
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী বিকাশ জ্যোতি বৰা অসমৰ প্ৰথম জন দৃষ্টিহীন ফিডে ৰেটিং পোৱা দবা খেলুৱৈ ৰূপে পৰিগণিত হৈছে।

গুৱাহাটী দবা একাডেমীৰ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিব দিয়া মতে, ১ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে বিশ্ব দবা ফেডাৰেচনে প্ৰকাশ কৰা ফিডে ৰেটিং তালিকা অনুসৰি, বিকাশ জ্যোতি বৰাই ১৫৬৬ ফিডে ৰেটিং পইণ্ট লাভ কৰে।

২৪ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰ, ২০২৪লৈ গুৱাহাটীত অনুষ্ঠিত এছ পি এছ গুৱাহাটী ইণ্ডিয়া অ’পেন ইণ্টাৰনেশ্যনেল ৰেটিং দবা প্ৰতিযোগিতা ২০২৪ত তেওঁৰ প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হয়।
বিকাশ জ্যোতি বৰা বৰ্তমান ফিডে প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ অধীনত গুৱাহাটী দবা একাডেমীত প্ৰশিক্ষণ লৈ আছে।