টাৰেন্টুলা সঁচাকৈয়ে ভালুক নেকি?

মকৰা আৰু টাৰেন্টুলা একে নে ? টাৰেন্টুলা সঁচাকৈ ভালুক নেকি ?

 

বিচিত্ৰ জগতৰ অনেক বৈচিত্ৰতাই মানুহক অবাক কৰি তোলে। সেয়া হয়তো জীৱ বা জড়ই হওঁক। মানুহৰ কল্পনা জগতত অহেতুক কথাই খুন্দিয়াই থাকে। যেনে- সদায় দেখি থকা প্ৰাণী বা বস্তু বা ৰঙৰ ক্ষেত্ৰত নিতৌ সাধাৰণ। কিন্তু অকাল্পনিক ভাৱে দেখা পোৱা শৰীৰৰ আকাৰগত পাৰ্থক্য, ৰঙ আৰু আচৰণে মনটোক অস্বাভাৱিক ভাৱে আলোড়িত কৰি তোলে। এই বিচিত্ৰ ধৰাৰ বুকুত কিমান যে অনেক ৰকমৰ প্ৰাণী আছে।বৈজ্ঞানিক সকলেও বহু গৱেষণাৰ অন্তত প্ৰাণী জগতৰ বহু বিৰল তথ্য পোহৰলৈ আনিছে।
জানোচোন আহক থোৰতে মকৰা নামৰ এবিধ সন্ধিপদী প্ৰাণীৰ বিষয়ে।মকৰা (ইংৰাজী: Spider) হৈছে অষ্ট পদ যুক্ত এক প্ৰকাৰৰ সন্ধিপদী প্ৰাণী। ইহঁতৰ কিছুমান প্ৰজাতি অতি বিষাক্ত। ইহঁত arachnida ৰ অতি বৃহৎ বৰ্গ আৰু জীৱৰ অন্য সকলো বৰ্গৰ প্ৰজাতিৰ বিচিত্ৰতাৰ ভিতৰত ইহঁতৰ স্থান সপ্তম। এণ্টাৰ্কটিকাক বাদদি পৃথিৱীৰ সকলো মহাদেশতে মকৰা পোৱা যায়, আৰু কিছু বায়বীয় আৰু সাগৰীয় উপনিৱেশক বাদ দি প্ৰায় সকলো বাসস্থানতে উপলব্ধ। বিজ্ঞানীসকলে ২০০৮ চনত মকৰাৰ প্ৰায় ৪৩,৬৭৮ টা প্ৰজাতি আৰু ১০৯ টা পৰিয়াল চিনাক্ত কৰিছে। আমি আমাৰ বাৰী সমূহত বিভিন্ন মকৰা দেখি আহিছো। বাঘ মকৰা,চাহী মকৰা,পানী মকৰা ইত্যাদি। কিছুমান মকৰাই জপিয়াই ফুৰে ইহঁতক Jumping spider বুলি কোৱা হয়।
মকৰাৰ অন্য এটা বৈচিত্ৰ্যপূৰ্ণ দিশ হ’ল মতা মকৰাৰ অকাল মৃত্যু। এদল জাৰ্মানীৰ বিজ্ঞানীৰ গৱেষণাৰ তথ্য মতে, কেইজনীমান মাইকী মকৰা লগ হৈ পুৰঠ মতা মকৰা একোটাক হত্যা কৰে আৰু মকৰাটোৰ খাদ্য উপযোগী অংশখিনি ভক্ষণ কৰে। মতা মকৰা খাই পেলোৱাৰ কাৰণো বিজ্ঞানীসকলে উদঘাটন কৰিলে। সেই মতে,বৰ্ণসংকৰ ৰোধ কৰিবলৈকে এবাৰ প্ৰজননত ভাগ লোৱাৰ পিছত মতা মকৰা একোটাক কেইবাজনী মাইকী মকৰা লগ হৈ হত্যা কৰে। এই কাৰণতে আমাৰ ঘৰৰ চেপত বা অন্য স্থানত কেতিয়াবা তেনেধৰণৰ শুকান মকৰাৰ ঠেংকেইখন আৰু শুকান জকা একোটা আমি দেখিবলৈ পাওঁ।মকৰাই খাদ্যশৃংখলৰ যোগেদি পোক-পতংগ ভক্ষণ কৰি পৰিস্থিতিতন্ত্ৰ সন্তুলন কৰি ৰাখে। মকৰাৰ মলদ্বাৰৰ পৰা নিৰ্গত হোৱা বিশেষ পদাৰ্থৰদ্বাৰা জাল তৈয়াৰ কৰি খাদ্য চিকাৰ কৰে। যাক আমি মকৰা জাল বুলি কওঁ।
বিগত বৰ্ষৰ দুই অক্টোবৰত আমাৰ ঘৰত ওলোৱা ‘টাৰেণ্টুলা’ (Tarantula) নামৰ এবিধ মকৰা প্ৰজাতিৰ বিষয়ে কবলৈ যাওঁতে থোৰতে এইখিনি কথাও কৈ পেলালো।

আহকচোন টাৰেণ্টুলাৰ বিষয়ে কিছু অৱগত হওঁ —
বৈজ্ঞানিক নাম: Chaetopelma olivaceum.চেট’পেলমা অলিভাচিয়াম।
সাধাৰণ নাম: মধ্যপ্ৰাচ্যৰ ক’লা টাৰেন্টুলা, ক’লা শুঙৰ টাৰেন্টুলা। অসমীয়াত ঠাই ভেদে বেলেগ নাম আছে যদিও আমি ভালুক মকৰা বুলি কওঁ।
প্ৰকাৰ: পুৰণি পৃথিৱী, স্থলজ।
স্থানীয় স্থান: ইজিপ্ত, চাইপ্ৰাছ, তুৰস্ক, চুডান, মধ্যপ্ৰাচ্য।
প্ৰাপ্তবয়স্কৰ আকাৰ: প্ৰায় ৪” ইঞ্চি।
খাদ্যাভ্যাস: ফৰিং,পখিলা,জিঞা অন্যান্য পোক-পতংগ।
সাধাৰণ তথ্য: Chaetopelma olivaceum, সাধাৰণতে মধ্যপ্ৰাচ্য Black Tarantula বা Black Furry tarantula নামেৰে জনাজাত, ইজিপ্ত আৰু ইয়াৰ আশে-পাশে থকা মধ্যপ্ৰাচ্যৰ দেশসমূহৰ পৰা অহা এটা প্ৰজাতি।মাইকী মকৰাৰ আকাৰ ৪”ৰ ওচৰত হ’ব পাৰে যাৰ ফলত ই মধ্যপ্ৰাচ্যৰ আটাইতকৈ ডাঙৰ মকৰা।
টাৰেন্টুলা এবিধ বিষাক্ত মকৰা। ইহঁতৰ উগ্ৰ ৰূপত অৰিহণা যোগোৱাৰ উপৰিও টাৰেন্টুলাৰ শৰীৰৰ নোমবোৰ বা শুংবোৰ এক শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা। ভাবুকিৰ সন্মুখীন হ’লে এই মকৰা বহু প্ৰজাতিয়ে আক্ৰমণকাৰীৰ ওপৰত শুংবোৰ নিক্ষেপ কৰে। যদিও ইয়াত কোনো বিষ নাথাকে, তথাপিও ই চকু, ছাল, শ্লেষ্মা আৱৰণত বিৰক্তিকৰ কৰি খজুৱতি আৰু অন্যান্য পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। শুং বোৰে ডাকিলে কিছুমান মানুহৰ এলাৰ্জিক প্ৰতিক্ৰিয়াও হ’ব পাৰে। ই কামুৰিলে সহজে ঘা নুশুকায়। মকৰা জগতখন সঁচাকৈয়ে অতি বিচিত্ৰ।
—————————————————————————————————————————————–
সংগ্ৰহ ও প্ৰেৰণ — সঞ্জীৱ ৰাজগুৰু, কাজিৰঙা।

  • Related Posts

    ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙা

    ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙাঃ ড° মনচুন জ্যোতি গগৈৰ গৱেষণা‘এক্স’যোগে মুখ্যমন্ত্ৰীৰ অভিনন্দন ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ “বিগ ফাইভ”ৰ এক অনন্য বাসস্থান হিচাপে খ্যাতি লভা বিশ্ব ঐতিহ্য ক্ষেত্ৰ…

    নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা

    নীৰৱতাৰ সিপাৰে ১৭ঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা বিশ্বৰ সবাতোকৈ ভয়ংকৰ চৰাইকাছোৱাৰি — মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী। এজনী মাইকী কাছোৱাৰিয়ে তিনিৰ পৰা ন টা কণী…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস