কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰোধিতা

জনগণৰ প্ৰতিবাদক ভেঙুচালি কৰি মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে চুক্তি স্বাক্ষৰ তাজ গ্ৰুপৰে

শতাধিক ৰাইজে কঁপালে হাতীখুলি চাহ বাগিছা

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ জনগণৰ প্ৰতিবাদক ভেঙুচালি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে আজি তাজ গ্ৰুপৰ স’তে MoU স্বাক্ষৰ কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত আজি পুনৰ উত্তাল হৈ পৰে কাজিৰঙাৰ হাতীখুলি৷ অসম চাহ মজদূৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত চাহ বাগিচাৰ কাম এৰি শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে৷ প্ৰতিবাদী জনতাই চাহ গছ উভালি পঞ্চতাৰকা হোটেল হ’বলৈ নিদিওঁ, তেজ দিম, মাটি নিদিওঁ আদি বিভিন্ন শ্ল’গানেৰে সমগ্ৰ হাতীখুলি এলেকা কঁপাই তোলে৷

উল্লেখ্য যে কাজিৰঙাত চাহ গছ উভালি আৰু চাহ জনগোষ্ঠীয় লোকক উচ্ছেদ কৰি চৰকাৰে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যো-জা চলোৱাৰ বিৰুদ্ধে ইতিমধ্যেই বহুকেইটা প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠন তথা ৰাইজে৷ শেহতীয়াকৈ বছৰ বছৰ ধৰি চাহ জনগোষ্ঠীৰ বহুকেইটা পৰিয়ালে বসবাস কৰি থকা ভূমিত উচ্ছেদ চলাই অসম চৰকাৰে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ যো-জা চলোৱাৰ প্ৰতিবাদ কৰোঁতে চৰকাৰী বাহিনী জঁপিয়াই পৰি বহুজনক আহত কৰিছিল৷ তাৰ পাছতেই কাজিৰঙাত চাহ গছ উভালি আৰু বাগিছাৰ লোকক উচ্ছেদ কৰি কোনো কাৰণতেই পঞ্চতাৰকা হোটেল কৰিবলৈ দিয়া নহ’ব বুলি সমগ্ৰ অসমতে আটছাই প্ৰতিবাদ সাব্যস্ত কৰে৷ কিন্তু, সেই সমগ্ৰ প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই আজি তাজ গ্ৰুপৰ স’তে ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ আজি দিনৰ ভাগত হোৱা এই চুক্তিৰ প্ৰাক্‌ক্ষণত পুৱা চাহ শ্ৰমিকসকলে হাতীখুলি চাহ বাগিছাৰ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম চাহ মজদূৰ সংঘৰ কিষণ কৰ্মকাৰে চৰকাৰৰ এই নীতিক ভৎৰ্সনা কৰে৷ নিজৰ বক্তব্যৰ যোগেদি কিষণ কৰ্মকাৰে শেহতীয়াকৈ কাজিৰঙাত হায়াতৰ পঞ্চতাৰকা হোটেলৰ বিৰোধিতা কৰাৰ বাবেই আৰক্ষীয়ে আটছা নেতাৰ ওপৰত জঁপিয়াই পৰি বৰ্বৰতাৰে আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ তেওঁ কয় যে চাহ শ্ৰমিকে বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পাছতো ৰাজ্য চৰকাৰে চাহ গছ উভালি আৰু চাহ শ্ৰমিকক উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল খুলিবলৈ যো-জা চলাইছে৷ এয়া চাহ শ্ৰমিকৰ বাবে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত বুলিও নেতাগৰাকীয়ে স্পষ্ট কৰে৷

আনহাতে, প্ৰতিবাদত উপস্থিত থাকি চাহ কৰ্মচাৰী সংঘৰ দিব্যজ্যোতি তাঁতীয়ে চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰে৷ কৰ্মকাৰে কয় যে চাহ গছ উভালি কোনো কাৰণতে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়াৰ পাছতো কাজিৰঙাৰ হাতীখুলিত চাহ গছ উভালি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে আজি তাজ গ্ৰুপৰ স’তে চুক্তি স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাক সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈয়ো আহ্বান জনায় প্ৰতিবাদকাৰী গৰাকীয়ে৷ প্ৰতিবাদী জনতাৰ হৈ অসম চাহ মজদূৰ সংঘৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে হাতীখুলি চাহ বাগিছাৰ মুখ্য পৰিচালক অধীক্ষকক৷ ইপিনে, স্মাৰকপত্ৰ গ্ৰহণ কৰি হাতীখুলি চাহ বাগিছাৰ মুখ্য পৰিচালক অধীক্ষক মিত্ৰভানু দাসে কয় যে ইতিমধ্যে হাতীখুলি চাহ বাগিছাত পঞ্চতাৰকা হোটেল নিৰ্মাণ সম্বন্ধীয় কেইবালানি আলোচনা অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদূৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ স’তে অনুষ্ঠিত হৈছে৷ আনকি, চৰকাৰৰ লগতো আলোচনা অনুষ্ঠিত হৈছে৷ এই আলোচনাত সংগঠনৰ তৰফৰ পৰা তুলি ধৰা বিভিন্ন দাবী ইতিমধ্যেই সমাধান কৰাৰ বাবে বাগিছা কৰ্তৃপক্ষই ব্যৱস্থা লৈছে৷ আগন্তুক কেইদিনমানৰ ভিতৰত বাগিছা কৰ্তৃপক্ষই সকলো দাবী পূৰণ কৰাৰ ব্যৱস্থা কৰিব৷ আনহাতে, পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যি পৰিমাণৰ চাহ গছ উভালি দিয়া হ’ব, সিমানখিনি চাহ গছ পুনৰ ৰোপণ কৰা হ’ব বুলিও উল্লেখ কৰে বাগিছাৰ পৰিচালক গৰাকীয়ে৷ ইফালে, প্ৰায় তিনিঘণ্টা সময় একপ্ৰকাৰ বাগিছাৰ কাম অচল কৰি তোলাৰ অন্ততঃ চাহ শ্ৰমিকসকলে সাময়িকভাৱে প্ৰতিবাদ সাব্যস্ত ৰাখে৷ অচিৰেই চাহ শ্ৰমিকৰ দাবী চৰকাৰ আৰু বাগিছা কৰ্তৃপক্ষই মানি নল’লে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে চাহ শ্ৰমিকসকলে৷

Related Posts

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস