সৰ্বভাৰতীয় ফুটবল ৰেফাৰী শাৰীৰিক সক্ষমতা পৰীক্ষাত
অসমৰ পৱন চন্দ্ৰ পাঠক আৰু প্ৰেম নাৰ্জাৰী উত্তীৰ্ণ
জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসমৰ বাবে এটি সু-খবৰ। সৰ্বভাৰতীয় ফুটবল ৰেফাৰীৰ শাৰীৰিক সক্ষমতা পৰীক্ষাত অসমৰ দুজনকৈ ৰেফাৰীয়ে উক্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ অসমলৈ গৌৰৱ কঢ়িয়াইছে। ওৰিষাৰ ভূবেনেশ্বৰ এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত সৰ্বভাৰতীয় ফুটবল ৰেফাৰীৰ শাৰীৰিক সক্ষমতা পৰীক্ষাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ৬২ জন ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰীয়ে অংশগ্ৰহণ কৰিছিল। তাৰে ভিতৰত মুঠ ১১ জন ৰেফাৰীয়ে উক্ত শাৰীৰিক সক্ষমতা পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। এই ১১ জনৰ ভিতৰত অসমৰে ২জনে ৰেফাৰী উত্তীৰ্ণ হয়। তেওঁলোক হ’ল যোৰহাটৰ পৱন চন্দ্ৰ পাঠক আৰু কোকৰাঝাৰৰ প্ৰেম নাৰ্জাৰী। এনেদৰে এখন ৰাষ্ট্ৰীয় পৰীক্ষাত উত্তীৰ্ণ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা দুইজন ৰেফাৰীলৈ অসম ফুটবল সন্থা আৰু সদৌ অসম ৰেফাৰী কল্যাণ সমিতিয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।