সাম্প্ৰতিকঃ পঢ়ক প্ৰতি সোমবাৰে ড° জয়ন্ত দাসৰ নিয়মীয়া লেখা
আই-অ’ হোটেলৰ ল’বীত এদিন
— ড০ জয়ন্ত দাস, মুৰব্বী অধ্যাপক, ইংৰাজী বিভাগ, জেডিএচজি মহাবিদ্যালয়৷
চহৰখনৰ প্ৰাণকেন্দ্ৰতে থকা চিনাকি হোটেলখনত চৰকাৰী কামত মাজে মাজে আহি থাকোঁহি৷ মাত্ৰ কেইমাহমানৰ আগৰ পৰা আই-অ’-ৰ অধীনলৈ আহিছে৷ ছমাহমানৰ মূৰত সিদিনা আকৌ গ’লোঁ৷ শনিবাৰৰ আবেলি৷ দেওবাৰে হ’ব লগা এটা পৰীক্ষাৰ দায়িত্বৰ বাবে৷
ৰিচিপশ্যন ৰূমৰ সুদৃশ্য চোফা এখনত দেহাতো এৰি দিলোঁ৷ কোঠা পোৱালৈকে এচিৰ বতাহ অলপ লৈ দেহাতো অলপ শীতল কৰি লোৱাৰো লোভ এটা মনলৈ আহিল৷ কিন্তু চিনাকি মেনেজাৰজনে এক ৰাতিৰ বাবে মোক এইবাৰ ৰাখিব নোৱাৰাত খেদ প্ৰকাশ কৰিলে৷
“চেহঃ, বৰ বেয়া দিনত আহিল নহয়৷ আজি শনিবাৰে বহুত ভিৰ হয়৷ বজাৰ ভাল হয়৷ ৰাতিলৈ খালী হ’বও পাৰে৷ কিছুমানে আকৌ দুঘণ্টা বুলি কৈ ৰূম এৰিয়ে নিদিয়ে নহয়৷ টকা অৱশ্যে ঠিকেই আদায় দিয়ে৷ কিন্তু আপোনাক এনেকৈ ৰাখি নথওঁ৷ আজিলৈ বেলেগ এখন হোটেলেই বিচাৰি লওক৷ মোলৈ ইঙ্গিত কৰি ৰিণ্টু নামৰ ৱেইটাৰক ক’লে, চাৰলৈ একাপ চাহ লৈ আন চোন৷”
কথাখিনি কৈ থকাৰ মাজতে যুৱক এজন সোমাই আহিল৷ এঘণ্টাৰ বাবে কোঠা এটা লাগে৷ লগত এগৰাকী বোৱাৰী৷ মেনেজাৰৰ স’তে দৰদাম চলিল৷
“বাইছ শ টকা লাগিব”-মেনেজাৰজনে ক’লে৷
“কিয় যোৱা শনিবাৰে দেখোন দুহেজাৰ দিছিলোঁ”–যুৱকজনৰ উত্তৰ৷
“আজি বহুত ভিৰ৷ কাষ্টমাৰক ৰূম দিব পৰা নাই৷ লাগিলে লোৱা, নহ’লে মানুহ ঢেৰ আছে৷ এই মানুহজনক (মোলৈ আঙুলিয়াই) ৰূম এটাই দিব পৰা নাই, বহাই থৈছোঁ৷”— মেনেজাৰজনৰ নিৰুদ্দেগ, গা এৰাই চলা উত্তৰ৷
“লওক, এয়া বাইছ শ টকা৷ ওপৰৰ, আগৰ দৰে এচি ৰূম দিব আকৌ”৷ যুৱকজনৰ পৰা টকা লৈ ড্ৰয়াৰৰ পৰা চাবিপাত উলিয়াই দিলে মেনেজাৰজনে৷ বোৱাৰীজনীৰ স’তে ওপৰলৈ চিৰি বগাই উঠি গ’ল দুয়ো৷
আমি কথা পাতি থাকোঁতেই তিনিযোৰামান যুৱক-যুৱতী, প্ৰৌঢ়ৰ শাৰীত পৰা পুৰুষ আৰু বোৱাৰী কোঠাৰ চাবি চমজাই তাৰ পৰা ওলাই গ’ল৷ মেনেজাৰজনে মোৰ ফালে ঈষৎ হাঁহিৰে চাই ক’লে: “জানোৱেই, ইহঁতে পইচা দিবই৷ এই বোৱাৰীজনী চিনিয়েই পাওঁ৷ ভাল মক্কেলৰ লগতে আহে মাজে মাজে৷ এই চহৰৰে৷”
অংক কৰি চালোঁ৷ মই গোটেই ৰাতি থাকিলে তেওঁ মোৰ পৰা পাব পোন্ধৰশ টকা৷ আৰু বাৰ ঘণ্টাও যদি দুঘণ্টাকে ভগাই বাইছ শ টকাকৈ এনেদৰে পায়, মোক পোন্ধৰশ টকাত এদিনৰ বাবে কিয় দিব হোটেলৰ ৰূম?
বুজি গ’লোঁ৷ উঠি আহিলোঁ অন্য হোটেলৰ সন্ধানত, সন্ধ্যাৰ কাঁহি যেন হেঙুলীয়া বেলিটো গাড়ীৰ সন্মুখৰ গ্লাছত লৈ৷ আজিকালি আৰু একো মনত নেখেলায়৷ আদিম বাসনা, আদিম বৃত্তি৷ কিছুমানৰ বাবে বৃত্তিও নহয়, কেৱল শৰীৰ শৰীৰ খেল৷ আনন্দৰ নে বিষাদৰ হয়তো পিছতহে গম পায়৷ সকলোৱে সকলো জানে৷ আমাৰ সংস্কাৰৰ ধাৰণাই হয়তো এতিয়া নচলা সিকি এটাৰ দৰে৷ নল’ব লগা সান্ত্বনা এটাও ল’লোঁ মনে মনে: যি নহওক, হোটেলৰ মানুহবোৰ সব অসমীয়া৷ টকা আৰু যৌনতাইটো এতিয়া সকলো৷ ধৰণ, স্বীকৃতি, উৎস ইয়াত গৌণ, অপ্ৰাসঙ্গিক৷
“আই-অ’, তোক এৰিলোঁ৷ আজি আৰু সকলো দিনৰ বাবে”—অন্য কোনোবা এখন হোটেলৰ সন্ধানত গাড়ী চলাই গৈ থাকোঁতে নিজকে ক’লোঁ মনতে৷