বিশ্ব গঁড় দিৱসৰ চিন্তা
— ধ্ৰুৱজ্যোতি সাহা, দূৰভাষঃ ৯১০১৩০২৩৩১
আজি ২২ চেপ্তেম্বৰ৷ বিশ্ব গঁড় দিৱস৷ গঁড়ৰ সংৰক্ষণ তথা বৃদ্ধিৰ বিষয়ত গণ সচেতনতা সৃষ্টিৰ মানসেৰেই বিশ্ব গঁড় দিৱস পালন কৰা হয়। মূলতঃ আফ্ৰিকা আৰু এছিয়াত বাস কৰা গঁড়ৰ সংৰক্ষণৰ বিষয়ত সজাগতা সৃষ্টিৰ প্ৰয়াস আজিৰ দিনটোতে বিভিন্ন অনুষ্ঠানৰ মাজৰে উদ্যাপন কৰা হয়।
গঁড় দিৱসৰ তাৎপৰ্যঃ
বিলুপ্তিৰ দিশলৈ আগবঢ়া গঁড়ৰ পাঁচোটা প্ৰজাতি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যত ২০১০ চনৰ ২২ চেপ্তেম্বৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয় বিশ্ব গঁড় দিৱস। বিশ্ব প্ৰকৃতি নিধি চমুকৈ WWFৰ উদ্যোগত প্ৰথমবাৰৰ আয়োজিত এই দিনটোক পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বই বিশ্ব গঁড় দিৱস হিচাপে উদযাপন কৰে। গঁড় দিৱসৰ উদ্দেশ্য যদিও গঁড় সুৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰা, প্ৰকৃতাৰ্থত সেই উদ্দেশ্যতকৈ জাকজমকতাৰে দিৱসটো উদযাপন কৰাতহে বেছি গুৰুত্ব আৰোপ কৰা দেখা যায়। বছৰটোৰ মাত্ৰ এটা দিনত ধুমধামেৰে গঁড় দিৱস উদযাপন কৰি বাকী দিন কেইটাত কোনো ধৰণৰ চৰ্চা নকৰাটোৱে গঁড় সুৰক্ষাৰ বিষয়টো প্ৰকৃতপক্ষে যে ফলপ্ৰসু হৈ উঠা নাই সেয়া ইতিমধ্যেই স্পষ্ট হৈ পৰিছে। আনকি, প্ৰথমে গঁড় দিৱস উদযাপন কৰা সংস্থা WWFৰো গঁড় সুৰক্ষাৰ নামত চৰকাৰী-বেচৰকাৰী বিভিন্ন উৎসৰ পৰা পুঁজি আহৰণ কৰাটোহে যেন মূল বিষয় হৈ পৰা পৰিলক্ষিত হৈছে।
গঁড়ৰ প্ৰজাতিঃ
সম্প্ৰতি বিশ্বত থকা গঁড়ৰ পাঁচটা প্ৰজাতি আফ্ৰিকা মহাদেশৰ দুটা খৰ্গযুক্ত ক’লা গঁড়, আফ্ৰিকা মহাদেশৰ বগা গঁড়, সুমাত্ৰাৰ দুটা খৰ্গযুক্ত গঁড়, জাভাৰ এটা খৰ্গ থকা গঁড় আৰু ভাৰতৰ এটা খৰ্গ থকা গঁড়ৰ ভিতৰত ভাৰতৰ অসম ৰাজ্যত থকা এটা খৰ্গ থকা গঁড় পৃথিৱী বিখ্যাত। এটা খৰ্গ থকা গঁড় অসমৰ কাজিৰঙা, পবিতৰা আৰু মানাহত গঁড় পোৱা যায়৷ ৰাইন’চৰাচ ইউনিকৰ্ণিচ বৈজ্ঞানিক নামৰ এই এটা খৰ্গ থকা গঁড়ৰ সুৰক্ষাৰ বাবে ব্ৰিটিছ চৰকাৰেই লৈছিল আগভাগ।
গঁড় আৰু কাজিৰঙাঃ
ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ তদানীন্তন ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী ভিক্টোৰীয়া লেইটাৰ কাৰ্জনৰ অনুৰোধতে গঁড়ৰ সুৰক্ষাৰ হেতু ১৯০৮ চনৰ ৩ জানুৱাৰীত ব্ৰিটিছ চৰকাৰে ১৪৪২/আৰ/১-৬-১৯০৫ নং ৰাজপত্ৰ যোগে কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই কাজিৰঙা সংৰক্ষিত বনাঞ্চলেই ১৯১৬ চনত প্ৰমোদ উদ্যান, ১৯৫০ চনত অভয়াৰণ্য, ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান আৰু ১৯৮৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে। আনহাতে, ১৮৯১ চনৰ ‘অসম বন নিয়ন্ত্ৰণ আইন’ৰপৰা আৰম্ভ কৰি ২০০২ চনৰ ‘জৈৱ বৈচিত্ৰ সংৰক্ষণ আইন’ আদি বিভিন্ন আইন প্ৰণয়নেৰে কাজিৰঙা তথা গঁড়ৰ বিশেষ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
গঁড়ৰ চোৰাং চিকাৰঃ
চৰকাৰী তথ্য অনুসৰি, ১৯৮৬ চনৰ পৰা ২০১১ চনৰ ভিতৰত চোৰাং চিকাৰীৰ দ্বাৰা নিহত হৈছে ৫২৪ টা গঁড়। ইয়াৰ বিপৰীতে চোৰাং চিকাৰীৰ নামত কেৱল কাজিৰঙাতে ২০১১ বৰ্ষৰ পৰা ২০১৬ বৰ্ষলৈকৈ বনৰক্ষী আৰু সুৰক্ষাকৰ্মীৰ গুলীত নিহত হৈছে ৫৯ জন লোক। অৱশ্যে শেহতীয়াকৈ গঁড়ৰ চোৰাং চিকাৰৰ সংখ্যা আশানুৰূপভাৱে হ্ৰাস পাইছে৷
গঁড়ৰ খৰ্গৰ বজাৰঃ
গঁড় নিধন প্ৰধানতঃ অন্ধবিশ্বাসৰ বাবেই হয় বুলি যদিও কোৱা হয় প্ৰকৃতাৰ্থত এয়া পুঁজিবাদী বজাৰৰহে অংশ। কাৰণ, বহুত অন্ধবিশ্বাসীৰ মতে, গঁড়ৰ খৰ্গৰ আঙুঠি পিন্ধিলে অথবা ইয়াৰ পৰা প্রস্তুত কৰা দৰৱ ব্যৱহাৰ কৰিলে ভাগ্য উদয় হোৱাৰ লগতে যৌনশক্তি বৃদ্ধি পায় বুলি যদিও সেয়া সাধাৰণ ৰাইজে ক্ৰয় কৰিব নোৱাৰে। পুঁজিপতি অবিহনে চুলিৰ এক কঠিন সমষ্টি বুলি জনাজাত গঁড়ৰ খৰ্গ গোট খুওৱাটো কেতিয়াও সম্ভৱ নহয়। আন এটা বিষয় হ’ল, গঁড় চিকাৰীৰ নামত যিসকলক হত্যা কৰা হয় অথবা গ্ৰেপ্তাৰ কৰা হয় সেই সকলৰ বিৰুদ্ধে গঁড় হত্যা কৰা, চিকাৰীক বাট দেখুৱাই দিয়া, গঁড় চিকাৰীক আশ্ৰয় প্ৰদান কৰা অথবা খৰ্গ সৰবৰাহৰ স’তে পোনপটীয়া ভাৱে জড়িত থকাৰ অভিযোগ কৰা হয়। কিন্তু, কথা হ’ল, ৰাষ্ট্ৰৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা, চোৰাংচোৱা ব্যৱস্থা থকাৰ পাছতো বন্দুক লৈ গঁড় হত্যাৰ বাবে কেনেকৈ উদ্যানত প্ৰৱেশ কৰে ‘চিকাৰী’? দ্বিতীয়তে, খৰ্গ সৰবৰাহ কৰা মানুহজনক শাস্তি দিয়া হয় কিন্তু, কাৰ কাৰণে গঁড় হত্যা কৰা হয় অথবা কোনে খৰ্গ ক্ৰয় কৰে সেয়া সদায়েই অস্পষ্ট। উৎস উলিওৱাৰ পৰা আঁতৰি থাকি গঁড়ৰ খৰ্গ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যায় বুলি চৰকাৰী ভাৱে এটা বিমূৰ্ত ধাৰণা দিয়া হয়। আনহাতে, গঁড়ৰ খৰ্গ যদি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈয়েই যায়, তেন্তে কটকটীয়া নিৰাপত্তা বেষ্টনী থকাৰ পাছতো কোনে ভাৰতৰ সীমা পাৰ কৰি দিয়ে, সেই লৈ কোনো ধৰণৰ তদন্ত কেতিয়াও হোৱা নাই। প্ৰকৃতাৰ্থত, কাজিৰঙাৰ গঁড় হত্যা পুঁজিপতি বজাৰৰ দ্বাৰা সৃষ্ট এটা ৰাজনৈতিক বিষয়। গঁড় হত্যাক কেন্দ্ৰ কৰি চৰকাৰ গঠন অথবা পতনৰ প্ৰশ্নটো জড়িত হৈ থাকে। এজন বিষয়া অথবা কৰ্মচাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিমান দিন কৰ্তব্যত নিয়োজিত হৈ থাকিব, বঁটা পাব নে গতা খাব অথবা কোনোবা মন্ত্ৰী বনবিভাগৰ দায়িত্বত থাকিব নে নাই সেয়াও গঁড় হত্যাই নিৰ্ধাৰণ কৰে। ৰাষ্ট্ৰৰ মেকানিজিম থকা তথাকথিত অদৃশ্য শক্তিৰ দ্বাৰা সংঘটিত এই গঁড় হত্যাৰ ঘটনাই নিৰ্ধাৰণ কৰে বছৰ বছৰ ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এলেকাত বসবাস কৰি থকা কাজিৰঙাবাসী উদ্যানখনৰ শত্ৰু নে মিত্ৰ। বেদখলকাৰী নে শুভ চিন্তক, ভৱিষ্যৎ কেনে ধৰণৰ আদি সকলো বিষয় নিৰ্ভৰ কৰে। বৃহৎ পুঁজিপতিৰ স্বাৰ্থত আঘাত লাগিলেই যিকোনো মুহূৰ্ততে এজন সামাজিক ভাৱে জড়িত মানুহক অসামাজিক কাৰ্যকলাপত জড়িত কৰিব পৰাৰ অধিকাৰ আছে ৰাষ্ট্ৰৰ হাতত। আনহাতে, ৰাষ্ট্ৰ সৃষ্ট এই কৃত্ৰিম ভীতিৰ বাবেই কাজিৰঙাৰ গঁড় সুৰক্ষাৰ প্ৰশ্নত স্থানীয় ৰাইজৰ অংশগ্ৰহণ ক্ৰমাৎ হ্ৰাস পাই আহিছে।
গঁড়ৰ সুৰক্ষাৰ আঁচনিঃ
ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্রণালয়ে অসমৰ গঁড়ৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে ‘ইণ্ডিয়ান ৰাইন’ ভিজন ২০২০’ আঁচনি গ্রহণ কৰিছিল। এই আঁচনি অনুসৰি, ২০২০ চনৰ ভিতৰত অসমত গঁড়ৰ সংখ্যা ৩০০০ কৰাৰ লক্ষ্য আছিল৷ ২০২০ৰ ভিতৰত নহ’লেও সম্প্ৰতি এই আঁচনিৰ লগতে স্থানীয় ৰাইজৰ সহযোগিতাৰ বাবে কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাতে চৰকাৰী সূত্ৰমতে ২৬১৩ টা গঁড়ৰ অস্তিত্ব পোৱা গৈছে৷ আনহাতে, সমগ্ৰ অসমত প্ৰায় ৩০০০ গঁড় হৈছেগৈ৷
সংৰক্ষণমূলক পদক্ষেপঃ
গঁড়ৰ খৰ্গটো যে মূল্যৱান নহয় বৰং মূল্যৱান জীৱন্ত গঁড়টোহে, সেই কথা স্পষ্টকৈ অসম চৰকাৰে প্ৰমাণ কৰাটো চৰকাৰৰ এক আদৰণীয় পদক্ষেপ৷ অসমৰ ৰাজ্যিক কোষাগাৰত থকা ২৪৭৯টা গঁড়ৰ খৰ্গ দাহ কৰি গঁড়ৰ চোৰাং চিকাৰৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ দৃষ্টান্তমূলক বাৰ্তা অসম চৰকাৰে প্ৰদান কৰে৷
CWRCৰ পদক্ষেপঃ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব বিখ্যাত এটা খৰ্গ থকা গঁড়ক বিভিন্ন সময়ত সৃষ্টি হোৱা সমস্যাৰ সময়চোৱাত কাজিৰঙাৰ পানবাৰীস্থিতিত বন্য প্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰয় এক মুখ্য ভূমিকা পালন কৰি আহিছে। চলিত বৰ্ষৰ জুলাইত মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিল ফলত অসম গৌৰৱ গঁড়ৰ পোৱালিয়ে মাতৃৰ পৰা বিচ্ছিন্ন হৈ ওখ ঠাইৰ সন্ধানত মানুহৰ ঘৰৰ কাষত আশ্ৰয় ল’বলগীয়া হৈছিল৷ মাতৃহাৰা এই গঁড় পোৱালি দুটাৰ লগতে আন দুটাক লৈ মুঠ চাৰিটা কৈ গঁড় পোৱালিক বৰ্তমান CWRC ৰ কৰ্মচাৰীৰ পৰিচৰ্যাত ক্ৰমাৎ ডাঙৰ হ’বলৈ আৰম্ভ কৰিছে৷ অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল, বৰ্তমানলৈকে ১৮টা গড়ঁক চিকিৎসা কৰি পুনৰ উদ্যানত মুকলি কৰি দিয়ে CWRCয়ে৷
ল’বলগীয়া পদক্ষেপঃ
বিভিন্ন চৰকাৰী আঁচনিৰ সমান্তৰালভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষিত কৰিবৰ হেতু দাঁতি কাষৰীয়া সাধাৰণ জনতাক গুৰুত্ব প্ৰদানেৰে নিজৰ অধিকাৰ চৰকাৰে উভতাই দিব লাগিব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ দাঁতি কাষৰীয়া মুষ্টিমেয় একাংশৰ বিপৰীতে সৰ্ব সাধাৰণ জনতাই গৌৰৱ কৰিব পৰাৰ পৰিৱেশ অনাৰ চেষ্টা কৰিব লাগিব, উদ্যানৰ স’তে বছৰ বছৰ ধৰি সংপৃক্ত হৈ থকা থলুৱা নিৱনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া সাধাৰণ জনতাক অৰ্থনৈতিক ভাৱে স্বাৱলম্বী কৰিবৰ বাবে চৰকাৰী ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই ব্যৱস্থাবোৰে স্থানীয় ৰাইজক শতবৰ্ষ গৰকা কাজিৰঙা উদ্যান তথা বিলুপ্তিৰ দিশলৈ আগবঢ়া গঁড়ৰ সুৰক্ষাৰ বাবে নিজকে অধিক উৎসৰ্গিত কৰিবলৈ উৎসাহ যোগান ধৰিব, যিয়ে গঁড় সুৰক্ষাত ইতিবাচক ভূমিকা ল’ব। সমান্তৰালভাৱে অপতৃণ মাইম’ছা নাইকিয়া কৰাৰ ব্যৱস্থা গ্ৰহণ, গঁড়ৰ খাদ্য আৰু আৱাসস্থলীৰ সংৰক্ষণে ভৱিষ্যতলৈয়ো গঁড় সুৰক্ষিত হ’ব৷