নীৰৱতাৰ সিপাৰে ৩ঃ পঢ়ক প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মাী মানস প্ৰতিম দত্তৰ নিয়মীয়া শিতান
অভয়াৰণ্যৰ আশাত শতায়ু গৰকা এখন বনাঞ্চল
— মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী।
অসমত থকা ঐশ্বর্যশালী অৰণ্যসমূহৰ ভিতৰত এখন অন্যতম অৰণ্য হ’ল ধেমাজি জিলাৰ জোনাই মহকুমাত থকা পবা সংৰক্ষিত বনাঞ্চল। ধেমাজি জিলাত থকা ৯ খন বনাঞ্চলৰ ভিতৰত একমাত্র জীৱিত অৰণ্যখনেই হ’ল পবা। ১৯২৪ চনত ইংৰাজ আমোলৰ সময়ত সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃতিপ্রাপ্ত মুঠ ১০,২২১ হেক্টৰ মাটিকালিৰ এই বিস্তীর্ণ অৰণ্যভূমি জোনাই মহকুমা সদৰৰ পৰা পূবে ৮ কি.মি. আৰু উত্তৰে ৪ কি.মি. দূৰত্বত অৱস্থিত। পবা বনাঞ্চলৰ উত্তৰ দিশত অৰুণাচল প্রদেশৰ অন্তর্গত চিৰসেউজ অৰণ্যাঞ্চল সংলগ্ন হৈ আছে। উত্তৰ-পূব কোণেৰে বৈ অহা চিয়াং নৈ পশ্চিমলৈ ১০ কি.মি. বৈ গৈ ব্রহ্মপুত্রত পৰিছেগৈ। পূব দিশত কবু চাপৰি আৰু ডিব্রু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যান। অৰুণাচলৰ ডি ইৰিং, লক্ষী ৰিজার্ভ আৰু ৰুকচিন মহকুমাৰ অন্তর্গত সংৰক্ষিত বনাঞ্চলসমূহে পবাক সংগঠিত ৰূপত ৰাখিছে।
পবা এখন সাধাৰণ অৰণ্য নহয়। ই মূলত: এখন বর্ষাৰণ্য। অন্য অৰণ্যৰ তুলনাত বর্ষাৰণ্য সমূহত সাধাৰণতে চাৰিটা স্তৰ থাকে । সেইকেইটা হৈছে শীর্ষস্তৰ, মধ্যস্তৰ, নিম্নস্তৰ আৰু ভূমি সংলগ্ন স্তৰ। পবা বনাঞ্চলটো বর্ষাৰণ্যৰ প্রতিটো চৰিত্রই বিদ্যমান। ইয়াত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ গ্রীষ্মকালত প্রায় ৩৬০০ মি.মি.ৰ পৰা ৪০০০মি.মিটাৰ পর্যন্ত। সর্বোচ্চ তাপমান ৩৫ ডিগ্রী চেন্টিগ্রেড, সর্বনিম্ন ৭ ডিগ্রী চেন্টিগ্রেড। ইয়াত চিৰসেউজীয়া, পর্ণপাতী ঘাঁহনি, জোপোহা তৃণাঞ্চল, জলাশয় আৰু পিতনিৰে ভৰা আদ্রভূমি আছে। ভূ-প্রাকৃতিক গঠন অনুসৰি পাহাৰৰ নামনি অংশত অৱস্থিত গেজেপনি, বনভূমি আৰু ছিয়াং, দিবং নৈৰ অৱবাহিকা অঞ্চলত অৱস্থিত প্লাৱন ভূমিয়ে পবাক সমৃদ্ধ কৰিছে। পবা বর্ষাৰণ্যত পোৱা জলাহভূমিৰ উদ্ভিদকূলৰ ভিতৰত কচু, বেত, বনকল, দল, এৰালি, ভেঁট, মেটেকা, কলমৌ, পানী শিঙৰি, নল, ইকৰা, এজ’লা, চাইপেৰাছ আদিয়েই প্রধান। একেদৰে লতাজাতীয় উদ্ভিদসমূহৰ ভিতৰত ভেদাইলতা, টিকনি বৰুৱা, জেতুলিপকা, কাউৰীমণি, মাধৈমালতী, বেলিপকা, প্রেমলতা, ভীমৰাজ, আমৈ লতা আদিয়েই প্রধান। পবাত পোৱা প্রাণীকুলৰ ভিতৰত লাজুকী বান্দৰ, বাঘ , হাতী, লতামেকুৰী, জহামাল, কেটেলা পহু আদিয়েই প্রধান।পবা বর্ষাৰণ্যৰ অন্যতম বৈশিষ্ট্য হ’ল শলখ গছৰ বিচিত্রতা। শলখ গছৰ উপৰিও পবাত থকা ভেঁৰ গছ হ’ল অসমৰ জাতীয় পক্ষী দেওহাঁহৰ আদর্শ বাসস্থান। ইয়াৰ উপৰিও পবাত বিভিন্ন প্রকাৰৰ গ্রাউণ্ড অর্কিড দেখিবলৈ পোৱা যায়।
পবা বর্ষাৰণ্যত বর্তমানলৈকে ২১৮ প্রজাতিৰ চৰাই, ২১ প্রজাতিৰ স্তন্যপায়ী, ২৬০ প্রজাতিৰ বৃক্ষ আৰু বহুতো পখিলাৰ সন্ধান পোৱা গৈছে। পবাৰ বনভূমিত নদীকাষৰীয়া অৰণ্যৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। যিহেতু পবাৰ কাষেৰে বৈ যোৱা ছিয়াং নদীয়ে পবাক ভৰপূৰ উপচাৰ প্রদান কৰিছে। ছিয়াংপৰীয়া পবাৰ অঞ্চল বিশেষত প্রচুৰ শিমলু গছ দেখা যায়। পবাৰ পূব দিশে ব্রহ্মপুত্রৰ দ্বিতীয় বৃহৎ নদীদ্বীপ কবু চাপৰি।
১৯৭৭-৭৮ চনৰ সময়চোৱাত কবু চাপৰি বনৰীয়া ম’হৰ আবাসস্থল আছিল। এতিয়াও কবু চাপৰিৰ জীৱ-বৈচিত্র প্রাচুর্যময়। এই কবু চাপৰিৰ পূবলৈ ডিব্রু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যান। পবাৰ উত্তৰ দিশত থকা অৰুণাচলৰ অখণ্ড বনভূমি আৰু পবা, কবু চাপৰি, ডিব্রু-ছৈখোৱা এই চাৰিওখন অৰণ্যভূমি যেন একেডাল সূতাৰে গঁথা। পবাক কেন্দ্র কৰি এই বনাঞ্চলকেইখনে সমকোণী অৱস্থান গ্রহণ কৰিছে। বন্যপ্রাণীসমূহে পবা আৰু কবু চাপৰিক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। এই কৰিডৰে বন্যপ্রাণীসমূহৰ সৈতে পবা আৰু অৰুণাচল প্রদেশৰ সম্পর্ক সূত্র স্থাপন কৰে। অনেক পৰিভ্রমী চৰাইৰ বআবে পবা আৰু ছিয়াং নৈৰ উপকণ্ঠ অঞ্চল আদর্শ বাসভূমি। পবাৰ মুঠ বনভূমিৰ ৬০ ভাগ কাঠনি আৰু ২০ ভাগকৈ ক্রমে পিতনি আৰু ঘাঁহনি অঞ্চল।
অৰণ্য হিচাপে পবাৰ বর্তমান স্থিতি হ’ল ই এখন সংৰক্ষিত বনাঞ্চল। সংৰক্ষিত বনাঞ্চল সম্পর্কে আমাৰ এক ভুল ধাৰণা আছে যে সংৰক্ষিত বনাঞ্চলসমূহ সুৰক্ষিত। কিন্তু ই একেবাৰে ভুল ধাৰণা । সংৰক্ষিত বনাঞ্চল(Reserve fores) মানে ৰিজার্ভ ফৰ ৰেভিনিউ ( Reserve for revenue)। অর্থাৎ ৰেভিনিউৰ বাবে সংৰক্ষিত বনাঞ্চলৰ সম্পদ ব্যৱহাৰ কৰিব পাৰে। গতিকে পবাৰ জীৱ-বৈচিত্রে সুৰক্ষিত কৰিবৰn বাবে পবাক অনতিপলমে অভয়াৰণ্য ঘোষণা কৰা উচিত।
চাওঁতে চাওঁতে পবাই সংৰক্ষিত বনাঞ্চল স্বীকৃতি পোৱাৰ এশ বছৰ পূৰ কৰিলে। সময়ে সময়ে পবাক অভয়াৰণ্য ঘোষণাৰ আশ্বাস বহুবাৰেই দিয়া হ’ল। এতিয়া সময় ইয়াক যাৱতীয় পদক্ষেপ গ্রহণ কৰি কার্যকৰী কৰাৰ। অন্যথা পবাই অভয়াৰণ্য স্বীকৃতি কেতিয়া পাব বুলি এটা উত্তৰবিহীন প্ৰশ্ন মনত লৈয়ো আমি বাট চাই থাকিব লাগিব।
(ফটোঃ লেখকৰ)