প্ৰাকৃতিক চিন্তন আৰু সুস্থ মানসিক উত্তৰণ
— মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী৷
সুৰক্ষিত পৰিৱেশ-প্ৰকৃতিয়ে আমাৰ জীৱনশৈলীক সুস্থভাৱে প্ৰভাৱিত কৰে। তাৰ বাবে আমি নৈতিকভাৱে প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব৷ পৰিৱেশৰ প্ৰত্যেক উপাদানৰে আমাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ আছে৷ গতিকে মানুহ এই উপাদানসমূহৰ প্ৰতি দায়িত্বশীল নহ’লে ভৱিষ্যত অন্ধকাৰ পূৰ্ণ হৈ পৰিব৷ বিভিন্ন সময়ত মানুহে ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই আহিছে৷ এই অত্যাচাৰৰ পৰা মুক্ত হ’বলৈ, প্ৰকৃ তিক সুৰক্ষিত কৰি ৰখাটো আমাৰ কৰ্তব্য৷
মানুহ প্ৰকৃতিৰ এক উপাংশহে৷ সেয়েহে মানুহ প্ৰকৃতিকেন্দ্ৰিক মতবাদসমূহৰ প্ৰতি দায়িত্বশীল হ’বই লাগিব৷ আমাৰ দেশৰ সংস্কৃতিয়ে আমাক মূল্যবোধৰ শিক্ষা প্ৰদান কৰে৷ পৃথিৱীৰ প্ৰত্যেক সমলৰে মূল্য আছে৷ সমল এটাৰ প্ৰয়োজনীয়তা আৰু সমাজৰ প্ৰতিথকা অৱদানৰ ওপৰত ভিত্তি কৰি এই মূল্য নিৰ্ধাৰণ কৰা হয়৷ এনে মূল্য আচলতে সমাজ অথবা পৃথিৱীৰ প্ৰতি সমল সমূহে আগবঢ়োৱা সেৱামূল্য৷ পশ্চিমীয়া দেশসমূহৰ তুলনাত আমাৰ দেশৰ পৰিৱেশ নৈতিকতা আৰু মূল্যবোধৰ ধাৰণাৰ প্ৰতি দায়বদ্ধতা অধিক৷ উদাহৰণস্বৰূপে, আমাৰ দেশত নদ-নদীক মাতৃ হিচাপে, গছ-গছনিক পূজনীয় হিচাপে পূৰ্বৰে পৰা সন্মান কৰি অহাৰ বিপৰীতে পশ্চিমীয়া দেশত নদীয়ে দিয়া পানী, গছে দিয়া খাদ্য, জীৱ-জন্তুৱে দিয়া মাংস আদিৰ ওপৰত নিৰ্ভৰ কৰিহে মূল্য প্ৰদান কৰা হয়, অৰ্থাৎ পশ্চিমীয়া দেশৰ মূল্যবোধৰ হিচাপ অৰ্থনৈতিক লাভালাভ নিৰ্ভৰ হোৱাৰ বিপৰীতে আমাৰ দেশৰ মূল্যবোধ হ’ল সামগ্ৰিক মূল্যবোধ৷ সেয়েহে বৰ্তমান প্ৰতিযোগিতামুখী মানসিকতাৰ মাজত আৱদ্ধ নহৈ আমি সামগ্ৰিক মূল্যবোধৰ কথা উপলব্ধি কৰিবই লাগিব৷ অত্যাধিক আত্মমুখী মনোভাৱৰ বাবে আজি আমাৰ মাজৰ পৰা সামগ্ৰিক মূল্যবোধৰ ধাৰণা সমূহ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে৷সাম্প্ৰতিক সময়ত আমি আমাৰ চিন্তা-চৰ্চাবোৰ ধৰ্মীয় দৃষ্টিকোণৰ পৰা বিচাৰ কৰাৰ পৰিৱৰ্তে বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিব লাগিব৷ উদাহৰণস্বৰূপে, বিভিন্ন জীৱ-জন্তুৰ হত্যা, চিকাৰ কৰি হত্যা কৰিলে জীৱ হত্যা মহাপাপ বোলাৰ পৰিৱৰ্তে জীৱ হত্যাৰ ফলত হ’বপৰা অসুবিধা, খাদ্যজালৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বুজোৱা উচিত৷
পৃথিৱীয়েই হ’ল একমাত্ৰ গ্ৰহ য’ত মানুহ বসবাস কৰিব পাৰে৷ জলবায়ুৰ পৰিৱৰ্তন, অত্যধিক বৃষ্টিপাত, প্ৰখৰ ৰ’দ, খৰাং পৰিস্থিতিয়ে মানুহৰ জীৱনলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই অনাৰ লগতে মানুহৰ একমাত্ৰ বাসোপযোগী পৃথিৱী আৰু প্ৰকৃতিলৈয়ো দুৰ্যোগ কঢ়িয়াই আনিছে৷ মানুহৰ সজাগতা আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়বদ্ধতা সোঁৱৰি পৰিৱেশ সুৰক্ষাৰ দায়িত্ব সাদৰেৰে গ্ৰহণ নকৰিলে মানুহৰ একমাত্ৰ বাসোপযোগী গ্ৰহটোত বাস কৰিব নোৱাৰা পৰিস্থিতি উদ্ভৱ নহ’ব বুলি ক’ব নোৱাৰি৷ কেৱল দিৱসৰ নামত দিৱস আয়োজন কৰিলেই আমি পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰো৷
প্ৰকৃতিনিৰ্ভৰশীল মানৱ সমাজৰ দ্ৰুত বিকাশে যিদৰে মানৱ জীৱনলৈ সা-সুবিধা কঢ়িয়াই আনে৷ তাৰ বিপৰীতে পৰিৱেশৰ প্ৰতি বেয়া মনোভাৱহে কঢ়িয়াই আনে৷ মনস্তাত্বিকভাৱে হ’লেও এই কথাষাৰ বহুলাংশে সত্য৷ অথচ মানুহৰ বাবে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক একেটি মুদ্ৰাৰ দুটা পিঠিৰ দৰে৷ অৱশ্যে প্ৰকৃতি মানৱ নিৰ্ভৰ নহয়৷ গতিকে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ প্ৰতি সজাগ কৰা আৰু সজাগ হোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে প্ত জুন তাৰিখটোত বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰি অহা হৈছে৷
পৰিৱেশ নৈতিকতাত কূঠাৰঘাত পৰাৰ মূল কাৰণটোৱেই হ’ল বদ্ধিৰ্ত জনসংখ্যা৷ জনসংখ্যাৰ বৃদ্ধিৰ ফলত থাকিবলৈ, খেতি কৰিবলৈ ঠাইৰ অভাৱ হৈছে৷ ফলত গছ-গছনি কাটি টহিলং কৰিছে৷ ইয়াৰ উপৰিও মানুহে প্ৰযুক্তি আৰু আধুনিকতাৰ নামত অত্যাধিক যান-বাহানৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ য’ত চাৰিজনীয়া এখন ঘৰত কেৱল এখন গাড়ী আছিল, আজি তাত প্ৰত্যেকৰে একোখনকৈ গাড়ী আছে৷ ফলত প্ৰদূষণ বাঢ়িছে৷ গতিকে পৰিৱেশ দিৱসৰ দিনা জনসংখ্যা বৃদ্ধিৰ ভয়াৱহতাৰ বিষয়েও আমি সজাগ কৰিব পাৰোঁ৷ নিজেও সজাগ হ’ব পাৰোঁ৷ ইয়াৰ উপৰিও আমাৰ প্ৰাকৃতিক সম্পদসমূহ কিদৰে ব্যৱহাৰ কৰা উচিত, আমি য’তে ত’তে জাবৰ-যোথৰ পেলালে পৰিৱেশৰ লগতে যে আমাৰ স্বাস্থ্যৰ ক্ষতি হয়, বেমাৰ আজাৰ হয় সেই বিষয়েও সজাগ কৰিব পাৰোঁ৷ ইয়াৰ উপৰিও আৱৰ্জনাৰ নিষ্কাশন আৰু পুনঃ ব্যৱহাৰ সম্পৰ্কেও সজাগ কৰিব পাৰো৷ আমি বাৰু আৱৰ্জনাৰ নিষ্কাশন আৰু পুন: ব্যৱহাৰ পদ্ধতি সম্পৰ্কে জানোনে? ইয়াৰ বাবে বিভিন্ন পদ্ধতি আছে৷
যেনে– আমি সচৰাচৰ বিভিন্ন আৱৰ্জনা সমূহ প্লাষ্টিকৰ মোনাত ভৰাই ৰাস্তাৰ কাষত পেলাই দিওঁ৷ ফলত সেই প্লাষ্টিকৰ ভিতৰৰ আৱৰ্জনাসমূহ গেলি দুৰ্গন্ধৰ সৃষ্টি কৰে৷ পদপথেদি মানুহ যাব নোৱাৰা হয়৷ এই ক্ষেত্ৰত নগৰাঞ্চলত পৌৰনিগমে আৱৰ্জনাবোৰ সংগ্ৰহ কৰি বিজ্ঞানসন্মতভাৱে পেলাই দিয়াটো নিয়ম৷ ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে ইয়াক গণমুখী কৰিবলৈ চেষ্টা কৰিছে৷ তোমালোকে নি(য় আজিকালি জাৱৰ-জোথৰ সংগ্ৰহ কৰিবলৈ অহা ব্যক্তি দেখিছা৷ সেয়েহে য’তে ত’তে জাৱৰ-জোথৰ নেপেলায় নিৰ্দিষ্ট সময়ত সংগ্ৰহ কৰিবলৈ অহা ব্যক্তিক জাৱৰ-জোথৰবোৰ যোগান দিয়া উচিত৷
যিবোৰ কাৰণৰ বাবে আৱৰ্জনা সৃষ্টি হয় সেইবোৰ কাৰণ নোহোৱা কৰিবলৈ চেষ্টা কৰা উচিত৷ আমি পৰাপক্ষত এবাৰ ব্যৱহাৰযোগ্য সামগ্ৰী কিনবলৈ কমাই দিয়া উচিত৷ তদুপৰি দোকানত প্লাষ্টিক বিচৰাৰ সলনি পৰাপক্ষত বজাৰ-সমাৰ কৰিবলৈ নিজৰ লগত এটা পলিথিন ৰখা উচিত৷
এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰ কৰিলে অৰ্থনৈতিকভাৱেবও লাভৱান হ’ব পাৰোঁ৷ উদাহৰণস্বৰূপে, ভঙা-চিঙা আইনাসমূহ পুনঃ ব্যৱহাৰৰ বাবে আমি কোম্পানীসমূহক যোগান ধৰিব পাৰোঁ৷ তেওঁলোকে তাৰপৰা পুনৰ আইনা প্ৰস্তুত কৰিব পাৰে৷
ওপৰোক্ত কাৰ্যসমূহৰ দ্বাৰাহে সম্পদৰ সৈতে থকা মানুহৰ অসমতাসমূহ দূৰ কৰা সম্ভৱ৷ ব্যক্তিগতভাৱেও সম্পদৰ ব্যৱহাৰৰ ক্ষে¸ত্ৰত সমতাপূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰিব পাৰিবই লাগিব৷ গতিকে নিজা অঞ্চলসমূহৰ বহনক্ষম কিকাশৰ বাবে পৰিৱেশ সম্পদৰ যথোচিত ব্যৱহাৰত গুৰুত্ব দিব লাগে৷ ই আমাৰ দৈনন্দিন কাৰ্যৰ অন্তৰ্গত হোৱা উচিত৷
প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত পথ আৰু পৰিবহণ বিভাগো দায়িত্বশীল হোৱা উচিত৷ পথ নিৰ্মাণৰ সময়ছোৱাত জধে-মধে গছ কাটি পথ বহলোৱা হয় গতিকে সেই গছসমূহ সুৰক্ষিত ৰাখি পথ বহলোৱাৰ পৰিকল্পনা কৰা উচিত৷
পৰিৱেশৰ প্ৰতি শিপা বা মূলস্তৰৰ পৰা সমগ্ৰ শ্ৰেণীৰ জনগণ জাগ্ৰত আৰু নৈতিকভাৱে দায়িত্বশীল হ’লেহে এই ধুনীয়া পৃথিৱীখন বৰ্তি থাকিব৷
সুস্থ পৰিৱেশে আমাক সুখী জীৱন দিয়ে৷ প্ৰকৃতি হ’ল এনে এক অনবদ্য অৱদান য’ত মানুহে নিজৰ অৱসৰী সময় অতিবাহিত কৰিবলৈ বিচাৰে৷ সংযুক্ত ৰাষ্ট্ৰৰ এটা জৰীপত গম পোৱা গৈছে যে শতকৰা ৯০ ভাগ মানুহেই গ্ৰামাঞ্চলৰ পৰিৱেশৰ মাজত জিৰণি লৈ, মুক্ত বায়ু সেৱন কৰি, শান্তি উপভোগ কৰিব বিচাৰে৷ আমি যেতিয়া খিৰিকীখন খুলি দিও তেতিয়া আমি কি দেখো বাৰু, ক’লৈ চকু যায় বাৰু? হয় ফুলনিৰ ফুলজোপালৈ, নহয় সেউজীয়া গছেৰে আৱৰা বাৰীখনলৈ, অথবা নগৰৰ ৰাজপথৰ কাষত থকা একমাত্ৰ গছজোপালৈ– নহয়নে? আমি কিয় সেই সেউজ পৃথিৱীখনলৈ চাও বুলি প্ৰশ্ন কৰো ইয়াৰ প্ৰথম উত্তৰটোৱেই হ’ব আমিও জীৱমণ্ডলৰ এক অংশ, আমাৰ মনত আজিও প্ৰকৃতি-প্ৰীতি প্ৰবাহমান৷ সুস্থ পৰিৱেশ এটাৰ প্ৰতি এই বোধৰ উপৰিও আমাক সুস্থ পৰিৱেশে কৃতজ্ঞ আৰু সুখী হোৱাৰ গুণো প্ৰদান কৰে৷ সুন্দৰ পৰিৱেশে আৱৰা ঠাইসমূহৰ জনগনৰ মাজত সহযোগিতামূলক মনোভাৱ, অধিক সুদৃঢ় হোৱা দেখা যায়৷ ইয়াৰ উপৰিও চৌপাশত গছ-গছনি নথকা খেলপথাৰৰ তুলনাত চৌপাশে গছ-গছনিৰে আৱৰা খেলপথাৰত খেলা-ধূলা কৰা খেলুৱৈয়ে বহু সময়লৈ সক্ৰিয়ভাৱে খেল খেলাৰ লগতে অধিক সহযোগিতা আৰু সৃজনশীলতাৰে খেলিব পাৰে৷
অৰণ্যত বিভিন্ন প্ৰকাৰৰ গছ-গছনি থকা বাবে সেই গছ-গছনিতে বিভিন্ন প্ৰাণীয়ে বসবাস কৰিবলৈ লয়৷ ফলত এই অৰণ্যাঞ্চলসমূহ প্ৰাণী বৈচিত্ৰৰ ক্ষেত্ৰটো চহকী৷ সৃষ্টিৰ আৰম্ভণিৰে পৰ এই উদ্ভিদ আৰু অৰণ্যাঞ্চলে পৃথিৱীক সুৰক্ষিত কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷
প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যই অনবৰতে সৌন্দৰ্য পিয়াসীসকলক আকৰ্ষিত কৰি ৰাখে৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই মন মুগ্ধ নকৰাকৈ থকা প্ৰাণী সমগ্ৰ পৃথিৱীতে বিৰল৷ আমি পোনপটীয়া দৰ্শন নকৰা পৰ্যন্ত বিষয়বস্তু সম্পৰ্কীয় প্ৰকৃত তথ্য আৰু জ্ঞান আহৰণ কৰিব নোৱাৰোঁ৷ জ্ঞান আহৰণৰ অবিহনে শিকন কাৰ্য সম্পন্ন নহয় আৰু কাৰ্যক্ষেত্ৰত ইয়াক প্ৰয়োগৰ ক্ষেত্ৰত কোনো ব্যক্তিকে অভিৰোচিত কৰিব পৰা নাযায়৷ ই পুথিগত অথবা ‘থিয়ৰীটিকেল’ জ্ঞান হিচাপেই থাকি যায়৷ ফলত শিকন কাৰ্য সম্পূৰ্ণ হৈছে বুলিব নোৱাৰি৷
আমি কোনো বস্তু ক্ৰয় কৰিবলৈ যাওঁতে তাৰ প্ৰয়োজনীয়তা আৰু গুণাগুণ অনুসৰি পৃথক পৃথক মূল্য দিবলগীয়া হয়৷ এই মূল্য মূলত: নিৰ্ভৰ কৰে সামগ্ৰীবিধে প্ৰদান কৰা সেৱা মূল্যৰ ওপৰত৷ এনে মূল্যাংকনৰ জৰিয়তে আমি আমাৰ অস্তিত্ব আৰু প্ৰকৃতিৰ গুৰুত্ব মূল্যাংকন কৰোঁ৷ পৰিৱেশ সম্পৰ্কে আমি সচেতন হৈ ইয়াৰ মূল্যাংকন কৰিব পৰাকৈ আমাৰ বোধৰ বিকাশ সম্পূৰ্ণ নোহোৱাৰ দোহাই দি আমি পৰিৱেশক আওকান কৰোঁ৷ অৱশ্যে পৰিৱেশৰ মূল্য ইয়াৰ ওপৰত জীৱৰ নিৰ্ভৰশীলতা অনুসৰি আগবঞ্জঞ্জৱা সেৱা মূল্যৰ জৰিয়তে উপলব্ধি কৰিব লাগিব৷ এই যে আমি উশাহ লৈছোঁ, ভোকত খাদ্য খাইছোঁ, এয়া সকলো প্ৰকৃতিৰ৷ আমাৰ প্ৰতি থকা দয়া আৰু সেৱা৷ প্ৰকৃতিয়ে নিবিচৰাকৈ, যোগান নধৰাকৈ আমি কোনো সামগ্ৰী সৃষ্টি কৰিব পৰা নাই ৷ আমি যদি কোনো ঠাইত প্ৰকৃতিক আঘাত কৰিছোঁ তেন্তে আমিয়েই সেই ঠাইৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছোঁ৷ গছ কাটি তহিলং কৰিছোঁ– উৎকট গৰম হৈছে, গৰাখহনীয়া হৈছে৷ ফলত আমিয়েই সেই ঠাইৰপৰা আঁতৰি আহিবলৈ বাধ্য হৈছোঁ৷ গতিকে যি আমাক জীয়াই ৰাখিছে সেই উপাদান গছ-বিৰিখক, প্ৰকৃতিক আমি সন্মান কৰিব লাগিব৷ প্ৰকৃতি সুৰক্ষাৰ প্ৰতি, সংৰক্ষণৰ প্ৰতিও দায়বদ্ধ হ’ব লাগিব৷
শিক্ষাই পাৰিৱেশিক সুৰক্ষা আৰু সজাগতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইতিবাচক পৰিৱেশ শিক্ষাই একক দিশৰ সূচনা কৰাৰ লগতে পাৰিৱেশিক তথ্যৰ আদান-প্ৰদান কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰে৷ ই পাৰিৱেশিক মনোভাৱ, ইতিবাচক সজাগতা, সংৰক্ষণ দক্ষতা আদি গুণৰ বিকাশ ঘটোৱাৰ লগতে এককভাৱে আৰু সমজুৱাকৈ আঁচনি গ্ৰহণ কৰিব পৰা সক্ষমতাৰো বিকাশ ঘটায়৷ স্থানীয় জীৱবৈচিত্ৰ সুৰক্ষাৰ ক্ষেত্ৰত তোমালোক [শিক্ষাৰ্থীসকল]ৰ অংশগ্ৰহণে বহনক্ষম বিকাশৰ লগতে মূল লক্ষ্যত উপনীত হ’বলৈ উৎসাহমূলক পৰিৱেশ গঢ় দিব পাৰে৷ তোমালোকে গাঁৱত দেখা পোৱা পৰিৱেশজনিত সমস্যাসমূহ আলোচনাৰ জৰিয়তে সমাধানৰ উদ্যোগ ল’ব পাৰা৷ জীৱ বৈচিত্ৰ্য শিক্ষণৰ মূল উদ্দেশ্যই হ’ল স্থানীয় এলেকাত দেখা পোৱা পৰিৱেশজনিত সমস্যাৰ প্ৰতি জ্ঞান, আগ্ৰহ আৰু সমাধানৰ প্ৰয়োজনীয় দক্ষতাৰ বিকাশ ঘটোৱা৷ তোমালোকৰ মনত জীৱ বৈচিত্ৰ্যৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে সক্ৰিয় শ্ৰেণীকোঠা, হাতে-কামে কাৰ্য, ব্যৱহাৰিক অভিজ্ঞতা,¸ ক্ষেত্ৰভিত্তিক জৰীপ আৰু অধ্যয়নে লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে৷ উচ্ছ মাধ্যমিক আৰু উচ্ছতৰ মাধ্যমিক স্তৰত আমি বিভিন্ন কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ জৰিয়তেও পৰিৱেশ সজাগতাৰ ইতিবাচক বিকাশ সম্ভৱ কৰি তোলাৰ বাবে চেষ্টা কৰিব পাৰোঁ৷