নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশকৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা
প্ৰেমিক পক্ষীঃ শগুন আৰু ধনেশ
— মানস প্ৰতিম দত্ত, পৰিৱেশকৰ্মী।
প্ৰকৃতিৰ প্ৰতিটো উপাদানৰ দৰেই বন্যপ্ৰাণৰ জীৱন আৰু আচৰণ জগতখন আচৰিতধৰণে বৈচিত্ৰময়। অন্য প্ৰাণীৰ দৰে বন্যপ্ৰাণীসমূহেও বিভিন্ন প্ৰকাৰৰ জীৱনশৈলী আৰু যৌন বৈশিষ্ট্য প্ৰকাশ কৰে। ফেব্ৰুৱাৰী আৰু ফাগুন দুয়োটা মাহেই যেন প্ৰেমৰ বাবে ন-ৰূপ দিয়া হয়। এই প্ৰেমৰ বতৰতে আহকচোন বিশেষকৈ চৰাইবোৰৰ মাজত বহুতো প্ৰেমিক চৰাই দেখা যায়।
সাধাৰণতে আমি ভাবোঁ যে, চৰাইসমূহ দেখাত একে হয় বাবে কিবা কাৰণত যদিহে মতা বা মাইকী চৰাইটো মৰি যায় তেন্তে ই আন মতা বা মাইকী চৰাইৰ সৈতে সংসাৰ আৰম্ভ কৰিব পাৰে। আচলতে, চৰাইবোৰ দেখাত একে হ’লেও ইয়াৰ মাত বা আকাৰৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ পাৰ্থক্য থাকে। তদুপৰি বহু পক্ষীয়ে সমগ্ৰ জীৱনজুৰি এজন বা এজনী চৰাইকহে সংগী হিচাপে নিৰ্বাচন কৰে। এনে চৰাইবোৰক মন’গেমাচ বা একপত্নীক প্ৰজনন কৌশল দেখুওৱা চৰাই বুলি কোৱা হয়। আহকচোন আজি তেনে দুবিধ চৰাই শগুন আৰু ধনেশ পক্ষীৰ বিষয়ে আলোচনা কৰোঁ।
প্রকৃতিৰ জমাদাৰ হিচাপে পৰিচিত শগুন মূলতঃ এবিধ মাংসহাৰী চৰাই। ইহঁতে গেলা-পচা জীৱ, মৰাশ আদি খাই নিজৰ জীৱন নিৰ্বাহ কৰাৰ লগতে প্ৰকৃতিক প্ৰদুষণৰ পৰা মুক্ত কৰে। ভাৰতবৰ্ষত পোৱ মুঠ ৯টা প্ৰজাতিৰ শগুনৰ ভিতৰত ৬টা প্ৰজাতিৰ শগুনহে আমাৰ ৰাজ্যত পোৱা যায়। শগুনৰ ঠোঁট খুউব দুৰ্বল হয়।
সেয়েহে, মাংস ফালিব পৰাৰ আগতে ইহঁতৰ খাদ্য আংশিকভাৱে পচি যাব লাগিব। শগুন হৈছে জাকপাতি থকা চৰাই আৰু ইয়াৰ গোটবোৰ খাদ্য গ্ৰহণ কৰা ঠাইৰ চাৰিওফালে বহুসময় ধৰি বহি থাকে। উৰি গৈ মৃতদেহৰ সন্ধান কৰি ইহঁতে মৃতদেহটো খাদ্য হিচাপে গ্ৰহণ কৰে। শগুণৰ জাকে এটা মৰা ম’হৰ মৃতদেহ খাবলৈ প্ৰায় ৩০ৰ পৰা ৪০ মিনিট সময় লয়। মৃতদেহ ভক্ষণৰ জৰিয়তে শগুনে যিকোনো মহামাৰীৰ মলি আৰু বিপদৰ পৰা ওচৰ-চুবুৰীয়া অঞ্চলক সুৰক্ষিত কৰি ৰাখে। শগুনৰ জীৱনকাল যথেষ্ট দীঘলীয়া। ইহঁতে ৫ বছৰ বয়সতে প্ৰাপ্তবয়স্ক স্তৰত প্রবেশ কৰে। অর্থাৎ ৫ বছৰ বয়সৰ পৰাই ইহঁত প্রজননক্ষম হয় আৰু যোৰা বান্ধিবলৈ আৰম্ভ কৰে। কিন্তু যৌৱনৰ আগছোৱাতে যদিহে কিবা কাৰণত প্ৰথমে যোৰা বন্ধা যিকোনো এটা শগুনৰ মৃত্যু হয় তেতিয়া আনটো শগুনে সমগ্র জীৱনজুৰি আন শগুনৰ সৈতে সংসাৰ নাপাতে আৰু নিসংগ জীৱন অতিবাহিত কৰে।
ধুনীয়া মূৰৰ গৰাকী ধনেশ পক্ষীসমূহো একপত্নীক হয়। ইহঁতে সাধাৰণতে ওখ গছৰ ধোন্দত বাঁহ সাজে। ভাৰতত ন টা প্ৰজাতিৰ হৰ্ণবিল পোৱা যায় আৰু ইয়াৰে চাৰিটা প্রজাতি পশ্চিম ঘাট অঞ্চলত পোৱা যায়। ওখ গছ আৰু খাদ্য উপযোগী ফল-মূল পোৱা অঞ্চলত ধনেশ পক্ষীয়ে বাহ সাজে। ইহঁতে সাধাৰণতে প্ৰজননৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত প্রজনন কার্য সম্পন্ন কৰে। ওখ গছৰ ধোন্দত ইহঁতে বাহ সাজে। মাইকী চৰাইজনীয়ে খাদ্য উপলব্ধতা স্থান আৰু সুৰক্ষিত হ’ব পৰাকৈ ওপৰত ধোন্দৰ পৰীক্ষা কৰে। মাইকী চৰাইয়ে এবাৰ বাহ সাজিবলৈ ধোন্দ বাছি লোৱাৰ পাছতে যোৰা বন্ধা কার্য সম্পন্ন কৰে। যোৰা বন্ধাৰ পাছত মাইকী চৰাইজনীয়ে বোকা, বাকলি, মল-মূত্ৰ আদিৰে ধোন্দটো ঢাকি ধোন্দৰ ভিতৰত সোমাই থাকে। মতা চৰাইটোৱে খাদ্য দিব পৰাকৈ সৰু খোলা এটা এৰি দিয়ে। মতা চৰাইটোৱে মাইকী আৰু পোৱালিৰ বাবে খাদ্য সংগ্ৰহ কৰে। মাইকী চৰাইজনীয়ে সৰু খোলাটোত মুখখন উলিয়াই খাদ্যৰ বাবে অপেক্ষা কৰি থাকে। ইহঁতে সাধাৰণতে জামুজাতীয় ৰসাল ফল-মূল খায় যদিও প্ৰজননৰ সময়ত খাদ্যৰ নাটনি হ’লে সৰু জীৱ-জন্তু আৰু আন চৰাইৰ পোৱালিও চিকাৰ কৰি খায়। মাইকী আৰু পোৱালিবোৰে পূৰ্ণবয়স্ক নোহোৱালৈকে মতা চৰাইটোৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হয়। এই প্ৰজনন কালত যদি মতা চৰাইটোৰ মৃত্যু হয়, তেন্তে খাদ্যৰ অভাৱত মাইকী চৰাই আৰু পোৱালিৰো মৃত্যু হ’ব।
ফটোঃ লেখকৰ
তথ্যসূত্ৰঃ
Radhakrishnan, sajeesh. Love till death — Hornbill’s Monogamous behavious sajeesh radhakrishnan, Pixel Stories- Documenting Life through lens