ছানষ্ট্ৰোকৰ পৰা পৰিত্ৰাণ পাব কেনেদৰে
— ডা° মানৱেন্দ্ৰ নায়ক
জ্যেষ্ঠ মেডিচিন বিশেষজ্ঞ
ৰাজ্যৰ চাৰিওফালে কেৱল গ্ৰীষ্ম প্ৰবাহৰ বাবে সকলোৱে ত্ৰাহি মধুসূদন সুঁৱৰিছে। ঠায়ে ঠায়ে পাৰাস্তম্ভ ৪৩ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে। গুৱাহাটী মহানগৰীত তাপমাত্ৰা ৪০.১ ডিগ্ৰী হৈছে । মানুহ ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘৰত থাকিলেও গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হোৱা নাই। গ্রীষ্ম প্রবাহৰ লগে লগে ৰ’দত ঘূৰি ফুৰা লোকৰ যিবোৰ শাৰীৰিক সমস্যাই দেখা দিয়ে সেইবোৰৰ ভিতৰত অন্যতম হৈছে ছানষ্ট্রোক।
আজিকালি ছানস্ট্রোকত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । যিমানেই আমি বিশ্বায়নৰ ফালে গতি কৰিছো সিমানেই এনে সমস্যাৰ চিকাৰ হ’বলৈ ধৰিছো। অথচ এই বিষয়বোৰত গুৰুত্ব নিদিও। প্ৰখৰ ৰ’দত বেছি সময় কাম কৰিলে অথবা খোজ কাঢ়িলে হঠাতে মূৰ্চ্ছা যোৱা, প্ৰচণ্ড ভাগৰ অনুভৱ হোৱাৰ লগতে বিভিন্ন সমস্যাই গা কৰি উঠিছে। গ্ৰীষ্মৰ সময়ত হোৱা এই
আতংকৰ নামেই হৈছে ‘ছানস্ট্রোক’। ইয়াক ৰৌদ্ৰ প্ৰৱাহৰ বাবে হোৱা আকস্মিক সমস্যা বুলিও ক’ব পাৰি। ছানস্ট্রোকক ‘হিটস্ট্রোক’ বুলিও কোৱা হয়।
সাধাৰণতে শৰীৰৰ উত্তাপ ৪০ ডিগ্রী চেলছিয়াছৰ ওপৰত থাকিলে ছানষ্ট্ৰোকত আক্ৰান্ত বুলি কোৱা হয়। আমাৰ শৰীৰে এক নিৰ্দিষ্ট উত্তাপ সহ্য কৰিব পাৰে। হিটকেম্পাছ, হিট এক্সাশ্চন আৰু হিট চিনকোপ পর্যায় অতিক্ৰম কৰাৰ পাছতহে সৃষ্টি হয় ছানষ্ট্রোক ।
কেনেকৈ জানিব আক্ৰান্ত হোৱা বুলি?
- শৰীৰৰ উত্তাপ অস্বাভাৱিক ভাৱে বৃদ্ধি পায়। এনে হ’লে ৪০ ডিগ্ৰী চেলছিয়াছৰ বেছি হ’ব পাৰে।
- তদুপৰি শৰীৰৰ উত্তাপ অস্বাভাৱিক ভাৱে বৃদ্ধি পালেও ঘাম বেছি নোলায় ।
- এনে হ’লে আক্রান্তজনৰ ছালখন শুষ্ক হোৱাৰ লগতে ৰঙা পৰে।
- এনে হ’লে মূৰৰ বিষ বেছি হোৱা দেখা যায়।
- হিটস্ট্রোক হ’লে মূৰটো আচন্দ্ৰোৱা যেন অনুভৱ, পেশী দুৰ্বল হোৱাৰ উপৰি কেতিয়াবা টানি ধৰিব পাৰে।
- এনে হোৱাৰ লগে লগে ওকালি বা বমি হয়।
- হৃদস্পন্দন দ্রুত অথবা কেতিয়াবা দুৰ্বল হোৱা দেখা যায়।
- মনঃসংযোগত ব্যাঘাত জন্মাটোও আন এক লক্ষণ ।
- কেতিয়াবা আক্রান্তগৰাকী ক’মা পৰ্যায়তো উপনীত হ’ব পাৰে ।
- আক্ৰান্ত লোকৰ প্ৰস্ৰাৱৰ পৰিমাণ স্বাভাবিক হ্রাস পায় ।
- তদুপৰি কথোপকথনত জঠৰতা আহে।
কোন বেছি আক্রান্ত হয়?
- সাধাৰণতে শিশু আৰু বয়স্ক লোকসকল বেছিকৈ আক্ৰান্ত হোৱাৰ আশংকা থাকে। কাৰণ এই বয়সত শৰীৰে সহজে উত্তাপ সলনি কৰিব নোৱাৰে। শৰীৰৰ ভিতৰত উত্তাপ বাহিৰৰ উত্তাপতকৈ বেছি হ’বলৈ ধৰে।
- যিসকল লোকে বেছিকৈ মাদক দ্ৰব্য সেৱন কৰে তেওঁলোক এনে সমস্যাত আক্ৰান্ত হোৱাৰ আশংকা থাকিব।
- মহিলাৰ তুলনাত পুৰুষসকল বেছি আক্রান্ত হয়।
- যিসকলৰ ডিহাইড্ৰেচন বা জলশূন্যতাৰ সমস্যা থাকে তেওঁলোকৰ এনে হয়।
- এনে কিছুমান ঔষধ আছে যিবোৰে শৰীৰে স্বাভাৱিকভাৱে উত্তাপ নিয়ন্ত্ৰণত ব্যাঘাত জন্মায় ।
- কিছুমান ৰোগ বিশেষকৈ চিষ্টিক ফাইব্ৰ’ছিছ আদিৰ বাবে এনে হ’ব পাৰে।
- শ্লিপডিছঅৰ্ডাৰ বা টোপনিত ব্যাঘাত জন্মাৰ লগতে হৃদৰোগ, কিডনীৰ ৰোগ, লিভাৰ, থাইৰয়ড আদিৰ বাবেও এনে হয়।
- কেতিয়াবা আকৌ গাত লিপিট খাই ধৰা ছিন্থেটিক পোছাক পিন্ধিলেও হোৱা দেখা যায়।
- বেছিকৈ জ্বৰ উঠি থাকিলেও এনে সমস্যাত আক্রান্ত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
- মেদবহুলতাও হ’ব পাৰে হিটষ্ট্ৰোকৰ আন এক কাৰণ। সাধাৰণতে মেদবহুল লোকসকলে আনৰ তুলনাত বেছি গৰম অনুভৱ কৰে।
কিয় হয় এনে সমস্যা?
আমাৰ শৰীৰত উত্তাপ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা আছে। মস্তিষ্কৰ হাইপোথেলামাছে শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে। সাধাৰণতে শৰীৰৰ উত্তাপ ৯৮.৬ ডিগ্রী ফাৰেনহাইট বা ৩৭ ডিগ্রী চেলছিয়াছ থাকে। যেতিয়া শৰীৰে এই উত্তাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াই এনে সমস্যাই গা কৰি উঠে। বহুতেই হিটস্ট্রোকত আক্ৰান্ত হোৱাৰ পিছতো বিশেষ গুৰুত্ব প্ৰদান
কৰিব নোখোজে। এই বিষয়ে এতিয়াহে অলপ অচপৰ গুৰুত্ব দিয়া হৈছে। আগতে একেবাৰেই নাছিল।
পৰিত্ৰাণৰ বাবে কি কৰিব?
- প্ৰখৰ ৰ’দত ওলালে ছাতি ব্যৱহাৰ কৰিব লাগে।
- ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে নেমুৰ চৰ্বত আদি খালেও শৰীৰটো সতেজ হৈ থাকে।
- গৰমৰ দিনত প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত। কাৰণ এই সময়ত শৰীৰৰ পৰা ঘামৰ ৰূপত পানীভাগ ওলাই যায়।
- প্ৰখৰ ৰ’দত শাৰীৰিক শ্ৰম কৰোতে সাৱধান হ’বই লাগিব। পৰা পক্ষত ভৰ দুপৰীয়া কাম নকৰাটোৱে মংগলজনক।
- এই সময়ত ঢিলা বা গাত লিপিত খাই নধৰা বস্ত্ৰ পৰিধান কৰা উচিত। কিয়নো যিমানেই গাত লিপিট খোৱা চোলা-পেণ্ট পিন্ধিব সিমানেই ঘাম ওলোৱাত বাধাগ্ৰস্ত হ’ব।
- স্প’ৰ্টছ ড্রিংক্স আদি সেৱন কৰিলেও সুফল পোৱা যায়।
- শৰীৰৰ উত্তাপ বৃদ্ধি পোৱাৰ লগে লগে গামোচা অথবা টাৱেল আদি ঠাণ্ডা পানীত তিয়াই লৈ ডিঙিৰ পিছফালৰ লগতে ডিঙিত কিছু সময় ধৰি ৰাখিব লাগে।
- গ্ৰীষ্মৰ সময়ত টুপী পিন্ধা বা অতিৰিক্ত পোছাক পৰিধান কৰিব নালাগে।
- বেছি সময়ত ব্যায়াম কৰিব নালাগে। যিসকলৰ সমস্যা আছে তেওঁলোকে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
- কেতিয়াও দুৱাৰ-খিৰিকী বন্ধ ৰাখিব নালাগে। কিয়নো এনে কৰিলে ঘৰৰ ভিতৰত থকা বায়ুখিনি গৰম হ’লে শৰীৰৰ উত্তাপো বৃদ্ধি পাব পাৰে।
- আক্রান্ত লোকজনে সঘনাই অ’ আৰ এছ খাব লাগে। তেতিয়া ছ’ডিয়ামৰ পৰিমাণ হ্ৰাস নাপায়।
- আক্রান্তক মুকলি শীতল ঠাইত ৰাখিব পাৰিলে বিপদৰ আশংকা নাথাকে।