ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা

তন্ময় বৰুৱাৰ হেটট্ৰিকৰ সহায়ত অপ্ৰতিৰোধ্য অসম ফাইনেলত
ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ২০ ছেপ্টেম্বৰত অসম-হাৰিয়ানাৰ মাজত চূড়ান্ত খেল

জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসমৰ অধিনায়ক তন্ময় বৰুৱাৰ হেটট্ৰিকৰ সহায়ত অসমৰ আজি প্ৰতিযোগিতাখনত পঞ্চমটো জয়। প্ৰতিটো বিপক্ষক ধাৰাসাৰি কৰা অপৰাজেয় অসম সঁচাকৈয়ে যে অপ্ৰতিৰোধ্য তাক প্ৰতিপন্ন কৰিবলৈ মাজত মাত্ৰ আৰু এখোজ বাকী। ক্ৰমাগতভাৱে আজি পঞ্চমটো জয়ৰ পাছত অহা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন আৰু সেই খেলখনত জয়ী হ’লেই অসম যে অপ্ৰতিৰোধ্য তাৰে প্ৰমাণ হ’ব। এই অপ্ৰতিৰোধ্য অসমৰ সন্মুখত মুখামুখি হ’ব হাৰিয়ানা। যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়ামত চলি থকা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি ছেমি ফাইনেল খেল দুখন অনুষ্ঠিত হয়। আজি বিয়লি যোৰহটীয়া ফুটবল তথা ক্ৰীড়াপ্ৰেমী ৰাইজে উপভোগ কৰিবলৈ পালে এখনি উপভোগ্য ফুটবল খেল। আজি অনুষ্ঠিত প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমিত আয়োজক অসম ৰাজ্যিক ফুটবল দলে ৰাজস্থান ৰাজ্যিক ফুটবল দলক ৩-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনত আজি অসমে এখন দৰ্শনীয় খেল খেলি বিপৰীত পক্ষক সম্পূৰ্ণৰূপে চাপত ৰাখি খেলৰ প্ৰথমাৰ্ধত দুটা আৰু দ্বিতীয়াৰ্ধত এটা গ’ল ক্ৰমে খেলৰ ১৭, ১৯ আৰু ৪৭ মিনিটত তিনিটা গ’ল দিয়ে অসম দলৰ অধিনায়ক তন্ময় বৰুৱাই লগতে সম্ভাব্যৱান খেলুৱৈ গৰাকীয়ে আজি হেটট্ৰিক অৰ্জন কৰাৰ লগতে দলটোক ফাইনেলত উপনিত কৰে। ইফালে আজি অনুষ্ঠিত ছেমি ফাইনেল খেল দুখনৰ পুৱাৰ ভাগত অনুষ্ঠিত প্ৰথমখন খেলত হাৰিয়ানা ৰাজ্যিক ফুটবল দলে হিমাচল প্ৰদেশ ৰাজ্যিক ফুটবল দলক হাৰিয়ানা দলৰ ৰাজবীৰ কাপুৰে দিয়া দুটা গ’লৰ সহায়ত হিমাচল প্ৰদেশক ২-১গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। হিমাচলৰ হৈ একমাত্ৰ গ’লটো দিয়ে হৰ্ষিত জাছৱালে। উল্লেখযোগ্য যে অহা ২০ ছেপ্টেম্বৰত যোৰহাট ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব। চূড়ান্ত খেলখনত মুখামুখি হ’ব আয়োজক অসমৰ বিৰুদ্ধে হাৰিয়ানাই খেলিব।

  • Related Posts

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    “অস্কাৰতকৈও বেছি ‘মূল্যৱান’ আইদেউ সন্দিকৈ বঁটা”— অভিনেত্রী সীমা বিশ্বাস বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস