তিনিটা কবিতা


৩১ ডিছেম্বৰ


— গীতাৰ্থী ঠাকুৰ

নিচলীয়া ভাৱৰ বুৰবুৰণিত
পকনিয়া হামোৰণিত
শব্দ নিমাত
ওলোৱাৰ নাই বাট।।

নি়ঃশব্দ-নদীত
চটফটায় সাগৰমুখী মাছ।

ঘূকুটিয়াই ঘূকুটিয়াই নিশাৰ তালফাল মৌনতা
স্মৃতিৰ জঁপাত শব্দৰ কাতৰতা।

পানী বিচনাত ওমলি আছে
গেঁৰ ধৰা এটি পুৰণি সাধু।
জীয়া শিলৰ গান শুনি
শুই পৰিল সাধু।

ৰ লাগি চাই আছে এটা বৰফৰ বেলি
আৰু শীতত শীৰ্ণ চল্লিশটা গধুলি।।



এক নতুনৰ আৰম্ভণি


— পঙ্কজ সভাপণ্ডিত
উত্তৰ লখিমপুৰ,
মবাইল নম্বৰ :৯৯৫৪৯৪৭৫৯৩

নৱ বৰ্ষ প্ৰথম পুৱা,
সকলো একেই আছে,
পুৱাৰ কোমল ৰ’দ,
পক্ষীৰ ক’লৰব,মাৰ মৰম আৰু জুহালখন,
হিম চেঁচা এজাক বতাহ,
কিন্তু সলনি হ’ল এটা বৰ্ষ,
এটা বছৰৰ ইতিহাসৰ বুকুত লিপিৱদ্ধ হ’ল, আন এক নতুন বৰ্ষৰ আৰম্ভনি হ’ল, নতুন বৰ্ষৰ সুদিনে কঢ়িয়াই আনক প্ৰত্যয় আৰু প্ৰাপ্তিৰ এক অনাবিল আনন্দ, শস্য শ্যামলা হওঁক ধৰিত্ৰী,
মানৱতাৰ জয়গানৰ এক ছন্দোময় যাত্ৰাৰ
আৰম্ভণি হওঁক…..



হাইকুৰ দৰে…

— অংকুৰিতা ফুকন


সমস্ত ঘৃণাৰ শেষত জন্ম হোৱা হোৱাৰ প্ৰেমেই আত্মপ্ৰেম…

নৈয়ে নাজানে সোঁত হৈ বৈ থকাবোৰ কেৱল পানী নে কাৰোবাৰ চকুলো…


মৌনতাৰ কোলাহলত উজাগৰী নিশা কটোৱাজক সুধিবা
নিশাবোৰ কিমান জয়াল…


মাটিলৈ ভয় কৰা মানুহে আকাশৰ ফালেও চাব নোৱাৰে…

দুজনৰ মাজৰ দূৰত্বৰ মাজত
জন্ম লয় অন্য এখন পৃথিৱী…

   
  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন