ্থেনিয়াম।
সাধাৰণতে পদপথৰ দাঁতিত কাষত লহপহকৈ বগা ফুলেৰে আমাৰ মন উন্মনা কৰিব পৰা এবিধ গছ পাৰ্থেনিয়াম। বৰ্তমান অসমৰ বিভিন্ন ঠাইত প্ৰসাৰিত হৈ পৰা এই উদ্ভিদবিধৰ বৈজ্ঞানিক নাম হৈছে Parthenium hysterophorus। পাৰ্থেনিয়ামক পৃথিৱীৰ সপ্তম মাৰাত্মক অপতৃণ হিচাপে গণ্য কৰা হয়। এই বিষাক্ত উদ্ভিদ সাধাৰণতে ১-১.৫ মিটাৰ উচ্চতাত থাকে। সাধাৰণতে পাৰ্থেনিয়ামবোৰ দেখাত হাইব্ৰিড ধানৰ গছৰ দৰে। নতুনকৈ সজা ৰাস্তাৰ ডিভাইদাৰৰ কাষে কাষে মনোমুগ্ধ ৰূপত ফুলি থাকে এই উদ্ভিদবোৰ।
পাৰ্থেনিয়ামৰ পাত সাধাৰণতে তৰা আকৃতিৰ আৰু বিলাহীৰ পাতৰ দৰে ডালযুক্ত ত্ৰিভুজ থাকে। সেয়েহে ইয়াক বিলাহীৰ অপতৃণ বা গাজৰ ঘাঁহ (কেৰট গ্ৰাছ)বুলি কোৱা হয়। ইয়াৰ ফুল সাধাৰণতে ঘূৰণীয়া, বগা, আঠাযুক্ত আৰু পিছল। ই প্ৰাণীজগত আৰু মানুহৰ জীৱনত বহুতো ক্ষতিকাৰক প্ৰভাৱ পেলায়। এই অপতৃণত চেস্কুইটাৰপিন লেক্টন উপৰি পাৰ্থেনিন, হিষ্টাৰিণ, হাইমেনিন, এম্ব্ৰ’চিন আদি বিষাক্ত পদাৰ্থ থাকে। যিটো কেফেইক এচিড, ভেনিলিক এচিড, এনচিক এচিড, পি-এনিচিক এচিড, ক্ল’ৰ’জেনিক এচিড আৰু পেৰাহাইড্ৰক্সি বেনজ’ইক এচিডৰ দ্বাৰা গঠিত। এই বিষ মানুহ আৰু অন্যান্য জীৱৰ বাবে অতি ক্ষতিকাৰক।
এই বিদেশী অপতৃণবিধ ১৯৫০ চনত আমেৰিকাৰ পৰা আমদানি কৰা পি এল ৪৮০ ঘেঁহুৰ সৈতে ভাৰতত প্ৰৱেশ কৰা বুলি ধাৰণা কৰা হয়। ভাৰতবৰ্ষৰ পুণেত ১৯৫৬ চনৰ পৰা ভয়ানকভাবে বৃদ্ধি হৈ পৰা অপতৃণ পাৰ্থেনিয়ামে আন শস্যৰ বৃদ্ধিত বাধা দিয়া ৰাসায়নিক পদাৰ্থও নিৰ্গত কৰে।
পাৰ্থেনিয়ামে উদ্ভিদৰ যথেষ্ট ক্ষতি কৰে। পথাৰৰ শস্য বা উদ্ভিদৰ ওচৰত পাৰ্থেনিয়াম থাকিলে সেই শস্যৰ উৎপাদন বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰ উপৰিও পোক-পতংগৰ দ্বাৰা পৰাগযোগৰ ফলত পাৰ্থেনিয়ামৰ পৰাগৰেণু অন্য উদ্ভিদলৈ বৈ যায়, যাৰ ফলত পোক-পতংগ আৰু শস্য উভয়ৰে ক্ষতি হয়।
পাৰ্থেনিয়ামে উদ্ভিদৰ শোষিত কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰাত বাধা দি সালোক সংশ্লেষণ প্ৰক্ৰিয়াক ক্ষতিগ্ৰস্ত বহু কৰে। মাটিত এই অপতৃণ থাকিলে আন শস্যৰ উৎপাদন প্ৰায় চল্লিশ শতাংশ হ্ৰাস পায় বুলি জনা যায়। এই অপতৃণই বীজৰ অংকুৰণ আৰু বৃদ্ধি বহু পৰিমাণে হ্ৰাস কৰি শস্যৰ উৎপাদনক প্ৰভাৱিত কৰে। পাৰ্থেনিয়াম উদ্ভিদৰ সকলো অংশই ক্ষতিকাৰক। পাৰ্থেনিয়াম ঘাঁহনি পথাৰত গৰু চৰিলে জন্তুটোৰ শৰীৰ ফুলি উঠাৰ লগতে জ্বৰকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে আৰু বদহজম ৰোগত ভুগিব পাৰে।
পাৰ্থেনিয়াম গছ খালে গৰু-ম’হ আক্ৰান্ত হ’ব পাৰে। ফলত আক্ৰান্ত জন্তু এটাৰ মাংস খালে মানুহৰ শৰীৰতো ই সংক্ৰমিত হ’ব পাৰে। ইয়াৰ ফলত মানুহৰ শৰীৰত হাঁপানী, ব্ৰংকাইটিছ, হাওঁফাওঁৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন ৰোগে ক্ৰিয়া কৰিব পাৰে। আধিপত্যবাদী এই উদ্ভিদে এলাৰ্জীৰ সৃষ্টি কৰে। পাৰ্থেনিয়াম অপতৃণ হাতেৰে স্পৰ্শ কৰিলে বা থেতেলিয়াই দিলে সৰুৰ পৰা ডাঙৰ ৰোগ হ’ব পাৰে।
পাৰ্থেনিয়ামৰ উৎপত্তিস্থল মেক্সিকো। খুব কম সময়ৰ জীৱন চক্ৰৰ এই উদ্ভিদ প্ৰজাতিৰ জীৱনকালত তিনিবাৰ ফুলে। মাত্ৰ তিনি-চাৰিমাহৰ জীৱনকালত তীব্ৰগতিত বংশবিস্তাৰ কৰে। এজোপা পাৰ্থেনিয়ামে ৪,০০০-২৫,০০০ বীজ ধাৰণ কৰিব পাৰে। ইয়াৰ ফুলৰ ৰেণুবোৰ ইমানেই ক্ষুদ্ৰ যে উশাহ-নিশাহৰ সময়ছোৱাত অতি সহজে আমাৰ হাঁওফাঁওত প্ৰৱেশ কৰিব পাৰে। পাৰ্থেনিয়াম ফুলৰ ৰেণু মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে। প্ৰাৰম্ভিক পৰ্যায়ত হাত-ভৰি খজুৱতি হোৱাৰ ফলত ৰঙা হৈ পৰে আৰু বৃহৎ পৰিসৰত ছালৰ কৰ্কট ৰোগ সৃষ্টি কৰে। ইয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিজনৰ সঘনাই জ্বৰ হয় আৰু অতিশয় মূৰৰ বিষ আৰু উচ্চ ৰক্তচাপত ভূগি থাকে। দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে পাৰ্থেনিয়ামে ভয়ংকৰ পাৰ্শ্বক্ৰিয়া দেখুৱাবলৈ আৰম্ভ কৰে।
আটাইতকৈ আতংকজনক খবৰটো হ’ল ভাৰতৰ পুনেত পাৰ্থেনিয়াম বিষক্ৰিয়াৰ ফলত এতিয়ালৈকে ১২ জন লোকৰ মৃত্যু হৈছে।পাৰ্থেনিয়ামৰ অপতৃণ ছিঙিলে গছজোপাৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা বিৰত থাকিব লাগে। প্লাষ্টিক বা পলিথিন গ্লভছ হাতত পিন্ধিব লাগে। মুখত মাস্ক লগাইহে ওচৰলৈ যাব লাগে। মানুহৰ শৰীৰত এই উদ্ভিদৰ কোনো অংশ লাগিলে ছাল ৰঙা পৰি খজুৱতি সৃষ্টি কৰে।
পাৰ্থেনিয়াম নিয়ন্ত্ৰণ কৰিবলৈ বহুতো জৈৱ নিয়ন্ত্ৰণ পদ্ধতি প্ৰয়োগ কৰা দেখা গৈছে। ক্ষতিকাৰক অপতৃণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে মানুহে ব্যৱহাৰ কৰিব পৰা ফলপ্ৰসু ব্যৱস্থাটোৱেই হৈছে জৈৱিক নিয়ন্ত্ৰণ। জৈৱিক নিয়ন্ত্ৰণ সহজলভ্য হোৱাৰ লগতে পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ইয়াৰ কোনো ভাবুকি নাথাকে। পোক-পৰুৱা, ভেঁকুৰ, শামুক আৰু বন মেডেকুৱাৰ দৰে পাৰ্থেনিয়ামক বাধা দিব পৰা উদ্ভিদক জৈৱ নিয়ন্ত্ৰণকাৰী দ্ৰব্য হিচাপে ব্যৱহাৰ কৰিব পাৰে। জাইগ’গ্ৰাম্মা বাইকালাৰ’টা ( Zygogramma bicolorata Pallister) নামৰ গুবৰুৱা জাতীয় পতংগবিধক পাৰ্থেনিয়ামৰ জৈৱ নিয়ন্ত্ৰক হিচাপে ব্যৱহাৰ কৰা হৈছে। মেক্সিকান গুবৰুৱা হিচাপে পৰিচিত এই জীৱবিধ মধ্য ভাৰতৰ বনাঞ্চলবোৰত যথেষ্ট সংখ্যক পোৱা গৈছিল। ১৯৮০ চনত অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত জৈৱিক নিয়ন্ত্ৰণ এজেণ্ট হিচাপে মুকলি কৰি পাৰ্থেনিয়াম নিয়ন্ত্ৰণত সফল হোৱা দেখা গৈছিল। পৰীক্ষা নিৰীক্ষাৰ অন্তত ১৯৮৪ চনত ভাৰততো পাৰ্থেনিয়াম অপতৃণৰ বিৰুদ্ধে জৈৱিক নিয়ন্ত্ৰণকাৰী হিচাপে ইয়াক মুকলি কৰা হৈছিল।
তদুপৰি ইয়াৰ নিয়ন্ত্ৰণৰ বাবে এম এম কলেজ অব্ চায়েন্স, নাগপুৰৰ ড° ৰীণা এছ সাহাই কিছুমান পৰামৰ্শ আগবঢ়াইছিল যে, বাৰিষা কালত ফুল ফুলাৰ আগতে পাৰ্থেনিয়ামবোৰ উভালি পচন সাৰ আৰু কেঁচুসাৰ প্ৰস্তুত কৰিব লাগে। ঘৰৰ আশে-পাশে আৰু সংৰক্ষিত ঠাইত নাৰ্জী ফুল ৰোপণ কৰিলে পাৰ্থেনিয়ামৰ বিস্তাৰ আৰু বৃদ্ধি ৰোধ কৰিব পাৰি। খেতি নকৰা অঞ্চলত অক্টোবৰ-নৱেম্বৰ মাহত মেডেলুৱা জাতীয় (Cassia cerisea বা Cassia tora) উদ্ভিদৰ বীজ সংগ্ৰহ কৰি ফেব্ৰুৱাৰী-মাৰ্চ মাহত ছটিয়াই দিব লাগে। এই উদ্ভিদে পাৰ্থেনিয়ামৰ বৃদ্ধি আৰু বিকাশত বাধা দিয়ে।
বিজ্ঞানীসকলে পাৰ্থেনিয়ামৰ কিছু ঔষধি গুণৰ বিষয়ে গৱেষণা কৰিছে। সমগ্ৰ মধ্য আমেৰিকা আৰু কেৰিবিয়ানত পাৰ্থেনিয়ামক পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ছালৰ সংক্ৰমণ, ছালৰ ৰোগ, এমিবিক ডিচেণ্ট্ৰিৰ চিকিৎসাত ব্যৱহাৰ কৰাৰ লগতে পেশীৰ বাতবিষৰ চিকিৎসাত বিষনাশক হিচাপে ব্যৱহাৰ কৰি অহাৰ তথ্য লভলীন কৌৰ আৰু তেখেতৰ সহযোগীসকলে জাৰ্ণেল অব্ এথন’ফাৰ্মাক’ল’জীত উল্লেখ কৰিছে। এয়া ঠিক বিষেৰে বিষ নাশ কৰাৰ দৰে কথা। কিন্তু অসমৰ প্ৰেক্ষাপটত গোজেই গজালি মেলাৰ দৰে ভয়াৱহ হৈ উঠা উন্মুক্ত আৰু আগ্ৰাসী এই বিষাক্ত উদ্ভিদবিধ আমাৰ ৰাজ্যৰ জনস্বাস্থ্যৰ বাবে গুৰুতৰ ভাবুকি হিচাপেই চিহ্নিত হৈছে। সঠিক বিজ্ঞানসন্মত আৰু জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ বৃদ্ধিত বাধা দিয়াটো নিতান্তই প্ৰয়োজনীয়।
লাহে লাহে আমি গন্তব্যস্থল পাঁলোগৈ। কেওটাই নিৰ্ভেজাল বতাহৰ সুৰীয়া সুৰত আপোনভোলা হৈ ব্যস্ত হৈ পৰিলোঁ মাতমৰাৰ সুকোমল সৌন্দৰ্য উপভোগ কৰাত।
তথ্য উৎসঃ
Apurva P, Sinha SK, Thakur PC (2010) Composting an obnoxious weed, Parthenium hysterophorus L., with the help of a millipede, Harpaphe haydeniana. Asian J Exp Biol Sci 1:337–343
Datta S, Saxena DB (2001) Pesticidal properties of parthenin (from Parthenium hysterophorus) and related compounds. Pest Manag Sci 57:95–101
Ajmal M, Rao RAK, Ahmad R, Khan MA (2006) Adsorption studies on Parthenium hysterophorous weed: removal and recovery of Cd(II) from wastewater. J Haz Mat B 135:242–248