সাম্প্ৰতিকঃ প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা
সম্বন্ধৰ ভৱিষ্যত
গামোচা আৰু কিছু মঞ্চৰ সন্মান যঁচাৰ পর্দাৰ আঁৰৰ কাহিনী
— ড° জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জে ডি এছ জি মহাবিদ্যালয়৷
দুই-তিনিজন সমাজৰ আগশাৰীৰ ব্যক্তিৰ বার্তালাপ৷ স্থান-এটি চৰকাৰী প্ৰতিস্থানৰ কেণ্টিন৷
সৰকাৰ (চৰকাৰ?)— আচ্চা বৰবৰা, আজিৰ মিটিংখনত মঞ্চত কোন কোন বহিব? গামোচা কেইখন লাগিব? আনি থৈছেনে? বাকী চাহ-তাহৰ যোগাৰ? পইচা-পাতি?
বৰবৰা— চাৰৰ স’তে তিনিজন হ’ব লাগে৷ সময়তহে গম পাম৷ আৰু কাৰোবাক হয়তো মঞ্চলৈ মাতিবলৈ মূৰামূৰি সময়ত চাৰে ক’বও পাৰে৷ বিশেষকৈ যদি ‘ঘাই’ জন সেই সময়তে মিটিঙলৈ আহি পায়৷ মঞ্চ-শুৱনি বুলি বা সন্মান-প্ৰদর্শনৰ কথা নাই৷ ‘সৌ’জনক মঞ্চলৈ নামাতিলে কঁদোৰ বাহত জুই লগোৱা হ’ব৷
(‘ঘাই’ বা ‘সৌ’ জন মানে তেওঁলোকৰ মাজৰে কোনোবা এজন, যাক হয়তো তেওঁলোকে কেৱল সহ্য কৰে৷ অথবা হ’ব পাৰে সিজনৰ এনে কিবা এটা আছে যাক সৰকাৰ আৰু বৰবৰাহঁতৰ দৰে মানুহে পৰোক্ষভাৱে স্বীকৃতি দিয়ে৷ কাৰোবাৰ প্ৰতি ঈর্ষা তেখেতৰ বিষয়ে জানো পৰোক্ষ স্বীকাৰোক্তি নহয়?)
সৰকাৰ— তেন্তে দুখন গামোচা বেচিকৈয়ে আনি থ’ব৷ চল্লিশ-পঞ্চাচ টকাতে পাব৷ জেলজেলীয়া হ’লেও কথা নাই৷ মুঠতে গামোচা হ’লেই হ’ল৷ পিন্ধাই দিব, খেল শেষ৷ নহ’লে মিটিঙৰ পিছৰখিনি ভাৱি লওক৷
বৰবৰা— হ’ব৷ মই নৰেনক কৈ অনাই থ’ম৷ ময়ে সকলো খৰছ কৰি পিছত গামোচা আৰু চাহ-তাহৰ বিল একেলগে উলিয়াই ল’ম৷
এনেকৈয়ো টিকি থাকে সম্বন্ধ; বর্তি থাকে সন্মান দিয়া বা যঁচাৰ ‘পৰম্পৰা’ৰ স’তে কিছু ক্ষেত্ৰৰ ‘খেল’; পর্দাৰ আঁৰৰ বহু পর্দা৷
সিদিনা এখন সভালৈ গ’লোঁ৷ অসমীয়াৰ পৰিচয়ৰ অভিন্ন অঙ্গ, অতিকে সন্মানীয়, কলিজাৰ এফালযেন গামোচা এখন আমাকো পৰিধান কৰালে৷ বহুদিনৰ আগতে ‘ঘাই’জন আৰু পিন্ধাব লগা গামোচাৰ বিষয়ে সৰকাৰ আৰু বৰবৰাই পতা কেণ্টিনৰ বার্তালাপখিনি জলছবিৰ দৰে মনৰ মাজেৰে পাৰ হৈ গ’ল৷ গামোচাৰ কিছু ক্ষেত্ৰৰ সামাজিক-সাংস্কৃতিক আৰু ব্যৱহাৰিক দিশৰ বিষয়ে নানানটা প্ৰশ্ন মনলৈ আহিল৷ বহু ঠাইত দেখিছোঁ মঞ্চত গামোচা পিন্ধি বহি থকা মানুহৰ সংখ্যা সন্মুখত বহি থকা দর্শক-শ্ৰোতাৰ সংখ্যাৰ সমান অথবা তাতকৈও বেচি৷
বর্তমান আৰু ভৱিষ্যতৰ বহু সম্বন্ধ এনেকৈয়ে বর্তি থাকিব— শ্ৰদ্ধাহীন, আৱেগ-অনুৰাগহীন, সন্মান-বর্জিত কিছু সন্মান আৰু মৰম পাবৰ বাবেওতো বহু মানুহে হামৰাও কাঢ়ি মৰে৷ সামাজিক ভাৱে প্ৰাসংগিক বা গুৰুত্বপূর্ণ হৈ থাকিবলৈ হেনো আজিকালি টিভি, বাতৰি-কাকত-সামাজিক মাধ্যম আদিত পাৰিলে গামোচা পিন্ধা ফটোৰে স’তে ওলাই থাকিব পাৰিলে ভাল!