সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ বাৰ্ষিক সাধাৰণ সভা
মৃদুস্মিতা শৰ্মা , ৰাইজৰ খবৰ ডিজিটেলঃ শতবৰ্ষ গৰকা যোৰহাটৰ সৰ্ব্বাইবন্ধা পূজামন্দিৰৰ বাৰ্ষিক সাধাৰণ সভাখন যোৱা ২৮ জুলাই দেওবাৰে দুপৰীয়া ৩ বজাত মন্দিৰৰ বৈঠক ঘৰত ড০ শ্যামল প্ৰসাদ বৰুৱাৰ সভাপতিত্বত সফলতাৰে অনুষ্ঠিত হৈ যায়। সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে যুটীয়া সম্পাদক মনোজ চক্ৰবৰ্তীয়ে। আয় ব্যয়ৰ হিচাপ প্ৰতিবেদন পাঠ কৰে যুটীয়া সম্পাদক পঙ্কজ ভট্টাচাৰ্যই। সভাত বহুতো দিশৰ ওপৰত বিভিন্নজন বক্তাই বক্তব্য ৰাখে। পুৰণা সমিতিয়ে বহুতো উন্নয়ন মূলক কামকাজ কৰি সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হয়। বহুতো সংখ্যক ৰাইজৰ উপস্থিতিত পুৰণা সমিতি ভংগ কৰি নতুন সমিতি ২০২৪-২০২৫ বৰ্ষৰ বাবে বিশিষ্ট সমাজ কৰ্মী তথা ক্ৰীড়া সংগঠক পবিত্ৰ বৰঠাকুৰক নতুন সভাপতি, অনুপম ৰাজখোৱাক কাৰ্যকৰী সভাপতি, ড০ অৰুন্ধতী বৰুৱা, জীতেন খাউণ্ড, অমল শৰ্মা আৰু অতুল ভাগৱতীক উপসভাপতি, পৰাগ প্ৰতিম বৰুৱা আৰু দেবজিৎ শৰ্মাক যুটীয়া সম্পাদক, শিৱম কৌশিক গোস্বামী , অভিষেক বৰঠাকুৰক সহকাৰী সম্পাদক ৰূপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়।