সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ভিন্ন বিষয়ৰ ওপৰত আলোকপাতেৰে ড° জয়ন্ত দাসৰ নিয়মীয়া শিতান
ইণ্টাৰনেশ্যনেল কল গার্ল, বানপানী, ছেমিনাৰ, ইত্যাদি
— ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক,
ইংৰাজী বিভাগ, জে ডি এচ জি মহাবিদ্যালয়
আমি শিক্ষা খণ্ডত থকা মানুহবোৰে খুব ছেমিনাৰ আদি পাতি থাকোঁ৷ ইবোৰৰ বহুতৰে প্ৰচুৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা আছে৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জগতত ইবোৰৰ প্ৰয়োজনীয়তা আৰু অৱদান অসীম৷ কলা-সাহিত্য-সমাজ-বিজ্ঞান বিষয়ত আমাৰ ৰাজ্যত বিগত কিছুবছৰ ধৰি পতা বহুখিনি ছেমিনাৰ কিন্তু শেষ পর্যন্ত কেৱল নামত পতাৰ দৰে হয়গৈ৷ ছেমিনাৰবোৰ হ’ল এটা নির্দিষ্ট শৈক্ষিক পৰিৱেশত কোনো এটা বিষয়ৰ সুক্ষ্মাতিসুক্ষ্ম দিশবোৰ গৱেষক আদিৰ দ্বাৰা আলোচনা-পর্যালোচনা কৰাৰ এক উমৈহতীয়া মঞ্চ৷ ইবোৰত আলোচনা কৰিবলৈ যোৱাৰ আগতে প্ৰচুৰ সময় অধ্যয়ন, গৱেষণা ইত্যাদি কৰি বিষয়টিৰ ওপৰত ব্যুৎপত্তি আহৰণ কৰি লোৱাৰ প্ৰয়োজন৷ কিন্তু আজিকালি প্ৰায় ক্ষেত্ৰতে দেখা যায় ছেমিনাৰ এখনৰ বাবে মাত্ৰ এমাহ, এসপ্তাহ আনহে নালাগে কেতিয়াবা কিছুমান ‘গৱেষকে’ এদিন-দুদিনতে গৱেষণা পত্ৰ প্ৰস্তুত কৰি অন্য কিছুমান ‘ছিৰিয়াচ গৱেষকৰ’ ওচৰত পাঠো কৰি আহে৷ কোনো কোনো ক্ষেত্ৰত নোযোৱাকৈ, নিলিখাকৈও প্ৰমাণ-পত্ৰ বিতৰণ হৈ যায়, যদিও সেয়া সংখ্যাত কম৷ তাত পোৱা প্ৰমাণ-পত্ৰ ইত্যাদিৰে নিযুক্তি, পদোন্নতি, ইত্যাদিও হৈ যায়৷
এতিয়া ৰাজ্যখনৰ প্ৰলয়ংকৰী বানপানীৰ দিনত আৰু এটা দিশত হোৱা এনে ছেমিনাৰৰ কথা মনলৈ আহিছে৷ বানপানী আৰু খহনীয়া প্ৰতিৰোধক মূল লক্ষ্য হিচাপে লৈ প্ৰতিষ্ঠা হোৱা ব্ৰহ্মপুত্ৰ ব’র্ডখন ৪৫ বছৰীয়া হ’ল৷ সমস্যাবোৰ সমস্যাই হৈ থাকিল৷ কিন্তু এই বিষয়ক লৈয়ো বিগত চাৰি-পাঁচ দশক জুৰি এনে ছেমিনাৰ বা আলোচনা সত্ৰ চলি থাকিল৷ বিভিন্ন ঠাইত৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি, জীৱনত এবাৰো বানপানীৰ ভুক্তভোগী নোহোৱা গৱেষক বা বিশেষজ্ঞয়ো সমাধান-সূত্ৰ হয়তো আগবঢ়ালে৷ সেইবোৰ কৰি তেওঁলোকে নিজে যি পাব লাগে হয়তো সকলো আদায় কৰি ল’লে৷ ব’র্ডৰ বছেৰেকীয়া বাজেটো হয়তো বিগত ৪৫ বছৰত বহু বৃদ্ধি পালে৷ সমান্তৰালভাৱে বৃদ্ধি পালে ভুক্তভোগী ৰাইজৰ দুখ-যন্ত্ৰণা৷ মানুহৰ সামূহিক স্মৃতি ক্ষন্তেকীয়া৷ সেয়ে হয়তো পাঁচ কিলো চাউল, আধা-কিলো মচুৰ দাইল, অকণমান তেল-নিমখ, বছৰি ঘৰ ভঙা, খেতি-পশুধন-জীৱন হেৰুৱাৰ বাবদ চৰকাৰী কার্যালয়লৈ মাহ মাহ ধৰি তাঁত-বাতি কৰি পোৱা কেইহাজাৰমান টকাৰ ক্ষন্তেকীয়া ঝণ্ডু-বামত মানুহে এবছৰলৈ পাহৰি যায় বেদনাবোৰ৷ এবছৰৰ পিছত নৱীকৰণ হয় একেই যন্ত্ৰণা৷ চলি আছে৷ বানপানী বিষয়ক আলোচনাও৷ গৱেষক-বিশেষজ্ঞও গৈয়ে থাকে ‘গৱেষণা পত্ৰ’ পাঠ কৰিবলৈ৷
হোমেন বৰগোহাঞিদেৱৰ নে অন্য কাৰোবাৰ লেখাত ক’ৰবাত পঢ়িছিলোঁ, এবাৰ আইনষ্টাইনক হেনো কিবা এটা বিষয়ত বক্তৃতা দিবলৈ কোনোবাই আমন্ত্ৰণ জনাবলৈ আহিছিল৷ বিষয়টো আৰু হাতত থকা সময় জানিব পাৰি আইনষ্টাইনে হেনো বক্তৃতা দিবলৈ যাব নোৱাৰোঁ বুলি জনাই দিলে৷ কাৰণ সেই বিষয়ত পঢ়া-শুনা কৰি খৰচি মাৰি বিষয়টো বুজিবলৈ হেনো তেখেতক অন্তত; ছমাহ সময়ৰ দৰকাৰ হ’ব৷ আইনষ্টাইনৰ দৰে বৰেণ্য, তীক্ষ্ণধী ব্যক্তিক এখন সভাত দিব লগা এটা বিষয়ৰ বক্তৃতাৰ বাবে ছমাহ লাগে আৰু আমাৰ দৰে কিছুমানৰ সেয়া ছয়-ঘণ্টাতে হৈ যায়৷ খুব কম সময়ৰ জাননীত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত বক্তৃতা, ছেমিনাৰ পাঠ হৈ যায়৷ সেইবাবেই হেনো আজিও আমাৰ দৰে কিছুমান গৱেষক আৰু ইণ্টাৰনেশ্যনেল কল গার্লৰ মাজত সমানতা আছে৷ যেতিয়াই, য’তে নি আৰু, গৈ হাজিৰ৷ অসমান এটাই, কল গার্ল গৰাকীয়ে টকাৰ বিনিময়ত শৰীৰ বিক্ৰী কৰি আহে, আমাৰ দৰে কিছুমানে শৰীৰ, মন-আত্মা, বিবেক-সকলো বিক্ৰী কৰোঁ, কেৰিয়াৰৰ জখলাৰ মাত্ৰ এটা ঢাপ বগাবৰ বাবে৷ অথবা ‘বিশেষজ্ঞ-গৱেষক’ হোৱাৰ এটা মোহৰ লগাবৰ বাবে৷ কিছুমানৰ বাবে নিশ্চয় হয়৷ এনেবোৰ আলোচনা-চক্ৰৰ সুফল সাধাৰণ জনতাই বানপানীৰ সমস্যাটোৰ দৰে ৪৫ বছৰে নাপালে এনে গৱেষণাৰ স’তে জুৰি দিয়া ইণ্টাৰনেশ্যনেল কল-গার্লৰ ধাৰণাটো আৰু গভীৰলৈকে শিপোৱাত ক’ৰবাত সাৰ-পানী যোগোৱা হয়৷