নীৰৱতাৰ সিপাৰে ৫ঃ পঢ়ক প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া শিতান
বিপন্ন কাছ সংৰক্ষণৰ প্ৰয়োজনীয়তা
— মানস প্ৰতিম দত্ত
বৰ্তমান সময়ত সংকটৰ গৰাহত পৰা জীৱবোৰৰ ভিতৰত এবিধ অন্যতম সৰীসৃপ প্ৰজাতি হ’ল কাছ৷ ভাৰতীয় লোক বিশ্বাসত কাছক ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে বিশ্বাস কৰা হয়৷ কুৰ্ম বা কাছ ৰূপ বিষ্ণুৰ দ্বিতীয় অৱতাৰ হিচাপে বিশ্বাস কৰা হয়৷ ইয়োনোট’ছ’ৰাছ নামৰ সৰীসৃপৰ বিৱৰ্তন ঘটিয়েই কাছৰ উদ্ভৱ হৈছিল৷ বৰ্তমান সময়ত দেখা পোৱা কাছবোৰ এমফিকেলিডিয়া নামৰ সৰীসৃপৰ ক্ৰিউৰ’ডিয়া, ক্ৰিপ্ট’ডিয়া আৰু প্লিউৰ’ডিয়াৰ পৰৱৰ্তী প্ৰজন্ম বুলি জনা যায়৷ কাছৰ পিঠিখনক চলং বুলি কোৱা হয়৷ এই চলংখনে তলৰ কোমল অংশখিনি আৱৰি ৰাখে৷
কাছৰ কথা আমি প্ৰাথমিক বিদ্যালয়ত কুঁহিপাতৰ পাতত পঢ়িছিলোঁ এনেদৰে–
শৰাইঘাটৰ বৃহৎ দলং
কাছৰ পিঠিত আছে চলং৷
অসমীয়া সমাজ-জীৱনত কাছ বিষয়ক বিভিন্ন ফকৰা প্ৰচলিত হৈ আছে৷ তাৰ ভিতৰত এটা হৈছে-পৰ্বতত কাছ কণী বিচৰা৷ আচলতে কাছই পানী আৰু মাটি উভয়তে বাস কৰে যদিও বালি মাটিতহে কণী পাৰে৷ যেতিয়া ইহঁতৰ কণী পাৰিব সময় হয় তেতিয়া জলাশয় বা আদ্ৰৰ্ভূমিৰ পৰা বালিলৈ উঠি আহে৷ তাত এটা গাঁত খান্দি প্ৰায় ঘণ্টাৰো অধিক সময় কাছই কণী পাৰে৷ কণী পাৰৰ পাছত কণীবোৰ এনেধৰে ঢাকি থে যায় যে তাত কণী আছিল বুলি ভবাৰ কোনো থল নাথাকে৷ কণীবোৰে বালিত পৰা বেলিৰ ৰশ্মিৰ উম পায় আৰু তাৰ পৰা পোৱালি জগে৷ মাকবোৰে কণীবোৰৰ কথা পাছলৈ খবৰ নলয়৷ প্ৰজনন কাৰ্য সম্পূৰ্ণ কৰিবলৈ ইহঁতে ২-৪ মাহ সময় লয়৷ ইহঁতে বায়ুত উশাহ লয় আৰু স্থলভাগত কণী পাৰে, যদিও বহু প্ৰজাতিৰ প্ৰাণী পানীত বা ইয়াৰ আশে-পাশে বাস কৰে বাবে ইহঁতক Amniotes বুলি কোৱা হয়৷
কেচু-কুমতি, পোক-পৰুৱা, শেলাই আৰু পানীত গজা ফল-মূল কাছই খাদ্য হিচাপে গ্ৰহণ কৰে৷ কিছুমান কাছ মাংসভোজী হোৱাৰ বিপৰীতে আন কিছুমান তৃণভোজী আৰু কিছুমান সৰ্বভোজী হোৱা দেখা যায়৷ বহুতো কাছৰ পোৱালিয়ে প্ৰথমে মাংসভোজী হিচাপে জীৱন আৰম্ভ কৰে যদিও পূৰ্ণবয়স্ক হোৱাৰ লগে লগে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মাংসতকৈ অধিক উদ্ভিদ খোৱাহে দেখা যায়৷ অসমত বহুকেইটা প্ৰজাতিৰ কাছ পোৱা গৈছিল৷ সেইবোৰৰ ভিতৰত দুৰা কাছ, উলূৱা কাছ, বেং কাছ, বগিয়া কাছ, শিল কাছ আদি অন্যতম৷
কাছ এবিধ শীতলৰক্তী বহুবৰ্ষজীৱি প্ৰাণী৷ এতিয়ালৈকে লিপিবদ্ধ হোৱা দীৰ্ঘজীৱি কাছসমূহৰ ভিতৰত ছেইণ্ট হেলেনাৰ জনাথন (১৮৩২ৰ পৰা বৰ্তমানলৈকে জীৱিত) নামৰ কাছটোক ধৰা হয়। ইয়াৰ পাছতে অষ্ট্ৰেলিয়াৰ হেৰিয়েথ (১৮৩০-২০০৬) নামৰ কাছটো দ্বিতীয় সৰ্বাধিক বয়সীয়াল কাছ আৰু টংগা দ্বীপৰ টু”ই মালিলা (Tu”i Malila) নামৰ কাছতো তৃতীয় সৰ্বাধিক বছৰ জীয়াই থকা কাছ বুলি ঠাৱৰ কৰা হৈছে৷ ১৮৮ বছৰ বয়সত কাছটোৰ মৃত্যু হয়৷ অৱশ্যে বহুলোকে পশ্চিমবংগৰ কলকাতা আলিপুৰ পশুশালাত ২০০৬ চনত মৃত্যু হোৱা অদ্বৈত নামৰ আলডাব্ৰা কাছটোকহে দীৰ্ঘজীৱি কাছ বুলি ক’ব খোজে।
পশ্চিমবংগৰ চৰকাৰী তথ্যমতে, অদ্বৈত্য ১৫০ বছৰ বয়সত মৃত্যু হৈছিল। কিন্তু Encyclopedia of Life (২০১৪)ৰ তথ্য অনুসৰি আনুমানিক ১৭৫০ চনত জন্ম হৈছিল। news.bbc.co.ukত প্ৰকাশিত Clive of India’s’ tortoise dies শীৰ্ষক লেখা অনুসৰি ১৭৫৭ চনত পলাচী যুদ্ধত জয়লাভ কৰাৰ পিছত লৰ্ড ক্লাইভে এই কাছসমূহ লাভ কৰে। ক্লাইভ পাছলৈ কানি আসক্ত হৈ পৰে আৰু ১৭৭৪ চনত আত্মহত্যা কৰে। ১৮৭৫–৭৬ চনত চিৰিয়াখানা প্ৰতিষ্ঠাপক কাৰ্ল লুই শ্বৱেণ্ডলাৰে অদ্বৈতক আলিপুৰৰ চিৰিয়াখানালৈ আনে।
দুৰ্ভাগ্যজনকভাৱে সাগৰীয় কাছবোৰে প্ৰায়ে মাইক্ৰ’প্লাষ্টিক নামেৰে জনাজাত প্লাষ্টিকৰ সৰু টুকুৰাবোৰক জেলিফিছৰ দৰে চিকাৰ বুলি ভুল কৰে। এই ভুলৰ বাবেই কাছবোৰে ক্ষতিকাৰক প্লাষ্টিকৰ কণাবোৰকে খাদ্য হিচাপে গ্ৰহণ কৰে। ফলত সাগৰীয় কাছৰ স্বাস্থ্য আৰু ভৱিষ্যতৰ প্ৰতি ভয়ংকৰ ভাবুকি আহি পৰিছে। যেতিয়া কাছবোৰে মাইক্ৰ’প্লাষ্টিক সেৱন কৰে তেতিয়া এই ক্ষুদ্ৰ কণাবোৰ জমা হৈ পাচনতন্ত্ৰত বন্ধ কৰি দিয়ে আৰু স্বাভাৱিক পাচন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হ’ব পাৰে। নিজৰ প্ৰকৃত খাদ্যৰ পৰা প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থ মাইক্ৰ’প্লাষ্টিকৰ পৰা শোষণ কৰিব নোৱৰাৰ ফলত পুষ্টিহীনতাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ দীৰ্ঘম্যাদী পৰিণতি ভয়ংকৰ হৈ উঠিব পাৰে যাৰ বাবে সামগ্ৰিক স্বাস্থ্য আৰু প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰিব পাৰে।
আই ইউ চি এন ৰঙা তালিকাত ১৮৭ টা কাছ প্ৰজাতি বিপন্ন হৈছে বুলি গণ্য কৰা হৈছে। ইয়াৰে ১২৭ টা বিপন্ন বা সংকটজনকভাৱে বিপন্ন বুলি গণ্য কৰা হয়।আজিৰপৰা ২৬ কোটি বছৰৰ আগতে Eunotosaurus africanus নামৰ কাছবিধ থকাৰ সম্ভেদ পোৱা গৈছে। এই কাছটো প্ৰথমটো ডাইনোছৰ (২৪.৩ কোটি বছৰৰ আগতে) আৰু প্ৰথমজন মানুহৰ পূৰ্বপুৰুষ (৪মিলিয়ন বছৰৰ আগতে)তকৈয়ো আগৰ।
আমেৰিকান টৰটইজ ৰেচকিউ (ATR) নামৰ সংস্থাটোৰ উদ্যোগত ২০০০ চনৰ পৰা বিশ্ব কাছ দিৱস পালন কৰি অহা হৈছে৷ ১৯৯০ চনত আমেৰিকান দম্পতী চুজান টেলেম আৰু মাশ্বেৰ্ল থম্পছনে প্ৰতিষ্ঠা কৰিছিল৷ বিশ্ব কাছ দিৱসৰ জৰিয়তে বিশ্ববাসীক কাছ সংৰক্ষণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়৷
বহুতো ব্যক্তিয়ে চোৰাংকৈ কাছ ধৰি বিক্ৰী কৰা দেখা যায়৷ কাছৰ খোলাৰ পৰা বহু বছৰ ধৰি, গীটাৰ, চশমা আৰু চুলিৰ আনুষংগিক বস্তু তৈয়াৰ কৰা হৈছিল৷ ১৯৭২ চনত Marine Mammal Protection Act [সাগৰীয় স্তন্যপায়ী সুৰক্ষা আইন], আৰু ১৯৭৩ চনত Endangered Species Act [বিপন্ন প্ৰজাতিৰ আইন] গৃহীত হোৱাৰ লগে লগে কাছৰ খোলাৰ গীটাৰ ব্যৱহাৰ কৰাটো দণ্ডনীয় অপৰাধ হিচাপে গণ্য হৈ পৰে৷ ইয়াৰ ফলত এই মনোমোহা প্ৰজাতিবোৰ ক্ৰমে নিঃশেষ হয়৷ বিশ্ব কাছ দিৱসত কাছৰ প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ উদ্দেশ্যে সজাগতাৰ উদ্যোগ লোৱা হয়৷