চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত বিশ্ব পৰিৱেশ দিৱস পালন
ৰাইজৰ খবৰ ডিজিটেল, ৫ জুন, কাজিৰঙাঃ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত বিশ্বপৰিৱেশ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে মহাবিদ্যালয়খনত কেচুসাৰ প্ৰস্তুতকৰণ সম্পৰ্কীয় এখন এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ যুৱ পৰ্যটন ক্লাব আৰু এন. এছ. এছ. গোটৰ যৌথ উদ্যোগত আয়োজন কৰা এই কৰ্মশালা পৰিচালনা কৰে বোকাখাত এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সদস্যসকলে।
মহাবিদ্যালয়ৰ যুৱ পৰ্যটন ক্লাবৰ সমন্বয়ক তথা অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা তৃষ্ণা বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেৱত মহন্তই আদৰণি ভাষণ প্ৰদান কৰে। বোকাখাত এগ্ৰ’ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সঞ্চালক প্ৰহ্লাদ বৈষ্ণৱ বৰুৱাই এই কৰ্মশালাত কেচুসাৰৰ উৎপাদন, কৃষি কাৰ্যত কেচুসাৰৰ ব্যৱহাৰৰ উপযোগিতা, ইত্যাদি দিশসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে।
কৰ্মশালাৰ শেষত মহাবিদ্যালয়ৰ এন. এছ. এছ. গোটৰ প্ৰগ্ৰেম অফিচাৰ তথা শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ময়ুৰী গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়।