সামন্ত ব্যৱস্থাৰ ৰক্ষণশীল সোঁতৰ বিপৰীতে যোৱা সমাজ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামী — এক সংগ্ৰামী সত্তাৰ নাম
সামন্তীয় ব্যৱস্থাৰ প্ৰভুত্ব, ৰক্ষণশীলতাৰ গোড়ামি ত্যাগ কৰি সমাজৰ কল্যাণৰ কথা চিন্তা কৰা এজন ব্যতিক্ৰমী সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ জন্ম হৈছিল ১৮৮৫ চনৰ ১০ জুনত সত্ৰভূমি মাজুলীত। তেখেত মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল। সত্ৰাধিকাৰ হৈয়ো সমাজ সংস্কাৰৰ মনোভাৱেৰে দেশ আৰু জাতিৰ প্ৰতি দায়িত্বশীল আছিল তেওঁ। তেওঁ একাধাৰে আছিল সমাজ সংস্কাৰক, সাহিত্যিক, প্ৰাচ্যতত্ত্ববিদ আৰু মুক্তিযুঁজাৰু।
তেওঁৰ সমকালীন অসমত সমাজৰ প্ৰতিবন্ধকতা নেওচি ১৯২৩ চনৰ পৰা বাল্য বিবাহৰ বৰোধ কৰি বিধৱা বিবাহৰ সপক্ষে জনজাগৰণৰ সৃষ্টি কৰাৰ লগতে ১৯৩০ চনত অসম কৈবৰ্ত সন্মিলনৰ গোলাঘাটৰ অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯২৩ চনত অসম মিচিং সন্মিলনৰ সভাত সভাপতিত্ব কৰিছিল। ১৯৪৬ চনত প্ৰায় ৬০ বছৰ বয়সত তেওঁ কাৰ্বি আংলঙলৈ যাত্ৰা কৰিছিল জনজাতীয় সমাজৰ পৰা কু-সংস্কাৰ, নিচা জাতীয় দ্ৰব্য সেৱন আদি ৰোধ কৰিবৰ বাবে সভা-সমিতি পাতিছিল। প্ৰায় ২ বছৰ ধৰি লাগি থাকি পাহাৰীয়া লোক সকলক শিক্ষিত কৰিবৰ বাবে ২০খনতকৈও অধিক বিদ্যালয় স্থাপন কৰিছিল। তাৰ পাছত নগাঁও জিলাতো তিৱা লোকসকলৰ মাজত ব্যাপক জনজাগৰণৰ চেষ্টা কৰিছিল। তদুপৰি দৰিদ্ৰ লোক সকল যাতে উচিত মূল্যত ক্ৰয়-বিক্ৰয়ৰ সুবিধা পাব পাৰে, কম সুদত ঋণ লৈ উপকৃত হৱ পাৰে, সেই উদ্দেশ্যেই তেওঁ ১৯১৭ চনত মাজুলীত কো-অপাৰেটিভ বেংক এণ্ড পাৰ্চেজ চেল ছচাইটি নামৰ এক সমবায় কেন্দ্ৰ গঢ়ি তুলি তাৰ প্ৰধান কাৰ্যালয় গড়মূৰ সত্ৰত ৰাখি মাজুলীত বিভিন্ন অঞ্চলত কেইবাটাও শাখা খুলিছিল।
১৯১৬ চনৰ পাণ্ডুৰ কংগ্ৰেছৰ মহাসভাত মহাত্মা গান্ধীক সাক্ষাৎ কৰিছিল আৰু ১৯৩২ চনত নিখিল ভাৰত অস্পৃশ্যতা বৰ্জন সংঘ আৰু গান্ধীজীয়ে গঢ় দিয়া হৰিজন সেৱক সংঘৰ অসম শাখাৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি এক সফল আন্দোলন গঢ়ি তুলিছিল। তেওঁ ১৯৫৩ চনত সনাতন ধৰ্মৰ মুখপাত্ৰ নামৰ তিনিমহীয়া আলোচনী এখনো এবছৰকাল সম্পাদনা আৰু প্ৰকাশ কৰিছিল। ৪২’ৰ গণ আন্দোলনৰ গুৰি ধৰি ইংৰাজ চৰকাৰৰ ৰোষত পৰি গৃহবন্দী হোৱাৰ লগতে দুবছৰ কাৰাবাস খাটিব লগা হৈছিল। সেইসময়ত যাতায়ত আৰু যোগাযোগৰ ক্ষেত্ৰত অতি পিছপৰা মাজুলীৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক দিশৰ উন্নতিৰ বাবে অপ্ৰাণ প্ৰয়াস কৰিছিল পীতাম্বৰ দেৱগোস্বামীদেৱে।
বহুকেইখন গ্ৰন্থ ৰচনা কৰা এইজন গান্ধীবাদী সত্ৰাধিকাৰৰ ১৯৬২ চনৰ ২০ অক্টোবৰত পৰলোকপ্ৰাপ্তি ঘটে। অসমৰ সত্ৰীয়া পৰিমণ্ডলত থাকিও সামন্তব্যৱস্থাৰ বিৰুদ্ধে তেওঁ আদৰ্শ হৈ ৰ’ব। বিপ্লৱী ধৰ্মগুৰু, সমাজ সংস্কাৰক শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদৱলৈ ১৪০ তম জন্মদিৱসত ৰাইজৰ খবৰ ডিজিটেলৰ তৰফৰ পৰা জনাইছোঁ ভক্তিভৰা শ্ৰদ্ধা।
সংগ্ৰহ আৰু সম্পাদনা — গীতিৰেখা দত্ত